নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল :জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা । শ্ৰীনগৰৰ গুণ্ডবল বাটৱাৰা অঞ্চলৰ ঝিলাম নদীত যাত্ৰীবাহী এখন নাও দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটোত বহু যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । স্থানীয় লোকসকলৰ মতে, এই দুৰ্ঘটনাত ৩ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে ।
এছডিআৰএফ আৰু আৰক্ষী বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এই দুৰ্ঘটনাটোক লৈ অঞ্চলটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । স্থানীয় লোকসকলৰ মতে গুণ্ডবলক শ্ৰীনগৰৰ সৈতে সংযোগ কৰিবলৈ এখন দলং যোৱা এক দশক ধৰি নিৰ্মাণাধীন হৈ আছে । যাৰ বাবে স্থানীয় লোকসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰে এই দলংখন সঠিক সময়ত নিৰ্মাণ কৰা হ'লে আজি এনে দুৰ্ঘটনা নহ'লহেঁতেন ।