নেশ্যনেল ডেস্ক, 8 জুন :দীৰ্ঘদিন ধৰিশাৰীৰিক অসুস্থতাতভুগি থকাৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱাই দেহাৱসান ঘটে । চলিত মাহৰ 5 তাৰিখে ৰাওৱে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় 4:50 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেলুগু সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি অহা ৰামোজী ৰাও-এ ।
ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটি, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী । মিডিয়া বেৰনগৰাকী ঈনাডু বাতৰি কাকত, ই টিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল।
দাক্ষিণাত্যৰ বিশিষ্ট উদ্যোগীগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত নৰেন্দ্ৰ মোদী, জি কিষাণ ৰেড্ডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন ৰাজনৈতিক ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেলুগু সংবাদ মাধ্যম তথা সাংবাদিকতা ক্ষেত্ৰৰ সমান্তৰালভাবে ছবি আৰু মনোৰঞ্জন জগতখনৈও থকা ৰাওৰ অৱদানক বিশিষ্ট ৰাজনৈতিক নেতাসকলে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সামাজিক মাধ্যমযোগে ।
Xযোগে মোদীয়ে কয়, "শ্ৰী ৰামোজী ৰাও গাৰুৰ মৃত্যু অত্যন্ত দুখজনক । ভাৰতীয় সংবাদ মাধ্যমত বিপ্লৱৰ সৃষ্টি কৰা এজন দূৰদৰ্শী ব্যক্তি ৰামোজী । তেওঁৰ চহকী অৱদানে সাংবাদিকতা আৰু চলচ্চিত্ৰ জগতত এক অবিস্মৰণীয় চিন ৰাখি থৈ গৈছে ।"
তেওঁ লগতে কয় যে তেওঁৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁৰ জ্ঞানৰ পৰা উপকৃত হোৱাৰ কেইবাটাও সুযোগ পাইছো।এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিছো।