অমৃতসৰ: শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদলক লক্ষ্য কৰি আক্ৰমণ । অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত এজন লোকে সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰে । কোনো মতে ৰক্ষা পৰে শিৰোমণি অকালি দলৰ নেতাগৰাকী । ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
পুৱা প্ৰায় ৯:৩০ মান বজাত বাদলে স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াই থকাৰ সময়তে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে । সেই সময়ত বাদলে 'সেৱাদাৰ'ৰ পোছাক পৰিধান কৰি আছিল । গুলীৰ শব্দ শুনাৰ লগে লগে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । উপস্থিত লোকসকলে ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে ।
কোনে কৰিলে আক্ৰমণ ?
জানিব পৰা মতে সুখবীৰ সিং বাদলে স্বৰ্ণ মন্দিৰত 'সেৱা' আগবঢ়াই আছিল । তেওঁ শিৰোমণি অকালি দলৰ নেতাজনে শ্ৰী অকাল তখত চাহিবে ঘোষণা কৰা নীতি পালন কৰি আছিল । সেই সময়তে এজন লোকে তাত উপস্থিত হৈছিল আৰু পকেটত লুকুৱাই থোৱা পিষ্টল এটা উলিয়াইছিল আৰু তেওঁৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছিল । তেতিয়া তাত উপস্থিত লোকসকলে লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
সৌভাগ্যক্ৰমে তেওঁৰ দেহত গুলী লগা নাছিল । লোকসকলে আক্ৰমণকাৰীজনক পিছত আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে তেওঁক জিম্মাত লৈ আৰু সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । আক্ৰমণকাৰীজনক নাৰায়ণ সিং চৌড়া বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে আক্ৰমণটোৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই ।