অসম

assam

ETV Bharat / bharat

জিৰিবামত আৰক্ষীৰ গুলীত নিহত মেইটেই প্ৰতিবাদকাৰী: বিধায়কৰ ঘৰত জুই - MANIPUR VIOLENCE

ৰাজপথত প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় । তাতেই এজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন ।

Meitei protester killed in Jiribam
জিৰিবামত আৰক্ষীৰ গুলীত নিহত ১ মেইটেই প্ৰতিবাদকাৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 3:35 PM IST

শিলচৰ: হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি শান্ত হোৱাৰ যেন নামেই লোৱা নাই । শেহতীয়াভাৱে উত্তপ্ত পৰিস্থিতিত ২০ জনৰো অধিক লোকৰ মৃত্যু হৈছে । আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে জিৰিবাম জিলা । বৰ্তমান অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ জিৰিবামৰ পৰিস্থিতি ।

দেওবাৰে নিশা জিৰিবামত আৰক্ষীৰ গুলীত মৃত্যু হয় এজন মেইটেই প্ৰতিবাদকাৰী যুৱকৰ । লগতে গুলীবিদ্ধ হৈ আহত হয় আন দুজন । ৰাজপথত প্ৰতিবাদকাৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় । আৰক্ষীৰ গুলীচালনাত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় দুজন । এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে জিৰিবামত ৷

জিৰিবামত আৰক্ষীৰ গুলীত নিহত ১ মেইটেই প্ৰতিবাদকাৰী (ETV Bharat Assam)

উল্লেখ্য যে যোৱা সোমবাৰে মণিপুৰৰ জাকুৰাডহৰৰ পৰা অপহৰণ হোৱা ৬ মেইটেই শিশু আৰু মহিলাৰ মাজত ৫ জনৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃতদেহকেইটা উদ্ধাৰৰ পাছত অগ্নিকুণ্ডত পৰিণত হৈছে চুবুৰীয়া মণিপুৰ ৰাজ্য । দেওবাৰে নিশা মণিপুৰৰ জিৰিবাম জিলাত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয় ।

সন্ধিয়াৰ পাছত সান্ধ্যআইন ভংগ কৰি হাজাৰ হাজাৰ মেইটেই পুৰুষ-মহিলাসহ যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । উত্তেজিত একাংশ প্ৰতিবাদকাৰী মহিলাই ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে জিৰিবামৰ বিধায়ক আচাব উদ্দিনৰ ফটো ৰাজপথত পেলাই ভৰিৰে গচকে ।

ইয়াৰ পাছত উত্তেজিত মেইটেই লোকে বিজেপি, কংগ্ৰেছ আৰু জে ডি ইউৰ জিৰিবাম জিলা কাৰ্যালয়ত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে ৷ লগতে বিধায়ক আচাব উদ্দিনৰ বাসগৃহতো প্ৰতিবাদকাৰীসকলে আক্ৰমণ চলাই অগ্নিসংযোগ কৰি জ্বলাই দিয়ে । লগতে জ্বলাই দিয়া হয় এটা মোবাইল টাৱাৰো ।

আনহাতে, জিৰিবামৰ কেইবাটাও অঞ্চলত গুলীয়াগুলীৰ ঘটনাও সংঘটিত হয় । কেইবা ঘণ্টাধৰি চলে কুকি আৰু মেইটেইৰ মাজত গুলীবৰ্ষণ । তেনে পৰিস্থিতিত আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰাত এজন মেইটেই প্ৰতিবাদকাৰীৰ মৃত্যু হয় ৷

লগতে পঢ়ক :বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ
লগতে পঢ়ক :মণিপুৰ শান্ত কৰাৰ উপায় বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে

ABOUT THE AUTHOR

...view details