নেশ্যনেল ডেস্ক, 29 জুলাই : খোজেৰেই 225 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিলে 'মহাৰাজ'-এ ৷ ইয়াৰ পিচতেই সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে হেৰাই যোৱা 'মহাৰাজ'ৰ যাত্ৰা ৷ যাত্ৰাৰ অন্তত ঘৰত উপস্থিত হোৱা মহাৰাজক ফুলৰ মালা পিন্ধাই, ৰজাৰ দৰে আদৰণি জনোৱাৰ ফ’টো এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে ৷ কিন্তু কোন এই মহাৰাজ ?
আপুনি ভবাৰ দৰে এই কাহিনীৰ নায়ক 'মহাৰাজ' কোনো মানুহ নহয় ৷ আমাৰ ঘৰ অথবা বাটে-পথে থকা কালু, লালু, ৰঙাৰ দৰেই সিও এটা সাধাৰণ পোহনীয়া কুকুৰ ৷ কিন্তু সাধাৰণ হৈয়ো মহাৰাজে কৰা অসাধাৰণ কামে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ৷ এই কাহিনী মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ ৷
কোলহাপুৰৰ শ্ৰমিকৰ এটা দলৰ সৈতে এই পোহনীয়া কুকুৰটোৱে কোলাপুৰৰ নানিবাই চিখলিৰ পৰা পান্ধৰপুৰলৈ 225 কিলোমিটাৰ খোজকাঢ়ি যাত্ৰা সম্পূৰ্ণ কৰিছিল ৷ এই কুকুৰটোৰ নাম 'মহাৰাজ' ৷ এই কুকুৰটো পান্ধৰপুৰৰ পৰা হেৰাই গৈছিল ৷ কিন্তু আশ্চৰ্যজনকভাৱে, কুকুৰটো দুদিনৰ ভিতৰতে এই দীৰ্ঘ দূৰত্বৰ বাট খোজেৰে, অকলেই ঘৰলৈ উভতি আহে ৷
মহাৰাষ্ট্ৰ-কৰ্ণাটক সীমান্তৰ নিপানীৰ সমীপৰ যমগৰ্ণী গাঁৱৰ জ্ঞানেশ্বৰ কুম্ভৰে বিগত 30 বছৰ ধৰি কোলহাপুৰৰ কাগল তালুকৰ ননিবাই চিখলীৰ পৰা পান্ধৰপুৰলৈ খোজকাঢ়িয়েই যাত্ৰা কৰি আহিছে ৷ ঘৰত তেওঁৰ এটা পোহনীয়া কুকুৰ আছে ৷ মৃৎশিল্পীসকল যিহেতু ৱাৰাকাৰী পন্থাৰ অন্তৰ্গত, সেয়েহে কুকুৰটোও তেওঁলোকৰ লগত গাঁৱৰ ভিঠলা মন্দিৰলৈ যায় ৷ এইবাৰো 6 জুলাইৰ পৰা 14 জুলাইৰ ভিতৰত গাঁৱৰ পৰা খোজকাঢ়ি শোভাযাত্ৰা উলিওৱা হয় ৷
আনকি এই ‘মহাৰাজ’ নামৰ কুকুৰটো শোভাযাত্ৰাটোৰ লগতে ৱাৰীৰ মাজেৰে খোজেৰে পান্ধৰপুৰলৈ ৰাওনা হয় ৷ এই কুকুৰটোৱে ৱাৰাকাৰীৰ সৈতে 225 কিলোমিটাৰ দূৰত্ব সম্পূৰ্ণ কৰে ৷ কিন্তু পান্ধৰপুৰত লাখ লাখ মানুহৰ ভিৰৰ মাজত হেৰাই যায় এই কুকুৰটো ৷ পান্ধৰপুৰত কুম্ভৰ পৰিয়ালে নিজৰ মৰমৰ কুকুৰটোক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও দুদিনৰ পাচত খালী হাতে ঘৰলৈ উভতি যাব লগা হয় ৷ দুশ কিলোমিটাৰতকৈও অধিক দূৰত্ব সম্পূৰ্ণ কৰি যোৱা কুকুৰটোক বিচাৰি নোপোৱাত হতাশ হৈ পৰে মৃৎশিল্পীৰ পৰিয়ালটো ৷