অসম

assam

ETV Bharat / bharat

লোকসভা নিৰ্বাচন ২০২৪ ৰ পঞ্চম পৰ্যায়ৰ পূৰ্বে অভিনেতা জেকি ভাগনানীয়ে জনালে এই আহ্বান... - Lok Sabha Elections 2024 - LOK SABHA ELECTIONS 2024

Lok Sabha Elections 2024: চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা জেকি ভাগনানীয়ে লোকসভা নিৰ্বাচন 2024 ৰ পঞ্চম পৰ্যায়ৰ পূৰ্বে শ্বেয়াৰ কৰিছে এক ভিডিঅ' ৷ ভোটাৰক কি আহ্বান জনালে জেকীয়ে....

Lok Sabha Elections 2024
লোকসভা নিৰ্বাচন ২০২৪ ৰ পঞ্চম পৰ্যায়ৰ পূৰ্বে অভিনেতা জেকি ভাগনানীয়ে জনালে এই আহ্বান... (ETV BHARAT HINDI)

By ETV Bharat Entertainment Team

Published : May 19, 2024, 10:28 AM IST

চিটাৰা ডেস্ক, 19 মে’ : দেশজুৰি অব্য়াহত আছে লোকসভা নিৰ্বাচন 2024 ৷ অহা 20 মে’ত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ এই ভোটগ্ৰহণৰ পূৰ্বে অভিনেতা-প্ৰযোজক জেকি ভাগনানীয়ে দেশৰ জনসাধাৰণক ভোট দিবলৈ আহ্বান জনাই আবেদন জনাইছে । অভিনেতাগৰাকীয়ে সামাজিক মাধ্য়মত এটা ভিডিঅ’ আপলোড কৰি সকলোকে নিজ নিজ ঘৰৰ পৰা ওলাই আহি পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷

যোৱা 18 মে’ তথা শনিবাৰে জেকি ভাগনানীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ' শ্বেয়াৰ কৰি মুম্বাইবাসীক ভোট দিবলৈ আহ্বান জনায় ৷ তেওঁ কৈছিল যে ভোটদান কেৱল জনসাধাৰণৰ দায়িত্ব নহয় তেওঁলোকৰ অধিকাৰ । তেওঁ ভিডিঅ’ৰ কেপশ্যনত লিখিছিল, "হেল্ল’ ভোটাৰ, এজন ভাৰতীয় সতীৰ্থ হিচাপে, মই আপোনাক আপোনাৰ নিকটতম ভোটকেন্দ্ৰলৈ গৈ অহা 20 মে’ 2024ত লোকসভা নিৰ্বাচনত ভোট দিবলৈ আহ্বান জনাইছো ৷"

ইয়াৰ পূৰ্বে, শ্বাহৰুখ খানেও চলিত লোকসভা নিৰ্বাচনৰ মাজতে সকলোকে ভোটদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল ৷ এক্সত এটা পোষ্টটো শ্বেয়াৰ কৰি কিং খানে লিখিছিল, "দায়িত্বশীল ভাৰতীয় নাগৰিক হিচাপে আমি এই সোমবাৰে মহাৰাষ্ট্ৰত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব । ভাৰতীয় হিচাপে আমাৰ কৰ্তব্য পালন কৰো আহক আৰু আমাৰ দেশৰ সৰ্বোত্তম স্বাৰ্থৰ কথা মনত ৰাখি আমি ভোট দিও। আমাৰ ভোটদানৰ অধিকাৰৰ প্ৰচাৰ কৰক ।"

অহা 20 মে'ত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত আঠখন ৰাজ্যৰ 49 খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত এই পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

আনহাতে মহাৰাষ্ট্ৰৰ মুঠ 13 টা সমষ্টি ধুলে, দিনডোৰী, নাছিক, পালঘৰ, ভিৱান্দি, কল্যাণ, থানে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণত কাইলৈ তথা 20 মে’ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক :Parveen Babi Biopic: পাৰবীন বাবীৰ বায়’পিক দেখা যাব উৰ্বশী ৰাউটেলাক

ABOUT THE AUTHOR

...view details