অসম

assam

ETV Bharat / bharat

তুষাৰপাতত বন্দী জনতা; সুৰংগৰ জৰিয়তে উদ্ধাৰ ১০০০ৰো অধিক পৰ্যটকৰ বাহন - VEHICLES RESCUED FROM ATAL TUNNEL

লাহৌল উপত্যকাত আৰম্ভ হৈছে তুষাৰপাত ৷ যাৰ ফলত আবদ্ধ বহু পৰ্যটক ৷ অৱশ্যে ১০০০ৰো অধিক পৰ্যটকৰ বাহন উদ্ধাৰ কৰা হৈছে ।

VEHICLES RESCUED FROM ATAL TUNNEL
বৰফৰ মাজত আবদ্ধ পৰ্যটকৰ বাহন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 12:09 PM IST

কুল্লু: হিমাচল প্ৰদেশ, অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন মনোমোহা পাহাৰীয়া ৰাজ্য ৷ যাৰ সৌন্দৰ্যই সকলো পৰ্যটককে হাত বাউল দি মাতে ৷ শীতৰ এই সময়ছোৱাত পাহাৰীয়া ৰাজ্যখনৰ অধিকাংশ অঞ্চলত বৰফ পৰে ৷ যাৰ বাবে এই সময়ছোৱাত ৰাজ্যখনলৈ অদিক পৰ্যটকৰ আগমন ঘটে ৷

দেওবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ পৰ্যটন চহৰ মানালী আৰু লাহৌল-স্পিতিত বৰফ পৰে । চাওঁতে চাওঁতে এই বৰফৰ মাত্ৰা অধিক হৈ পৰে ৷ আনকি এটা সময়ত লাহৌল উপত্যকাত আবদ্ধ হৈ পৰে ১০০০ ৰো অধিক পৰ্যটকৰ বাহন । অৱশ্যে পৰৱৰ্তী সময়ত পৰ্যটকৰ যান-বাহনবোৰ অটল সুৰংগ হৈ মানালী অভিমুখে নিৰাপদে লৈ যোৱা হয় ।

বৰফৰ আমেজ (ETV Bharat)
  • নিশা ২ বজালৈকে উদ্ধাৰ কৰা হয় বাহনসমূহ :

মানালীৰ উপ-আৰক্ষী অধীক্ষক কে ডি শৰ্মাই কয় যে অতিমাত্ৰা তুষাৰপাত হোৱাৰ ফলত লাহৌল আৰক্ষীয়ে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে ৷ লগতে লাহৌল উপত্যকালৈ নিজ নিজ বাহনত অহা পৰ্যটকসকলক উদ্ধাৰৰ কাম অটল সুৰংগৰ জৰিয়তে আৰম্ভ কৰা হয় ৷ নিশা ২ বজালৈকে আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই ১০০০ৰো অধিক বাহন নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় ।

বৰফৰ মাজত আবদ্ধ পৰ্যটকৰ বাহন (ETV Bharat)
  • তুষাৰপাতৰ বাবে বাট-পথত পিছল হৈ পৰে :

তুষাৰপাতৰ বাবে ৰাস্তা-ঘাট পিছল হৈ পৰে ৷ যাৰ ফলত বহু বাহন পিছলিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে পথত মাটি আৰু বালি চটিয়াই দিয়ে ৷ তাৰ পিছতহে ইয়াৰ পৰা নিৰাপদে বাহনসমূহ উলিয়াই আনিবলৈ সক্ষম হয় ৷ আনকি পৰিস্থিতি কিছু বিষম দেখি সোলংগনালাৰ আগলৈ যান-বাহনৰ চলাচল কৰাটো বন্ধ কৰি দিয়া হয় ৷

বৰফৰ মাজত আবদ্ধ পৰ্যটকৰ বাহন (ETV Bharat)
  • বৰদিনৰ দিনা তুষাৰপাত হোৱাৰ সম্ভাৱনা :

সোলংগনালাত তুষাৰপাতৰ আমেজ লৈছে পৰ্যটকসকলে । একে সময়তে তুষাৰপাতৰ বাবে মানালীতো পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ৷ যাৰ ফলত পৰ্যটন ব্যৱসায় কিছু টনকীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ পৰ্যটকসকলেও আশা কৰিছে যে তেওঁলোকে বৰদিনৰ দিনটোও বৰফৰ আমেজ ল’ব পাৰিব ৷

লগতে পঢ়ক :বৰফৰ আচ্ছাদনত শুকুলা কাশ্মীৰ, বৰফত পৰিণত ডাল হ্ৰদ

ABOUT THE AUTHOR

...view details