উল্লেখ্য যে মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল অহা ২৬ নৱেম্বৰত আৰু ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ ৫ জানুৱাৰীত সমাপ্ত হ'ব ।
বৰ্তমানৰ নিৰ্বাচনত মহাৰাষ্ট্ৰত প্ৰায় ৯.৬৩ কোটি যোগ্য ভোটাৰ আছে । ঝাৰখণ্ডত আছে মুঠ 2.60 কোটি ভোটাৰ । ইয়াৰে ভিতৰত 1.31 কোটি পুৰুষ আৰু 1.29 কোটি মহিলা ভোটাৰ । আনহাতে, ৬৬.৮৪ লাখ যুৱ ভোটাৰ আছে ।
2019 চনৰ মহাৰাষ্ট্ৰ নিৰ্বাচনত বিজেপিয়ে 105 গৰাকী বিধায়কৰ সৈতে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰে । ইয়াৰ পিচত শিৱসেনাই 56 , নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে 54, কংগ্ৰেছে 44 আৰু এ আই এম আই এমৰ দুজনকৈ বিধায়ক আছিল । কিন্তু যোৱা বছৰ শিৱসেনাৰ এটা ফৈদ আঁতৰিগৈ শিণ্ডেৰ নেতৃত্বত এটা নতুন গোট গঠন কৰে ।
বৰ্তমান মহাৰাষ্ট্ৰত মহাযুটি মহাজোঁটে চৰকাৰ চলাই আছে । শাসকীয় মিত্ৰজোঁটত শিৱসেনাৰ (শিণ্ডে) ৪০ জন, বিজেপিৰ ১০৫ জন আৰু এনচিপিৰ (অজিত) ৪১ জন বিধায়ক আছে । আনহাতে, বিৰোধী মহা বিকাশ আঘাড়ী মিত্ৰজোঁটত কংগ্ৰেছৰ আছে ৪৪ জন বিধায়ক, শিৱসেনা (থাকৰে) আৰু এনচিপিৰ (শৰদ পাৱাৰ) ১৪ জনকৈ বিধায়ক আছে ।