ETV Bharat / state

সোণাই-ৰূপাই অভয়াৰণ্যত বেদখল; কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় - ENCROACHMENT AT SONAI RUPAI

বেদখল ভূমি উচ্ছেদৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।

Sonai Rupai Wildlife sanctuary
সোণাই-ৰূপাই অভয়াৰণ্যত বেদখল;কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 5:47 PM IST

তেজপুৰ : শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই অভয়াৰণ্যত হোৱা বেদখলৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় । বিগত ২০২৩ আৰু ২৪ বৰ্ষত বিশিষ্ট পৰিৱেশ আৰু আৰ টি আই কৰ্মী দিলীপ নাথে বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত গোচৰ তৰাৰ পিছত বিষয়টো বৰ্তমান ন্যায়াধিকৰণত বিচৰাধীন হৈ আছে । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পিছত এইবাৰ শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যত হোৱা বেদখলক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । বেদখল উচ্ছেদৰ সন্দৰ্ভত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই কথা শপতনামা আকাৰে এমাহৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰিবলৈ প্ৰধান মুখ্য বন সংৰক্ষকক নিৰ্দেশ দিছে ন্যায়ালয়ে ।

উল্লেখ্য যে ২০১৮ চনতে আৰ্লি বাৰ্ডছ নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে অভয়াৰণ্যখনৰ বেদখলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে বন বিভাগৰ ষ্টেণ্ডিং কমিটিৰ কাউন্সিল ডি গগৈক সোণাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী সংযোগী লেণ্ডস্কেপৰ এক ৰোড মেপ তৈয়াৰ কৰি বেদখল উচ্ছেদৰ পৰিকল্পনা হাতত ল'বলৈ নিৰ্দেশ জাৰি কৰিছে ।

Sonai Rupai Wildlife sanctuary
সোণাই-ৰূপাই অভয়াৰণ্যত বেদখল;কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় (ETV Bharat)

আনহাতে একেটা নিৰ্দেশনাত বন বিভাগৰ মুখ্য বন সংৰক্ষণ বন্যপ্ৰাণী বিষয়া আৰু বন্যপ্ৰাণী সংৰক্ষণৰ চীফ ৱাৰ্ডেনক সমগ্ৰ বিষয় সন্দৰ্ভত অহা ৬ মাৰ্চত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা ২১ আগষ্টত অসমৰ মুখ্য সচিব, মুখ্য বন সংৰক্ষক বিষয়াৰ লগতে পৰিৱেশ আৰু বন মন্ত্ৰণালয়লৈ জাননী জাৰি কৰিছিল ।

সেউজ ন্যায়াধিকৰণে কিয় জাননী জাৰি কৰিছিল :

জৈৱ বৈচিত্ৰ্য তথা আপুৰুগীয়া বনজ সম্পদেৰে সমৃদ্ধ এখন অভয়াৰণ্য আৰু দুখন সংৰক্ষিত বনাঞ্চলত দীৰ্ঘকাল ধৰি হোৱা ব্যাপক বেদখল তথা বনধ্বংসৰ চৰকাৰী তথ্যত উদ্বিগ্ন হৈ পৰা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ব্যাপক হাৰত হোৱা এই বনাঞ্চল ধ্বংসৰ সন্দৰ্ভত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ বন বিভাগকো জবাবদিহি কৰিছে ৷

শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ লগতে চাৰিদুৱাৰ আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ বৃহৎ এলেকাৰ বনধ্বংস কৰি ব্যাপক বেদখল কৰি স্থায়ী গৃহ নিৰ্মাণ কৰাৰ লগতে চৰকাৰীভাৱে বিদ্যুতৰ যোগান, বিদ্যালয় নিৰ্মাণ, ভোটকেন্দ্ৰ স্থাপন আদি কাৰ্য সম্পন্ন কৰাৰ উপৰিও বনাঞ্চলকেইখনৰ বৃহৎ পৰিমাণৰ ভূমিৰ অধিকাৰ বেদখলকাৰীক প্ৰদান কৰাক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কলকাতাত থকা পূৰ্বাঞ্চল শাখাত ২০২৩ চনত দাখিল হোৱা এক গোচৰ মৰ্মে সেউজ ন্যায়াধিকৰণে কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক এইক্ষেত্ৰত কি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে এক শপতনামা দাখিলৰ বাবে যোৱা ২১ আগষ্টত নিৰ্দেশ দিছিল ৷

ন্যায়াধিকৰণে একেটা নিদেৰ্শযোগে অসম চৰকাৰৰ মুখ্য সচিবকো পূৰ্বৰ ভুল শপতনামাৰ পৰিৱৰ্তে ৪ সপ্তাহৰ ভিতৰত পুনৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছিল যদিও চৰকাৰক সেই শপতনামা পুনৰ দিবলৈ সময় নিৰ্ধাৰণ কৰি দিয়ে ৷

উল্লেখ্য যে, সেউজ ন্যায়াধিকৰণত এই গোচৰ তৰি ২০২৩ ত আবেদন দাখিল কৰিছিল শোণিতপুৰৰ দিলীপ নাথ নামৰ এগৰাকী পৰিৱেশকৰ্মীয়ে ৷ এই গোচৰ সংক্ৰান্তত ইতিপূৰ্বে ন্যায়াধিকৰণৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষকে যোৱা ১৫ জুলাই ২০২৪ ত আৰু কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু মন্ত্ৰালয়ৰ হৈ যোৱা ৩০ জুলাইত একোখনকৈ শপতনামা দাখিল কৰিছিল ৷ এই শপতনামা দাখিলৰ পিছত যোৱা ২০২৪ চনৰ ২০ আগষ্টত গোচৰটো সংক্ৰান্তত হোৱা শুনানিৰ অন্তত সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ বি. অমিত স্থালেকাৰ আৰু ড৹ অৰুণ কুমাৰ বাৰ্মাই উল্লিখিত এই নিৰ্দেশ জাৰি কৰে ৷

যোৱা ২০২৪ চনৰ ২১ আগষ্টৰ নিদেৰ্শটোত উল্লেখ কৰা আছিল যে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ ২০ আগষ্টৰ শপতনামাত প্ৰকাশ পোৱা অনুসৰি অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল দুখনৰ বৃহৎ এলেকাত প্ৰায় ৩ লাখ লোকে বেদখল কৰি চিৰসেউজ আৰু অৰ্ধ চিৰসেউজ বনভূমিত স্থায়ী গৃহ নিৰ্মাণ কৰাৰ লগতে বৃহৎ বনভূমিত তামোল, নাৰিকল, ৰবৰ, চাহ ইত্যাদি বাণিজ্যিক কৃষি কৰিছে ৷

শপতনামাত এই তথ্যও প্ৰকাশ পাইছে যে ইয়াৰে প্ৰায় ২৩ হেজাৰ ২৮ গৰাকী লোকে সোণাই-ৰূপাই অভয়াৰণ্য, চাৰিদুৱাৰ আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ আইন ২০০৬ ৰ আওতাত ভূমিৰ অধিকাৰ দাবী কৰি আবেদন দাখিল কৰিছে ৷ শপতনামাত সংলগ্ন তালিকাত প্ৰকাশ পোৱা অনুসৰি সংৰক্ষিত বনাঞ্চল তথা সংৰক্ষিত এলেকাৰ মুঠ ৭৩ হাজাৰ ৫২৪.৮৬ হেক্টৰ বনভূমিৰ প্ৰায় ৫০ হেজাৰ ২৪১ হেক্টৰ বনভূমি ইতিমধ্যে বেদখলৰ কবলত পৰিছে ৷

লক্ষ্যণীয়ভাৱে বেদখলকাৰীয়ে সোণাই-ৰূপাই অভয়াৰণ্যৰ লগতে চাৰিদুৱাৰ আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলত স্থায়ী গৃহ নিৰ্মাণৰ লগতে ৰবৰ বাগান, চাহ বাগিচা আদি স্থাপন কৰাৰ উপৰিও ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইয়াত বেদখলকাৰীৰ বাবে বিদ্যুৎ, পানী ইত্যাদি যোগানৰ ব্যৱস্থাও কৰা হৈছিল ৷ কেৱল ইমানেই নহয় এই বনভূমিত সমগ্ৰ শিক্ষা অভিযানৰ তত্বাৱধানত মুঠ ৬৪ খন বিদ্যালয় নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰে ৩৩ খন বিদ্যালয় স্থাপন কৰা হৈছে সোণাই-ৰূপাইত অভয়াৰণ্যত ৷ সমগ্ৰ বন এলেকাত চৰকাৰীভাৱে স্থাপন কৰা হৈছে ৪০ টাকৈ ভোটকেন্দ্ৰও ৷

যোৱা ছেপ্টেম্বৰ মাহত বালিপাৰা সংৰক্ষিত বনাঞ্চলত এটা বনৰীয়া হাতী বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হোৱাত সেই অঞ্চলত অবৈধভাৱে চাহ বাগিচাৰ খেতি কৰা লিম্বু নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি চাহ বাগিচাখন বন বিভাগে উচ্ছেদ কৰে ।এই সময়তে সোনাই-ৰূপাই বনাঞ্চলৰ ভিতৰত যোৱা ডিচেম্বৰ মাহত বন বিভাগৰ কেমেৰা ট্রেপিঙত এটা ঢেঁকীয়াপতীয়া ধৰা পৰে ।

বনাঞ্চলৰ কিমান ভূমিত হৈছে বেদখল ?

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ তৰফৰ পৰা যোৱা ২৩ জানুৱাৰীত অসম চৰকাৰৰ মুখ্য বন্য প্ৰাণী সংৰক্ষণ বিষয়ালৈ পুনৰ এই বন ভূমিসমূহ বেদখলৰ বিষয়ত ন্যায়াধিকৰণৰ প্ৰয়োজনীয় তথ্যৰে অহা ৮ এপ্ৰিলত পুনৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

পাঁচ সংৰক্ষিত বনাঞ্চলত বেদখলৰ তথ্য:

Sonai Rupai Wildlife sanctuary
সোণাই-ৰূপাই অভয়াৰণ্যত বেদখল (ETV Bharat Assam)

মুঠ ৫ খন সংৰক্ষিত বনাঞ্চলৰ ৭৩,৫২৪.৮৬ হেক্টৰ ভূমিৰ ভিতৰত ৫০,২৪১.০০ হেক্টৰ ভূমি বেদখলৰ কবলত আছে ৷ অৰ্থাৎ বনাঞ্চলৰ এক বুজন পৰিমাণৰ ভূমিত বিভিন্ন প্ৰকাৰে বেদখল হৈ থকাৰ তথ্য অসম চৰকাৰৰ শপতনামাত উল্লেখ আছে ।

লগতে পঢ়ক :উদুলি-মুদুলি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ - SANKARADEVA SANGHA JORHAT SESSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.