নেশ্যনেল ডেস্ক, 12 আগষ্ট:বিহাৰৰ জেহানাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ জিলাখনত অৱস্থিত এটা মন্দিৰত দেওবাৰৰ নিশা অভূতপূৰ্ব ভিৰ হৈছিল ভক্তৰ ৷ স্বেচ্ছাসেৱকে বলপূৰ্বকভাৱে ভক্তক নিয়ন্ত্ৰণ কৰিবলৈ লওতেই সংঘটিত হয় পদপিষ্টৰ ঘটনা ৷ ঘটনাস্থলীতে ততালিকে 7 গৰাকীকৈ ভক্তই মৃত্যুক সাৱটি লয় ৷ ইয়াৰে ভিতৰত আছে পাঁচগৰাকী মহিলা ৷
বৰাৱৰ পাহাৰত অৱস্থিত সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত হৈছে এই কৰুণ দুৰ্ঘটনা । ভক্তসকলে শাওণৰ চতুৰ্থটো সোমবাৰ উপলক্ষে শিৱৰ মূৰত পানী ঢালিবৰ বাবে গোট খাইছিল উক্ত স্থানত । নিশা 12 বজাৰ পিছত সংঘটিত হয় এই ঘটনা ।
মন্দিৰৰ হুলস্থুলীয়া পৰিৱেশৰ ফলত মৃত্যু ভক্তৰ
শাওণ মাহৰ চতুৰ্থটো সোমবাৰ উপলক্ষে মখদুমপুৰ ব্লকৰ বৰাৱৰ পাহাৰত অৱস্থিত বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত দেওবাৰে নিশা ভিৰ বৃদ্ধি পাইছিল শিৱভক্তৰ । হঠাতে মাজনিশা উক্ত স্থানত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ । এই ঘটনাত 7 জন লোকৰ মৃত্যু ঘটে । মৃত্যু হোৱাসকলৰ ভিতৰত 5 গৰাকী মহিলা আৰু 2 জন পুৰুষ বুলি জানিব পৰা গৈছে । মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা অধিক ।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য