অসম

assam

ETV Bharat / bharat

তিৰুপতি লাডু বিতৰ্ক; পুৰীৰ জগন্নাথ মন্দিৰত ব্যৱহৃত ঘিউ পৰীক্ষা কৰিব প্ৰশাসনে - Tirupati prasadam row - TIRUPATI PRASADAM ROW

Jagannath Temple: তিৰুপতি মন্দিৰৰ লাডুত ব্যৱহৃত ঘিউত জন্তুৰ চৰ্বিৰ উপস্থিতি ধৰা পৰাৰ পিচতে দেশৰ কেবাটাও মন্দিৰৰ প্ৰসাদত ব্যৱহৃত ঘিউ পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ ওড়িশাৰ বিখ্যাত জগন্নাথ মন্দিৰৰ প্ৰসাদত ব্যৱহৃত ঘিউ পৰীক্ষণৰ বাবেও সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে ৷

Jagannath Temple
পুৰীৰ জগন্নাথ মন্দিৰত ব্যৱহৃত ঘিউ পৰীক্ষা কৰিব প্ৰশাসনে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 9:47 AM IST

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ:অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদৰ লাডু প্ৰস্তুত কৰোতে ব্যৱহৃত ঘিউত জন্তুৰ চৰ্বি মিশ্ৰিত থকা বুলি অভিযোগ উত্থাপন হোৱাৰ পিচতে ওড়িশাৰ পুৰী জিলাৰ কৰ্তৃপক্ষই জগন্নাথ মন্দিৰত ব্যৱহৃত ঘিউৰ গুণগত মান পৰীক্ষা কৰাৰ সিদ্ধান্ত লয় ।

পুৰীৰ জিলা আয়ুক্ত সিদ্ধাৰ্থ শংকৰ ছোৱেইনে কয় যে যদিও মন্দিৰত ব্যৱহৃত ঘিউৰ মিশ্ৰণৰ সন্দৰ্ভত কোনো অভিযোগ উত্থাপন হোৱা নাই, তথাপিও প্ৰশাসনে যিকোনো সন্দেহ দূৰ কৰিবলৈ গুণগত মান পৰীক্ষা কৰিব বিচাৰিছে । পুৰীত সাংবাদিকৰ আগত ছোৱেইনে কয়, “মন্দিৰত ব্যৱহৃত ঘিউৰ এটা মান নিৰ্ধাৰণ কৰিবলৈ আমি ৰাজ্যখনৰ এপেক্স মিল্ক ফেডাৰেচন অমফেডৰ সৈতেও আলোচনা কৰিম ।”

উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা লাডুত ব্যৱহৃত ঘিউত জন্তুৰ চৰ্বিৰ লগতে আন তেলজাতীয় পদাৰ্থৰ মিশ্ৰিত হৈ থকা বুলি অভিযোগ উঠিছিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই সন্দৰ্ভত পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ তোলে ৷

তেলুগু দেশম পাৰ্টীৰ মুখপাত্ৰ অনাম ভেংকট ৰমন ৰেড্ডীয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত এনডিডিবি চিএএলএফ লেবৰ পৰা পোৱা তথ্য প্ৰকাশ কৰি দাবী কৰে যে ৱাইএছআৰচিপি চৰকাৰৰ শাসনকালত যোগান ধৰা ঘিউত বিভিন্ন সন্দেহজনক উপাদান আছিল ।

ৰেড্ডীয়ে অভিযোগ কৰা মতে পৰম্পৰাগত গৰুৰ ঘিউৰ পৰিৱৰ্তে লাডুত ব্যৱহাৰ কৰা ঘিউত মিশ্ৰিত আছিল চয়াবিন তেল, কাউপিয়া তেল(cowpea oil), জলফাই তেল (olive oil), ঘেঁহুৰ দ্বাৰা প্ৰস্তুত কৰা তেল (wheat bran oil), গোমধান তেল, কপাহবীজ তেল, মাছৰ তেল, গো-চৰ্বি, পাম তেল আৰু গাহৰিৰ চৰ্বি আদি ।

লগতে পঢ়ক:তিৰুপতি লাডুত জন্তুৰ চৰ্বি ! পৰীক্ষাগাৰৰ প্ৰতিবেদন প্ৰকাশেৰে টিডিপিৰ চাঞ্চল্যকৰ দাবী - Tirupati Laddu Controversy

তিৰুপতি লাডু বিতৰ্ক; তিৰুমালাত পবিত্ৰতা অনাৰ প্ৰতিশ্ৰুতি চন্দ্ৰবাবুৰ - Tirupati Laddu Row

ABOUT THE AUTHOR

...view details