অসম

assam

ETV Bharat / bharat

চৰকাৰী কাৰ্যসূচীত বিদেশলৈ ওলাইছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা; ভ্ৰমণ কৰিব তিনিখন ৰাষ্ট্ৰ - PABITRA MARGHERITA FOREIGN TOUR

১৪-২১ জানুৱাৰীত সাতদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ফিলিপাইনছ, পালাও আৰু মাইক্ৰ'নেছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Pabitra Margherita foreign tour
বিদেশ ভ্ৰমণলৈ ওলাইছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 3:55 PM IST

গুৱাহাটী :চৰকাৰী ভ্ৰমণসূচীৰে সাতদিনীয়া কাৰ্যসূচী লৈ তিনিখন ৰাষ্ট্ৰলৈ যাব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । অহ ১৪ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ ফিলিপাইনছ, পালাও আৰু মাইক্ৰ'নেছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

বিদেশ মন্ত্ৰীগৰাকীয়ে ১৪ জানুৱাৰীত ফিলিপাইনছৰ শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে মেনিলাত থকা মিৰিয়াম কলেজ চৌহদৰ মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব । তদুপৰি, তেওঁ দেশখনত থকা প্ৰবাসী ভাৰতীয়ৰ সৈতেও মত-বিনিময় কৰিব । ভাৰত-ফিলিপাইনছৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ সময়তে ভাৰতীয় বিদেশ মন্ত্ৰীগৰাকীৰ ফিলিপাইনছ ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হ'ব ।

বিদেশ ভ্ৰমণলৈ ওলাইছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

তাৰ পিছতে বিদেশ মন্ত্ৰীগৰাকী ৰাওনা হ'ব প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ পালাওলৈ । অহা ১৬ জানুৱাৰীত পালাওৰ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতি চুৰাংগেল হিপছৰ শপতগ্ৰহণ অনুষ্ঠানত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব । এই ভ্ৰমণকালত বিদেশ মন্ত্ৰী মাৰ্ঘেৰিটাই পালাওৰ শীৰ্ষস্থানীয় নেতৃবৰ্গৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত ভাগ লোৱাৰ লগতে পালাওত চলি থকা ভাৰতৰ বিনিয়োগযুক্ত প্ৰকল্পসমূহৰ বুজ ল'ব ।

আনহাতে, অহা ১৮ জানুৱাৰীত বিদেশ মন্ত্ৰীগৰাকী উপস্থিত হ'ব প্ৰশান্ত মহাসাগৰীয় অন্য এখন দ্বীপৰাষ্ট্ৰ মাইক্ৰ'নেছিয়াত । তাত দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব । উল্লেখ্য যে বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা হ'ব মাইক্ৰ'নেচিয়া ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ।

২০২৩ বৰ্ষৰ মে' মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া ফ'ৰাম ‘ফিপিক’ৰ তৃতীয় শীৰ্ষ সন্মিলন সফলতাৰে অনুষ্ঠিত হোৱাৰ পিছত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এই পালাও আৰু মাইক্ৰ'নেচিয়া ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব বুলি চৰ্চিত হৈছে । বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচীয়ে তিনিওখন দেশৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ লগতে 'এক্ট ইষ্ট পলিচি'ক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :১০ মহীয়া শিশুৰ দেহত HMPV ভাইৰাছ; সাৱধানবাণী চিকিৎসকৰ - FIRST HMPV CASE IN ASSAM
লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী : শনিবাৰে উদ্ধাৰ হ’ল মুঠ তিনিজন শ্ৰমিকৰ মৃতদেহ - UMRANGSO COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details