গুৱাহাটী : ১ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ ২০২৫ । দেশৰ প্ৰতিখন ৰাজ্যতে পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ব্যতিক্ৰম নহয় অসম । পথ দুৰ্ঘটনা প্ৰতিৰোধৰ লগতে যান-বাহন আইন সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অসমৰ প্ৰতিখন জিলাতে পৰিবহণ বিভাগ আৰু প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।
ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ ২০২৫
![National Road Safety Month 2025](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-01-2025/img-20250112-wa0004_1201newsroom_1736682253_125.jpg)
তাৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ পালন কৰা হৈছে । ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত পথ-সুৰক্ষা বিষয়ক চিত্ৰাঙ্কণ আৰু শ্ল'গান প্ৰতিযোগিতাৰ দৰে কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে । কেৱল এয়াই নহয়, মাঘ বিহুৰ সময়ত চালকসকলক উদ্দেশ্যি ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বিশেষ আহ্বান জনাইছে ।
পৰিবহণ বিষয়া গৌতম দাসৰ আহ্বান
ভোগৰ সম্ভাৰ লৈ সকলোৰে বাবে আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ পদুলিত ভোগালী বিহু । মাঘ বিহু মানেই ভোগৰ অপাৰ আনন্দ উপভোগৰ সময় । কিন্তু ভোগালীৰ ভোগৰ সীমাহীন আনন্দ উপভোগৰ নামত নিচাযুক্ত দ্ৰব্য সেৱন কৰি আৰু অত্যধিক গতিত বাহন চলাই কোনেও যাতে বিপদ মাতি নানে তাৰ বাবে সকলো যান-বাহন ব্যৱহাৰকাৰীলৈ আহ্বান জনাইছে পৰিবহণ বিষয়া গৌতম দাসে । তেওঁ কয়, "অসমীয়া সমাজ জীৱনৰ ঐক্য-সংহতিৰ বাহক জাতীয় উৎসৱ বিহুত আমি সকলো একতাৰ ডোলেৰে বান্ধ খাওঁ, বান্ধ খায় সমগ্ৰ জাতি । মেজিৰ জুইৰ আলোকে পোহৰাই তোলে জাতীয় জীৱনৰ পথ ৷ সেয়ে এই গুৰুত্বপূৰ্ণ সময়ত সন্মুখৰ ৰাজপথত চলাচল কৰোতে আমি কোনোৱে যাতে যান-বাহন আইন উলংঘা কৰি ভোগালীৰ আনন্দ স্তিমিত নকৰো তাৰ বাবে সকলোকে সকলো সময়তে পথ সুৰক্ষা বজাই ৰাখিবলৈ আহ্বান জনাইছো ।"
![National Road Safety Month 2025](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-01-2025/img-20250112-wa0005_1201newsroom_1736682253_845.jpg)
"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি দি আমি সকলোৱে হাতে হাত ধৰি এই ভোগালীতে পথ সুৰক্ষাক ব্যাপক জনসচেতনতাৰ ৰূপ দি অসমখনক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে পণ ল'ব পাৰো" বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইফালে নিশা কুঁৱলীৰ পৰিৱেশত সকলোকে অতি সাৱধানে চলাচল কৰাৰ লগতে দুচকীয়া বাহনত চালক-আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট ব্যৱহাৰ কৰাৰ লগতে কোনেও যাতে মোবাইলত কথা পাতি গাড়ী নচলায় তাৰ বাবেও বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে সকলোকে সতৰ্ক কৰি দিয়ে ।
লগতে পঢ়ক :বসুন্ধৰা ৩.০ : গুৱাহাটীৰ পট্টাহীন ৯০ শতাংশই কৰিব নোৱাৰিলে আবেদন - MISSION BASUNDHARA