নেশ্যনেল ডেস্ক, ২৫ জুন :বিমানত আকৌ বোমাৰ আতংক ৷ এইবাৰ কোচিৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিল ৷ অৱশ্যে বিমানখনত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই । কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখপাত্ৰই উল্লেখ কৰিছে এই কথা ৷
কোচিৰ পৰা লণ্ডন অভিমুখী বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি (ETV Bharat) মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, প্ৰথমে কোনো অচিনাক্ত লোকে মুম্বাইৰ এয়াৰ ইণ্ডিয়া কল চেণ্টাৰত মঙলবাৰে পুৱা কোচিৰ পৰা লণ্ডন অভিমুখী AI ১৪৯ নম্বৰ বিমানখন বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দিয়ে ৷ লগে লগে কৰ্তৃপক্ষৰ তৎপৰতাত নিৰাপত্তাৰক্ষীয়ে বিমানখনৰ সম্যক পৰিদৰ্শন কৰে ৷ তাৰ পাচতো বিমানখনৰ ভিতৰত সন্দেহজনক একো লাভ কৰা নগ’ল ।
মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, এই ফোন কৰা সন্দেহজনক ব্যক্তিজনক ইতিমধ্যে বিমান কৰ্তৃপক্ষই ধৰা পেলাবলৈ সক্ষম হৈছে ৷
বিমানখন সুকীয়া পাৰ্কিং লটলৈ স্থানান্তৰ কৰা হয় :
যেতিয়াই এই তথ্য বিমান কৰ্তৃপক্ষই লাভ কৰে, তেতিয়াই এই তথ্য ততাতৈয়াকৈ এয়াৰ ইণ্ডিয়া কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড (CIAL)ক অৱগত কৰা হয় । বিমান কৰ্তৃপক্ষৰ নিয়ম অনুসৰি, চি আই এ এলে লগে লগে বি টি এ চিক অৱগত কৰে । ইয়াৰ পিচত বিমানখনক বেলেগ পাৰ্কিং লটলৈ লৈ যোৱা হয় আৰু ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় ।
বিমানবন্দৰ নিৰাপত্তা গোট (এ এছ জি-চি আই এছ এফ), বিমান সংস্থাৰ নিৰাপত্তাৰক্ষী আৰু ইনলাইন বেগেজ স্ক্ৰীনিং ব্যৱস্থাৰ দ্বাৰা বিমানখনৰ নিৰাপত্তা পৰীক্ষা কৰা হয় । পৰীক্ষাৰ অন্তত যেতিয়া নিৰাপত্তাৰক্ষীয়ে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল, তেতিয়া বিমানখনক উৰণৰ অনুমতি দিয়া হয়।
তদন্তত প্ৰকাশ পাইছে যে এই ফোনটো কেৰালাৰ মালাপ্পুৰম জিলাৰ কণ্ডোটীৰ পৰা আহিছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা হৈছে ৷
লগতে পঢ়ক :প্ৰকৃততে ঘটিছে কি ? একেদিনাই দেশৰ 41 টা বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি - 41 airports get hoax bomb threat