নেশ্যনেল ডেস্ক, 14 জুলাই:পেনচিলভেনিয়াৰ বাটলাৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সম্বোধন কৰা এক জনসভাত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ এই কাণ্ডৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দি কয়, “ৰাজনীতিত হিংসাৰ কোনো স্থান নাই ।’’
প্ৰধানমন্ত্ৰী মোদীয়ে X যোগে উদ্বেগ প্ৰকাশ কৰি কয়, "মোৰ বন্ধু, প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ বাবে মই গভীৰভাৱে চিন্তিত । এই কাণ্ডক মই তীব্ৰভাৱে গৰিহণা দিছো । ৰাজনীতি আৰু গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই । তেওঁৰ আশু আৰোগ্য কামনা কৰিছো ।"
ইয়াৰ লগতে পেনচিলভেনিয়াৰ সমাৱেশৰ সময়ত প্ৰাণ হেৰুওৱা নাগৰিকজনৰ বাবেও প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে । মোদীয়ে লগতে কয়, "নিহত, আহতসকল আৰু আমেৰিকাৰ জনসাধাৰণৰ বাবে আমি প্ৰাৰ্থনা কৰিছো ।"
2024 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কেইবামাহো পূৰ্বে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাই শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ট্ৰাম্পৰ সমাৱেশত ব্যাঘাত জন্মাইছিল । ঘটনা সংঘটিত হোৱাৰ পাচতে আমেৰিকাৰ চোৰাংচোৱা এজেণ্টে ট্ৰাম্পক মঞ্চৰ পৰা আঁতৰাই আনি সুৰক্ষিত স্থানলৈ লৈ যায় ।
আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি X যোগে কয়, " আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ মই গভীৰভাৱে চিন্তিত । এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়া উচিত । ট্ৰাম্পৰ দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছো ।”