নিউজ ডেস্ক, 21 জুন :NEET-UG 2024ত অৱতীৰ্ণ হোৱা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থী পুনৰ বহিব লাগিব পৰীক্ষাত ৷ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই পৰিচালনা কৰা উক্ত পৰীক্ষাত অৱতীৰ্ণ চিকিৎসা বিজ্ঞানৰ নিৰ্দিষ্টসংখ্যক পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত মানি লোৱা নাই উচ্চতম ন্যায়ালয়ে ৷ ৬ জুলাইৰ পৰা পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে ন্যায়ালয়ে ৷
ন্যায়াধীশ বিক্ৰম নাথ আৰু এছ ভি এন ভাট্টিক লৈ গঠিত বিচাৰপীঠে কয় যে আবেদনকাৰীসকলে বিষয়টোৰ চূড়ান্ত ফলাফলৰ বাবে অপেক্ষা কৰা উচিত ৷ যদি তেওঁলোক গোচৰটোত জয়ী হয়, তেন্তে গোটেই পৰীক্ষাটো বাতিল কৰা হ’ব । এজন আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা এজন পৰামৰ্শদাতাই আদালতক পুনৰ পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাই আৰু লগতে কয় যে এন টি এই আদালতৰ তথ্য প্ৰকাশ কৰা নাই ৷
পৰামৰ্শদাতাগৰাকীয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰে যে ১,৫৬৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭৫৩ গৰাকী প্ৰাৰ্থী অনুত্তীৰ্ণ হৈছে ৷ পৰামৰ্শদাতাই হেঁচা প্ৰয়োগ কৰিছিল যে প্ৰাৰ্থীসকলে যাতে পুনৰবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ চাপৰ সন্মুখীন হ’ব নালাগে ।
ইয়াৰ বিপৰীতে বিচাৰপীঠে কয়, ‘‘এতিয়া একো নহ'ব। সকলোবোৰ আঁতৰাই ৰাখিব পাৰি । যেতিয়া ৫ মে’ৰ মুখ্য পৰীক্ষাটো আঁতৰাই ৰখাৰ সম্ভাৱনা হ’ল, তেতিয়া ১,৫৬৩ গৰাকী প্ৰাৰ্থীৰ পুনৰ পৰীক্ষাৰ প্ৰশ্নটো কেনেকৈ আহিল ?’’ উল্লেখ্য যে NEET সম্পৰ্কীয় সকলো আৱেদনৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে ৮ জুলাই দিনটো নিৰ্ধাৰণ কৰিছে ৷ প্ৰথম পৰ্যায়ত এই শুনানি প্ৰায় এসপ্তাহ চলিব ।
আনহাতে পৰামৰ্শদাতাই যুক্তি প্ৰদৰ্শন কৰিছিল যে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পৰীক্ষাত দ্বিতীয়বাৰ অৱতীৰ্ণ হ’বলগীয়া হোৱাটো অন্যায় আৰু অযুক্তিকৰ ৷ যিহেতু একাংশ উত্তীৰ্ণ প্ৰাৰ্থীও পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচাৰিছে ৷