লক্ষ্ণৌ: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ এখন বিশেষ আদালতে লক্ষ্ণৌত মঙলবাৰে হিজবুল মুজাহিদীনৰ এজন সদস্যক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ এই সদস্যজন হৈছে কামৰুজ জামান ৷ ভাৰতৰ কেবাটাও বিশেষ স্থান আৰু হিন্দু মন্দিৰত কূটাঘাত সংঘটিত কৰাৰ বাবে মৌলবাদী সংগঠনটোৱে ৰচনা কৰা পৰিকল্পনাৰ অন্যতম অংশীদাৰ আছিল কামৰুজ ৷ কামৰুজৰ ঘৰ অসমৰ হোজাই জিলাত ৷
2018 চনত NIA ই পুনঃ ৰুজু কৰা এটা গোচৰত অভিযুক্ত কৰা হৈছে কামৰুজক ৷ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আৰু সাম্ভাৱ্য আক্ৰমণৰ পৰিকল্পনাত জড়িত থকাৰ অভিযোগ উঠিছিল কামৰুজৰ বিৰুদ্ধে ৷ আদালতে বিভিন্ন অভিযোগত ভাৰতীয় দণ্ডবিধি আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত কামৰুজক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷
NIA ৰ বিভাগীয় বিবৃতি অনুসৰি, ‘‘ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA) ৰ লক্ষ্ণৌৰ বিশেষ আদালতে মঙলবাৰে হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদৰ গোচৰত এজন সদস্যক বিভিন্ন অভিযোগৰ ভিত্তত কঠোৰ আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷’’
‘‘অসমৰ হোজাই জিলাৰ বাসিন্দা কামৰুজ জামানক উত্তৰপ্ৰদেশ আৰু ভাৰতৰ আন প্ৰান্তত সন্ত্ৰাবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত অভিযুক্ত কৰি কাৰাদণ্ড দিয়া হয় ৷’’ বিবৃতিটোত লগতে কোৱা হৈছে ৷
‘‘2018 চনৰ ছেপ্টেম্বৰ মাহত গোচৰটোৰ তদন্তৰ দায়িত্ব ATS ৰ পৰা চমজি লোৱাৰ পাছত NIA ই RC-02/2018/NIA-LKW নম্বৰত পুনৰ গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ অভিযোগনামাত পাঁচজন লোকক অভিযুক্ত কৰা হৈছিল ৷ ইয়াৰে ওছামা বিন জাভেদ নামৰ অভিযুক্তটো পলাতক হৈ আছিল ৷ 2019 চনৰ ছেপ্টেম্বৰ মাহত এক এনকাউন্টাৰত মৃত্যু হয় জাভেদৰ ৷’’ বিবৃতিত প্ৰকাশ ৷
‘‘ NIA ৰ তদন্তত স্পষ্ট হয় যে অভিযুক্ত কামৰুজ জামানে আন সহযোগী অভিযুক্তৰ সৈতে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু বিভিন্ন হিন্দু মন্দিৰক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল । তেওঁ ধন সংগ্ৰহৰ কামতো জড়িত আছিল, এই ধনৰাশি মুজাহিদীনৰ সদস্যসকলে সন্ত্ৰাসবাদৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব বুলিও তেওঁ জানিছিল ।’’ বিবৃতিত কোৱা হৈছে ।