অসম

assam

ETV Bharat / bharat

মণিপুৰৰ ৰাজভৱন জলমগ্ন : ৰাজ্যপাল আহিল নাৱেৰে - Flood in Manipur

Manipur Raj Bhawan under flood : বানত বুৰিছে মণিপুৰ ৷ জলমগ্ন ৰাজভৱনো ৷ নাৱত উঠি পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যপালে ৷ কেউফালে হাহাকাৰ ৷

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:11 PM IST

Manipur Raj Bhawan under flood
নাৱত উঠি বান পৰিস্থিতিৰ বুজ ল’লে মণিপুৰৰ ৰাজ্যপালে (ETV Bharat Assam)

তেজপুৰ, ৩১ মে’ : জলমগ্ন হৈ পৰিছে মণিপুৰ । বিগত তিনিদিন ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা । পাহাৰীয়া ৰাজ্যখনৰ কেবাখনো জিলাক বানে সৰ্বস্বান্ত কৰি তুলিছে ৷

বানত বুৰিছে মণিপুৰ : ৰাজভৱনো জলমগ্ন (ETV Bharat Assam)

সকলোতকৈ চিন্তনীয় বিষয়- ৰাজ্যখনৰ শাসন ​​আৰু কৰ্তৃত্বৰ প্ৰতীক ৰাজভৱন এতিয়া জলমগ্ন হৈ পৰিছে । মণিপুৰৰ ৰাজ্যপালগৰাকীয়ে ৰাজভৱনৰ ভিতৰতে বানপানীৰ মাত্ৰা পৰিদৰ্শন কৰা দেখা যায় ৷

মাত্ৰ এবছৰৰ পূৰ্বে কুকি উগ্ৰপন্থীয়ে মেইটেইসকলৰ লগত গোষ্ঠীগত সংঘৰ্ষ কৰি ইম্ফলৰ লগতে অন্যান্য জিলাত বহু লোকক হত্যা কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰ ধ্বংস কৰিছিল ৷

শুকুৰবাৰে দেখা গ’ল ৰাজ্যপাল অনুসূয়া উইকিয়ে নিজেই ৰাজভৱনৰ বাহিৰলৈ নাৱেৰে আহি বানপানীৰ পৰ্যবেক্ষণ কৰে । সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে ৰাজভৱন ৷ পাহাৰীয়া নৈ নামবোল আৰু ইম্ফল নদীৰ পানীয়ে চহৰখনৰ ৰাজপথ জলমগ্ন কৰিছে ।

আনহাতে ৰাজভৱনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰাজভৱনৰ পানী শুকুৰবাৰে কিছু পৰিমাণে কমিছে যদিও বৰ্তমানো সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে ৷ ৰাজ্যখনৰ ইম্ফলৰ বিভিন্ন স্থানত ঘৰৰ ভিতৰৰ পৰা আবাসী তললৈ নামিব পৰা নাই ৷ আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ লোকে নাৱৰ জৰিয়তে খোৱাপানী তলৰ পৰা ওপৰলৈ প্ৰেৰণ কৰিছে । মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ বাহিনীয়ে স্থানীয় লোকক সাহায্য সামগ্ৰী প্ৰদান কৰিছে ঠেঙাল বজাৰত । বহুতো লোক ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা নাই যোৱা তিনিদিনত । ইতিমধ্যে ৰাজ্যখনৰ কেবাটাও পথত যোগাযোগ বিছিন্ন হৈ আছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক:ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাকত, বন্যাৰ্তৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details