অসম

assam

ETV Bharat / bharat

পুনৰ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব পেমা খাণ্ডু; বৃহস্পতিবাৰে শপত গ্ৰহণ - Pema Khandu

Arunachal Pradesh CM: একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব পেমা খাণ্ডু ৷ বুধবাৰে এখন বৈঠকত খাণ্ডুক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।

Arunachal Pradesh CM
তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হ’ব পেমা খাণ্ডু (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 8:30 PM IST

তেজপুৰ, 12 জুন : অৰুণাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে পেমা খাণ্ডু ৷ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে পেমা খাণ্ডুৰ নাম ঘোষণা কৰা হয় ৷ বিজেপিৰ বিধায়নী দলৰ বৈঠকত আজি সন্ধিয়া খাণ্ডুৰ নাম ঘোষণা কৰা কৰা হয় ৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধায়নী দলৰ নেতা হিচাবে মনোনীত কৰা হয় পেমা খাণ্ডুক ৷

বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব পেমা খাণ্ডুৱে (ETV BHARAT ASSAM)

আজি বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চাঙৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয় ৷ বিধায়নী দলৰ সদস্যই খাণ্ডুক সৰ্বসন্মতিক্ৰমে দলৰ নেতা হিচাবে মনোনীত কৰে ৷ ইটানগৰৰ দৰ্জী খাণ্ডু কনভেঞ্চন হলত অনুষ্ঠিত এই বিধায়নী দলৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰুণাচল প্ৰদেশৰ পূব লোকসভা সমষ্টিৰ সাংসদ তাপীৰ গাৱ, নিৰ্বাচনী পৰ্যবেক্ষক তথা অসমৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকে ৷ এই বৈঠকৰ পিচতে খাণ্ডুৱে ৰাজ্যপাল কে টি পাৰ্ণাইক ৰাজভৱনত সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবীৰে পত্ৰ প্ৰদান কৰে আৰু ৰাজ্যপালে নতুন চৰকাৰ গঠনৰ অনুমতি প্ৰদান কৰে ৷

অৰুণাচনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পেমা খাণ্ডু (ETV BHARAT ASSAM)

লগতে পঢ়ক :আকৌ অন্ধ্ৰ প্ৰদেশৰ ভাৰ নিজ কান্ধত তুলি ল’লে চন্দ্ৰবাবু নাইডুৱে - Chandrababu Swearing in Ceremony

বৃহস্পতিবাৰে পেমা খাণ্ডুৱে দৰ্জী খাণ্ডু কনভেঞ্চন হলত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব ৷ ৰাজ্যপালক সাক্ষাৎ কৰি সংবাদ মাধ্যমক তেওঁ কয় যে ৰাজ্যৰ উন্নয়ন সাধনৰ বাবে তৃতীয়বাৰৰ বাবে তেওঁৰ নেতৃত্বত চৰকাৰ গঠন হ’ব ৷ সকলো শীৰ্ষ দলীয় নেতাৰ নেতৃত্বত ৰাজ্যৰ উন্নয়নৰ কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে ৷

তেওঁ কয় যে, বৃহস্পতিবাৰে দিনৰ 11 বজাত তেওঁ শপত গ্ৰহণ কৰিব ৷ উল্লেখযোগ্য যে, বৰ্তমানলৈকে দেখা ৰাজনৈতিক প্ৰেক্ষাপটত আগন্তুক মন্ত্ৰীসভাত খাণ্ডু চৰকাৰৰ পুৰণা তথা জেষ্ঠ সতীৰ্থ সকল অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত যদিও এই ক্ষেত্ৰত ৰাজনৈতিক মহলে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে ৷ ৰাজ্যখনত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিধানসভা আৰু লোকসভা দুয়োটাতে এক অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :অৰুণাচলৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসহ ১০ গৰাকী বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ - Arunachal Assembly Polls

ABOUT THE AUTHOR

...view details