ETV Bharat / bharat

মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ; কথমপি প্ৰাণৰক্ষা পাইলটৰ - ARMY HELICOPTER CRASH

মধ্যপ্ৰদেশৰ শিৱপুৰীৰ সমীপত দ্বৈত আসনযুক্ত মিৰাজ ২০০০ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত ৷

HELICOPTER FALLS IN FIELD SHIVPURI
মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 4:36 PM IST

Updated : Feb 6, 2025, 5:13 PM IST

শিৱপুৰী: মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত বৃহস্পতিবাৰে বিয়লি বায়ুসেনাৰ মিৰাজ ২০০০ প্ৰশিক্ষক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় বুলি প্ৰতিৰক্ষা বিষয়াসকলে জনায় । দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন পথাৰৰ ওপৰত আহি পৰে আৰু সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে দুয়োজন পাইলটৰ ৷ অৱশ্যে তেওঁলোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা হৈছে ৷ ইফালে দুৰ্ঘটনাৰ পাছতেই ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে আদালতে নিৰ্দেশ দিয়ে ।

শিৱপুৰী জিলাৰ নৰৱাৰ তহচিলত অৱস্থিত কৰৈৰাৰ সুনাৰী আউটপোষ্ট এলেকাৰ ডেহৰেটা ছানি গাঁৱত সংঘটিত হয় এই ঘটনা ৷ জানিব পৰা মতে, হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত দুয়োজন পাইলটে গ্ৰাম্য অঞ্চলত অৱস্থিত ঘৰবোৰ পৰা আঁতৰি খালী ঠাইত হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু পথাৰত হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ সক্ষম হয় ৷

ইফালে দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত কাৰাইৰাৰ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া উপস্থিত হৈ পাইলট দুজনক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই । বায়ুসেনাৰ এটা দলে দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ বাবে সেই স্থানত উপস্থিত হৈছে । প্ৰাথমিক তথ্য অনুসৰি হেলিকপ্টাৰখনৰ কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে তদন্তৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব ।

স্থানীয় ৰাইজে জনোৱা মতে, হঠাতে এটা প্ৰচণ্ড শব্দ শুনিলে আৰু যেতিয়া তেওঁলোকে ওলাই আহি চালে, তেতিয়া হেলিকপ্টাৰখন মাটিত পৰি থকা প্ৰত্যক্ষ কৰে । সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

বায়ুসেনাৰ বিষয়াসকলে এই ঘটনা নিশ্চিত কৰি কয় যে "পাইলটৰ সুৰক্ষা তেওঁলোকৰ অগ্ৰাধিকাৰ । তেওঁলোকে এনে ঘটনাক গুৰুত্বসহকাৰে লয় । দুৰ্ঘটনাটোৰ পিছত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে আৰু আশে-পাশে থকা অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । স্থানীয় প্ৰশাসনে ৰাইজক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে ।"

HELICOPTER FALLS IN FIELD SHIVPURI
মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ (ETV Bharat)

জানিব পৰা মতে, বৃহস্পতিবাৰে সেনাৰ দুজনীয়া মিৰাজ-২০০০ যুঁজাৰু বিমানখনে নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মাৰিছিল । যেতিয়া বিমানখন নৰৱাৰ তহচিলৰ গাঁৱৰ দেহাৰতাৰ ওপৰেৰে পাৰ হৈ গৈ আছিল, তেতিয়া হঠাৎ বিমানখন আকাশত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে হেলিকপ্টাৰখনৰ দুয়োজন পাইলটে পেৰাচুটৰ সহায়ত বিমানখনৰ পৰা বাহিৰলৈ জপিয়ায় । জ্বলি থকা হেলিকপ্টাৰখন গাঁৱৰ এজন লোকৰ পথাৰত বাগৰি পৰে । এজন পাইলট পেৰাচুটৰ পৰা পোনে পোনে নদীত পৰে, আৰু আনজন পাইলট পথাৰত পৰে । দুয়োজন পাইলট সামান্য আঘাতপ্ৰাপ্ত হৈছে ।

এই তথ্য লাভ কৰাৰ লগে লগে কাৰাইৰাৰ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলে সেই স্থানত উপস্থিত হয় । আহত পাইলটজনক সহায় কৰে গাঁওবাসীয়ে । দুৰ্ঘটনাৰ কাৰণ জানিবলৈ আদালতৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: মুজাফ্ফৰপুৰত বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত - Helicopter Crash

উৎসৱৰ আনন্দৰ মাজতে হেলিকপ্টাৰ দুৰ্ঘটনা; নিহত দুজন পাইলট, এজন বিমান অভিযন্তা - Helicopter Crash

Last Updated : Feb 6, 2025, 5:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.