হায়দৰাবাদ: জুনেইদ খান আৰু খুশী কাপুৰ সাজু হৈছে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিবলৈ ৷ তেওঁলোকৰ ছবি লৱয়াপাৰ বিশেষ স্ক্ৰীণিং অনুষ্ঠিত হৈ যায় ৷ স্ক্ৰীণিং তাৰকাৰে ভৰা সমাহাৰ আছিল । অনুষ্ঠানটোত বলীউডৰ খান বুলি বিখ্যাত ছলমান আৰু শ্বাহৰুখ উপস্থিত হয় ৷ তেওঁলোকে আমিৰৰ সৈতে পুত্ৰ জুনেইদৰ কাষত সাহস হৈ থিয় দিয়ে ৷ তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ তাৰকা শক্তি বৃদ্ধি কৰে । অৱশ্যে, দুখৰ কথাটো হ’ল যেপাপাৰাজ্জীয়ে তিনিওকে একেলগে কেমেৰাত বন্দী কৰিব নোৱাৰিলে ৷
স্ক্ৰীণিঙৰ ভিডিঅ’বোৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে ৷ শ্বাহৰুখ আৰু ছলমানে জুনেইদৰ প্ৰথমখন থিয়েটাৰত মুক্তি পাবলগীয়া ছবি লৱয়াপাৰ বিশেষ প্ৰদৰ্শনত অংশ লোৱাটোৱে নেটিজেনৰ মন হৰিছে ৷ আমিৰৰ সৈতে তেওঁলোকৰ সতীৰ্থতাৰ বাবে শিৰোনাম দখল কৰিছে তিনিও খানে । ভিডিঅ’টোত শ্বাহৰুখক আমিৰ আৰু তেওঁৰ সন্তান জুনেইদ আৰু ইৰাৰ সৈতে উষ্ম আলিংগন শ্বেয়াৰ কৰা দেখা গৈছে । এই অনুষ্ঠানৰ বাবে কিং খানে ৰিপড জিন্স আৰু ক’লা চশমাৰ সৈতে যোৰ কৰি নীলা ৰঙৰ চাৰ্ট এটা পৰিধান কৰে । ছলমানেও আমিৰৰ সৈতে ফটোৰ বাবে প’জ দিয়ে । ডাবাং অভিনেতাগৰাকীয়ে সাধাৰণ ৰূপত টিল গ্ৰীণ প’ল’ টি চাৰ্টৰ সৈতে পাতল নীলা জিন্স পিন্ধা দেখা গৈছে ।
লৱয়াপাৰ বিষয়ে ক'বলৈ গ'লে, ছবিখনৰ প্ৰযোজক বনি কাপুৰ আৰু প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কন্যা খুশী কাপুৰৰ সৈতে জুনেইদৰ ৰূপালী পৰ্দাত আত্মপ্ৰকাশ । জুনেইদক আগতে তেওঁৰ প্ৰথম নেটফ্লিক্স ছবি মহাৰাজত দেখা গৈছিল, আনহাতে খুশীয়ে জয়া আখটাৰৰ সংগীত চলচ্চিত্ৰ দ্য আৰ্চিছৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল, যিটো অ’টিটিত মুক্তি দিয়া হৈছিল ।
লৱয়াপা 7 ফেব্ৰুৱাৰী, 2025 তাৰিখে মুক্তি পাব । অদ্বৈত চন্দন পৰিচালিত ই এখন ৰোমাণ্টিক কমেডি ড্ৰামা, যি এটি প্ৰেমিক যুগলৰ কাহিনীক লৈ ঘূৰি থাকে ৷ ইজনে সিজনক ভালদৰে জানিবলৈ বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে এদিনৰ বাবে তেওঁলোকক ফোন সলনি কৰিবলৈ কোৱা হয় । এই ধাৰণাটো আৰু ইয়াৰ ৰূপায়ণে কি এক বিশৃংখলতাৰ সৃষ্টি কৰে, তাকেই ছবিখনত দেখুওৱা হৈছে ।
লগতে পঢ়ক : বিখ্যাত পৃথ্বী থিয়েটাৰত অভিনয়ৰ বাবে সাজু আমিৰ তনয় জুনেইদ খান