অসম

assam

ETV Bharat / bharat

মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান ! অৰুণাচলী শিল্পীৰ বিৰুদ্ধে গোচৰ ৰুজু - FIR AGAINST KON WAII SON

অৰুণাচলত এগৰাকী শিল্পীয়ে মঞ্চত অনুষ্ঠান পৰিবেশনৰ সময়ত অতিক্ৰম কৰে জঘন্য আচৰণৰ সকলো সীমা । এই ৰক্তপিপাসু শিল্পীগৰাকীৰ বিৰুদ্ধে পেটা ইণ্ডিয়াৰ গোচৰ ৰুজু ।

KON WAII SON CONTROVERSY
মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান শিল্পীৰ (Photo from PETA India Video)

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 7:03 PM IST

গুৱাহাটী :মঞ্চত অনুষ্ঠান পৰিবেশনৰ সময়ত বিভিন্ন শিল্পীয়ে বিভিন্ন সময়ত আচহুৱা আচৰণ কৰা পৰিলক্ষিত হয় । এই আচৰণে কেতিয়াবা সীমা অতিক্ৰম কৰে আৰু তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হয় । আনহাতে, বহু সময়ত এনে বহু শিল্পীৰ অভব্য আচৰণে মানৱীয়তা আৰু লজ্জাৰ পৰিধিও অতিক্ৰম কৰে । কিন্তু তাতোকৈ এক জঘন্য আচৰণ কৰি অৰুণাচলৰ এগৰাকী শিল্পীয়ে মঞ্চত যি কাণ্ড ঘটালে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অৰুণাচলৰ এইগৰাকী শিল্পীয়ে মঞ্চতে সংঘটিত কৰে এক নাৰকীয় কাণ্ড । নিজৰ অনুষ্ঠান পৰিবেশনৰ মাজতে অৰুণাচল প্ৰদেশৰ ক'ন ৱাই ছন নামৰ এজন কণ্ঠশিল্পীয়ে মঞ্চতে এটা কুকুৰাৰ ডিঙি কাটি সকলোৰে সন্মুখতে ৰক্তপান কৰা ঘটনাই সকলোকে অবাক কৰি তোলে । কেৱল সেয়াই নহয় অনুষ্ঠান উপভোগ কৰি থকা দৰ্শকৰ মাজতো তীব্ৰ আলোড়নৰ সৃষ্টি কৰে ।

ইতিমধ্যে এই ৰক্তপিপাসু শিল্পীগৰাকীৰ উক্ত শিহৰণকাৰী দৃশ্যৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত শিল্পীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নেটিজেনসকল । আনহাতে, কুকুৰাৰ ডিঙি কাটি ৰক্তপান কৰা শিল্পীগৰাকীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ।

২৭ অক্টোবৰত ইটানগৰত অনুষ্ঠিত 'ৰিপ্লে ইণ্ডিয়া ট্যুৰ' শীৰ্ষক এক অনুষ্ঠানৰ সময়ত ক'ন ৱায়ে সকলোৰে সন্মুখত মঞ্চত মুকলিভাৱে এটা কুকুৰাৰ ডিঙি কাটি ৰক্তপান কৰাৰ ঘটনাটো সংঘটিত হয় । আনহাতে, তেওঁৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হয় ।

আনহাতে, 'পিপ'ল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব এনিমেলছ ইণ্ডিয়া' চমুকৈ পেটাই (People for the Ethical Treatment of Animals India, PETA) এই সন্দৰ্ভত অৰুণাচল প্ৰদেশ আৰক্ষীলৈ এক ইমেইল অভিযোগ প্ৰেৰণ কৰে আৰু ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা বুলি মঙলবাৰে পেটাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে । এজাহাৰখন ভাৰতীয় ন্যায় সংহিতা (বি এন এছ), ২০২৩ ৰ ধাৰা ৩২৫ আৰু পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (পি চি এ) আইন, ১৯৬০ ৰ ধাৰা ১১ ৰ অধীনত পঞ্জীয়ন কৰা হয় বুলি পেটাৰ বিবৃতিটোত উল্লেখ কৰা হৈছে ।

"আমি ২৮ অক্টোবৰত এই সন্দৰ্ভত ইটানগৰৰ আৰক্ষী অধীক্ষকলৈ এটা ই-মেইল প্ৰেৰণ কৰো আৰু আৰক্ষীয়ে আমাক এজাহাৰ দাখিল কৰিবলৈ মাতে । সেই অনুসৰি পেটাৰ এগৰাকী প্ৰতিনিধি ইটানগৰলৈ যায় আৰু সোমবাৰে (৪ নৱেম্বৰ) এজাহাৰ দাখিল কৰা হয় ।" পেটাৰ এগৰাকী সদস্যই মঙলবাৰে ই টিভি ভাৰতৰ আগত কয় ।

"যদি আপুনি এনে এগৰাকী শিল্পী, যিয়ে জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শনৰ দৰে হতচকিত কৌশলৰ আশ্ৰয় লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেন্তে আপুনি বেলেগ কামৰ কথা বিবেচনা কৰাৰ সময় আহি পৰিছে ।" পেটা ইণ্ডিয়া ক্ৰুৱেলিটী ৰেছপন্স কো-অৰ্ডিনেটৰ সিঞ্চনা সুব্ৰমণিয়মে কয় ।

আনহাতে, ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ বাবে ইটানগৰৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙৰ নেতৃত্বত অৰুণাচল আৰক্ষীৰ দলটোৱে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰি পেটাৰ সদস্যসকলে কয় যে এজাহাৰ দাখিলৰ জৰিয়তে জন্তুৰ প্ৰতি কোনো ধৰণৰ নিষ্ঠুৰতা সহ্য কৰা নহ'ব বুলি বাৰ্তা প্ৰেৰণ কৰা হৈছে ।

পেটা ইণ্ডিয়াই পৰামৰ্শ দিয়ে যে পশু উৎপীড়ন কৰা অপৰাধীসকলে নিজৰ মানসিক অৱস্থাৰ মূল্যায়ন কৰি আৰু উচিত পৰামৰ্শ গ্ৰহণ কৰিব লাগে । কিয়নো জন্তুৰ ওপৰত এনে ধৰণৰ উৎপীড়নে এক গভীৰ মানসিক বিকাৰক সূচায় ।

গৱেষণাই দেখুৱাইছে যে যিসকলে জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰে তেওঁলোক প্ৰায়ে ইয়াৰ পুনৰাবৃত্তি কৰা অপৰাধী হিচাপে পৰিগণিত হয় । তেওঁলোকে মানুহকে ধৰি বিভিন্ন জন্তুক আঘাত কৰিবলৈ আগবাঢ়ে । 'ফৰেনচিক ৰিছাৰ্চ এণ্ড ক্ৰিমিনোলজী ইণ্টাৰনেচনেল জাৰ্নেল'ত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে, "যিসকলে জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰে তেওঁলোকে হত্যা, ধৰ্ষণ, ডকাইতি, আক্ৰমণ, উৎপীড়ন, ভাবুকি আৰু ড্ৰাগছ/নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰকে ধৰি অন্যান্য অপৰাধ কৰাৰ সম্ভাৱনা তিনিগুণ বেছি ।"

উল্লেখ্য যে পেটা ইণ্ডিয়াই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে । এই প্ৰস্তাৱত পি চি এ আইনৰ সংশোধনৰ বাবে অনুৰোধ কৰা হৈছে আৰু পশুৰ প্ৰতি নিষ্ঠুৰতাৰ বাবে জৰিমনা অধিক বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক :কুকুৰৰ পূজা কৰা শুনিছেনে ? 'কুকুৰ তিহাৰ' ক'ত কেতিয়া পালন কৰা হয় ?
লগতে পঢ়ক :দেশৰ বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড৹ গকুল চন্দ্ৰ গোস্বামীৰ দেহাৱসান

ABOUT THE AUTHOR

...view details