নেশ্যনেল ডেস্ক, ২১ মাৰ্চ :ভাৰতত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰাৰ লগে লগে দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ 'কা'ৰ বিধি আৰু নিয়মাৱলীৰ স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত কৰা আবেদন সন্দৰ্ভত ১৯ মাৰ্চৰ দিনা ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে ৷
এইবোৰৰ মাজতে এইবাৰ ৰাজস্থানৰ বিজেপি চৰকাৰে CAA কপ্ৰত্যাহাৰ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজ্য চৰকাৰৰ হৈ অতিৰিক্ত অধিবক্তা শিৱমংগল শৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে । আবেদনখনত উল্লেখ কৰা হৈছে- ‘‘আবেদন দাখিল কৰাৰ পিচত পৰিস্থিতি সলনি হৈছে আৰু ৰাজ্য চৰকাৰে এতিয়া CAA ক প্ৰত্যাহ্বান জনাব নিবিচাৰে । গতিকে আবেদন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দিব লাগে’’ ।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ সংশোধনৰ বাবে ২০১৬ চনত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছিল । সংসদত গৃহীত হোৱাৰ পিচত ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে বিধেয়কখন অনুমোদন জনায় ।
ইয়াৰ পিচতে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰা হয় । এই সন্দৰ্ভত ২০২০ চনত তেতিয়াৰ গেহলট চৰকাৰে উচ্চতম ন্যায়ালয়ত CAA ক প্ৰত্যাহ্বান জনাইছিল । এইখিনিতে জনাও যে মাত্ৰ কেইদিনমানৰ আগতে কেন্দ্ৰৰ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধিসূচনা জাৰি কৰিছিল ।