অসম

assam

ETV Bharat / bharat

দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ

নায়ব সিং ছাইনীৰ লগত ১৩ জন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ছাইনীৰ মন্ত্ৰীসভাত জাতি আৰু আঞ্চলিক সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰা হৈছে ৷

By ANI

Published : 4 hours ago

Nayab Singh Saini oath taking
দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নায়ব সিং ছাইনীৰ (ETV Bharat)

নিউজ ডেস্ক, ১৭ অক্টোবৰ :বিজেপিৰ নায়ব সিং ছাইনীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ছাইনীৰ লগত আৰু ১৩ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে ।

পঞ্চকুলাৰ দশহৰা খেলপথাৰত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে নীতিন গাডকাৰী আৰু ৰাজীৱ ৰঞ্জন সিঙৰ দৰে কেন্দ্ৰীয় মন্ত্ৰী । ১৩ জন বিধায়কৰ ভিতৰত ১১ জন বিধায়কে কেবিনেট মন্ত্ৰী আৰু ২ জন ৰাজ্যিক মন্ত্ৰী (স্বাধীন দায়িত্ব) হিচাপে শপত গ্ৰহণ কৰে ।

জাতীয় সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰি মন্ত্ৰীসভা গঠন:

নায়ব সিং ছাইনীৰ মন্ত্ৰীসভাত জাতি আৰু আঞ্চলিক সমীকৰণৰ ভাৰসাম্য ৰক্ষা কৰা হৈছে ৷ তেওঁৰ মন্ত্ৰীসভাত ২ জন দলিত, ২ জন ব্ৰাহ্মণ, ২ জন জাট, ৪ জন অ’ বি চি, এজন ৰাজপুত, এজন পাঞ্জাবী আৰু এজন বনিয়া গোষ্ঠীৰ লোকে স্থান লাভ কৰিছে ।

নায়ব সিং ছাইনীৰ মন্ত্ৰীসভা

  • পাঞ্জাবী : অনিল বিজ
  • দলিত : কৃষ্ণ লাল পানৱাৰ, কৃষ্ণ কুমাৰ বেদী
  • ব্ৰাহ্মণ : অৰবিন্দ শৰ্মা, গৌৰৱ গৌতম
  • জাট : শ্ৰুতি চৌধুৰী, মহিপাল ধনদা
  • অ’ বি চি : ৰাও নৰবীৰ সিং, আৰতি ৰাও, ৰণবীৰ সিং গংগৱা, ৰাজেশ নাগৰ
  • ব্যৱসায়ী : বিপুল গোয়েল
  • ৰাজপুত : শ্যাম সিং ৰাণা

শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা:

উল্লেখ্য যে, চলিত বিধানসভা নিৰ্বাচনত ৯০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰি হাৰিয়ানাত একেৰাহে তৃতীয়খন চৰকাৰ গঠন কৰিছে বিজেপিয়ে । কংগ্ৰেছে লাভ কৰে ৩৭খন আসন । এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে ।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আদি এন ডি এৰ আন নেতাসকলো পঞ্চকুলাত উপস্থিত আছিল ।

বুধবাৰে চণ্ডীগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত নায়ব সিং ছাইনীক নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।

এন ডি এৰ বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ:

ইপিনে শপতগ্ৰহণ অনুষ্ঠানৰ পিছতে চণ্ডীগড়ত বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰা হৈছে । হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ শপতগ্ৰহণৰ লগত সংগতি ৰাখি আজি চণ্ডীগড়ত অনুষ্ঠিত হোৱা এন ডি এৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিব ।

লগতে পঢ়ক:হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ নায়ব সিং সাইনিৰ

ABOUT THE AUTHOR

...view details