অসম

assam

নালন্দাই ভাৰতৰ সম্ভাৱনাক বিশ্বৰ আগত দাঙি ধৰিব : প্ৰধানমন্ত্ৰী - NALANDA UNIVERSITY INAUGURATION

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 7:48 PM IST

PM Modi inaugurates Nalanda University: "নালন্দা এটা পৰিচয়, এটা সন্মান । নালন্দা এটা মূল্যবোধ, এটা মন্ত্ৰ, এটা গৌৰৱ, এটা কাহিনী । নালন্দা হৈছে এটা সত্যৰ ঘোষণা, কিতাপবোৰ জুইৰ শিখাত জ্বলিব যাব পাৰে, কিন্তু জুইৰ শিখাই জ্ঞান মচি পেলাব নোৱাৰে ।" এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বিহাৰৰ ৰাজগীৰত প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰি নালন্দাৰ গৌৰৱোজ্জ্বল ইতিহাস স্মৰণ কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ।

PM Modi inaugurates Nalanda University
নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১৯ জুন :৮২১ বছৰৰ পাচত ৰাজগীৰৰ প্ৰাচীন বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষৰ সমীপত নলন্দা বিশ্ববিদ্যালয়ৰ বাবে নতুন ভৱন নিৰ্মাণ কৰা হৈছে । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন ভৱন আৰু চৌহদ উদ্বোধন কৰে । উদ্ধোধনী অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ লগতে ১৭খন অংশীদাৰ দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে ।

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

নালন্দাৰ প্ৰাচীন ধ্বংসাৱশেষৰ কাষত নিৰ্মাণ কৰা এই নতুন কেম্পাছটোৱে ভাৰতৰ সম্ভাৱনীয়তাক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷ নালন্দাৰ নতুন ভৱনটো উদ্ধোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয় কাৰ্যকালৰ শপত গ্ৰহণৰ প্ৰথম ১০ দিনত নালন্দা ভ্ৰমণৰ সুযোগ লাভ কৰাটো তেওঁৰ বাবে কেৱল সৌভাগ্যৰ কথাই নহয় ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক শুভ লক্ষণ হিচাপেও দেখাৰ কথা ব্যক্ত কৰে ।

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

লগতে পঢ়ক:দেশৰ সংবিধান আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে - Narendra Modi Sworn ceremony

উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ উচ্চ শিক্ষা ব্যৱস্থাক অধিক উন্নত আৰু গৱেষণামুখী কৰাৰ দিশত তেওঁৰ চৰকাৰৰ ‘প্ৰতিজ্ঞা’ৰ বিষয়ে কয় । ইয়াত নতুন নালন্দা বিশ্ববিদ্যালয় চৌহদ উদ্বোধন কৰাৰ সময়ত মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক সদায় কৌতুহলী আৰু সাহসী হৈ থাকিবলৈ আহ্বান জনায় ।

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি সকলোৱে জানো যে নালন্দা এসময়ত ভাৰতৰ পৰম্পৰা আৰু পৰিচয়ৰ এক সজীৱ কেন্দ্ৰ আছিল । শিক্ষাৰ ক্ষেত্ৰত এয়াই আছিল ভাৰতৰ চিন্তাধাৰা । শিক্ষাই আমাক গঢ় দিয়ে, ধাৰণা দিয়ে আৰু আকাৰ দিয়ে । প্ৰাচীন নালন্দাত পৰিচয় অথবা জাতিৰ ভিত্তিত ভৰ্তি কৰা হোৱা নাছিল । ইয়াত প্ৰতিখন দেশ আৰু প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী আছিল । নালন্দা বিশ্ববিদ্যালয়ৰ এই নতুন চৌহদত আমি সেই একেটা প্ৰাচীন ব্যৱস্থাকে পুনৰ আধুনিক ৰূপত শক্তিশালী কৰিব লাগিব আৰু মই এইটো দেখি আনন্দিত হৈছো যে আজি বিশ্বৰ বহু দেশৰ পৰা বহু ছাত্ৰ-ছাত্ৰী ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে ।'

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

তেওঁ লগতে কয়, নালন্দা ভাৰতৰ শৈক্ষিক ঐতিহ্য আৰু সজীৱ সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰতীক । ই কেৱল ভাৰতৰ অতীতৰ নৱজাগৰণ নহয়, বহু দেশৰ ঐতিহ্য এই স্থানৰ সৈতে জড়িত বুলিও তেওঁ কয় । প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ চৰকাৰে দেশৰ উচ্চ শিক্ষা ব্যৱস্থাক অধিক উন্নত আৰু গৱেষণামুখী কৰি তোলাৰ দিশত কাম কৰি আছে । আমাৰ যুৱক-যুৱতীসকলে ভৱিষ্যতে সমগ্ৰ বিশ্বক নেতৃত্ব প্ৰদান কৰিব বুলি মোৰ বিশ্বাস ।

লগতে পঢ়ক:মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো দিন; বিশেষ আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ - PM Narendra Modi

প্ৰধানমন্ত্ৰীয়ে ভাৰতক জ্ঞান আৰু শিক্ষাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো বিচাৰে বুলি কয় । যোৱা ১০ বছৰত দেশত গড়ে প্ৰতি সপ্তাহত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে বুলিও মোদীয়ে লগতে কয় । নতুন ভৱন উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ওচৰতে অৱস্থিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 'নালন্দা মহাবিহাৰ’ পৰিদৰ্শন কৰে ।

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

নালন্দা বিশ্ববিদ্যালয় আইন ২০১০ৰ অধীনত ২০১৪ চনৰ পৰা এই শিক্ষানুষ্ঠানখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । পঞ্চম শতিকাৰ পৰাই প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ে সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰি আহিছে । বিশেষজ্ঞসকলৰ মতে, দ্বাদশ শতিকাত আক্ৰমণকাৰীয়ে ইয়াক ধ্বংস কৰাৰ পূৰ্বে ৮০০ বছৰ ধৰি এই বিশ্ববিদ্য়ালয়খন জ্ঞানৰ কেন্দ্ৰস্থল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন মুকলি প্ৰধানমন্ত্ৰীৰ (ETV BHARAT ASSAM)

প্ৰাচীন নালন্দাৰ ধ্বংসাৱশেষত এটা মঠ আৰু বিদ্বান প্ৰতিষ্ঠানৰ প্ৰত্নতাত্ত্বিক অৱশিষ্ট আছে । ইয়াত স্তুপ, মন্দিৰ, বিহাৰ (আৱাসিক আৰু শিক্ষামূলক ভৱন) আৰু প্লাষ্টাৰ, শিল আৰু ধাতুৰ গুৰুত্বপূৰ্ণ শিল্পকৰ্ম অন্তৰ্ভুক্ত কৰা হৈছে ।

ভাৰতীয় উপমহাদেশৰ আটাইতকৈ প্ৰাচীন বিশ্ববিদ্যালয় হিচাপে জনাজাত নালন্দা । বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

লগতে পঢ়ক:ইটালীত জি-৭ শীৰ্ষ সন্মিলনত মোদীৰ অংশগ্ৰহণ কিয় গ্ল’বেল ছাউথৰ বাবে গুৰুত্বপূৰ্ণ ? - G7 Summit

ABOUT THE AUTHOR

...view details