অসম

assam

জন্মাষ্টমী বিশেষ : গোপালক আৰাধনা কৰাৰ পদ্ধতি, শুভ ক্ষণ আৰু ৰাহুকালৰ বিষয়ে জানো আহক - Janmashtami 2024

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 8:03 PM IST

Krishna Janmashtami festival : ভগৱান শ্ৰীকৃষ্ণ কৰুণা, সুৰক্ষা আৰু প্ৰেমৰ দেৱতা । হিন্দু ধৰ্মত সৰ্বাধিক পূজা কৰা দেৱতাসকলৰ ভিতৰত ভগৱান কৃষ্ণ অন্যতম । শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ বাবে ব্যস্ত ভক্তসকল ।

Janmashtami 2024
কৃষ্ণ বন্দনা (ETV Bharat)

নিউজ ডেস্ক, ২৬ আগষ্ট :প্ৰতি বছৰে সমগ্ৰ বিশ্বতে হিন্দু ধৰ্মাৱলম্বীসকলে অতি উলহ-মালহেৰে পালন কৰে জন্মাষ্টমী উৎসৱ বা শ্ৰীকৃষ্ণ জন্মাষ্টমী ৷ হিন্দু ধৰ্মাৱলম্বীসকলে ভগৱান শ্ৰীকৃষ্ণক ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ বুলি গণ্য কৰে । ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীত জন্ম লৈ কংসক হত্যা কৰি সমাজখনক তেওঁৰ অত্যাচাৰৰ পৰা মুক্ত কৰিছিল । যাৰ বাবে এই উৎসৱটিক শ্ৰীকৃষ্ণৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা হয় ।

পঞ্জিকা অনুসৰি হিন্দু মাহৰ ভদ্ৰপদ অৰ্থাৎ অসমীয়া ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি (অষ্টম দিন)ত পালন কৰা হয় । গ্ৰেগৰিয়ান (ইংৰাজী কেলেণ্ডাৰ) অনুসৰি এইবাৰ ২০২৪ চনৰ ২৬ আগষ্ট সোমবাৰে কৃষ্ণ জন্মাষ্টমী পালন কৰা হ’ব । এই উৎসৱ উপলক্ষে বহু ভক্তই উপবাসে থাকি কৃষ্ণ বন্দনা কৰে ।

মাজ নিশা ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছত পূজা-অৰ্চনা কৰাৰ শেষত উপবাস ভংগ কৰে ভক্তসকলে ৷ ইফালে কৃষ্ণ জন্মাষ্টমী উপলক্ষে উক্ত দিনা বেছিভাগ ৰাজ্যতে স্থানীয় বা ৰাজ্যিক বন্ধৰ দিন বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক :জন্মাষ্টমীৰ দিনা কৰক এই উপায়, দূৰ আপোনাৰ জীৱনৰ এইসমূহ সমস্যা - Astro Tips

জন্মাষ্টমী উপলক্ষে ৰাজহুৱা কৃষ্ণ মন্দিৰৰ বাহিৰেও অধিকাংশ মানুহে ব্যক্তিগতভাৱে নিজৰ ঘৰতে ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা কৰে ৷ ভগৱানক ভোগ হিচাবে তেওঁৰ প্ৰিয় খাদ্য সামগ্ৰী যেনে মাখন, মিশ্ৰিৰ মিঠাই, শুকান ফল, লাড়ু আদি আগবঢ়োৱা হয় ৷ লগতে ভক্তসকলৰ মাজতো এই প্ৰসাদ বিতৰণ কৰা হয় । এইবোৰৰ উপৰিও ভক্তসকলে মন্দিৰত ভগৱানৰ আটাইতকৈ প্ৰিয় খাদ্য সামগ্ৰী, বস্ত্ৰ, গহনা আদিও আগবঢ়োৱা দেখা যায় ।

ভগৱানৰ ভোগ (Getty Image)
  • জন্মাষ্টমীৰ দিনা মাটিৰ টেকেলি ভঙাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় :

জন্মাষ্টমী উপলক্ষে দেশ-বিদেশ সকলোতে বৃহৎ পৰিসৰত টেকেলি ভঙা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । বহু ঠাইত ৰাধা-কৃষ্ণ সম্পৰ্কীয় প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । ইয়াৰ উপৰিও বহুত পিতৃ-মাতৃয়ে নিজৰ সন্তানক আজিৰ দিনটোত ৰাধা-কৃষ্ণৰ ৰূপত সজাই-পৰাই তোলে ।

  • ভগৱান শ্ৰীকৃষ্ণই মামা কংসক বধ কৰিছিল :

পৌৰাণিক হিন্দু ধৰ্মীয় মান্যতা অনুসৰি, ৰজা কংসৰ ভনীয়েক আছিল দৈৱকী । কংসই দৈবকীত বৰ মৰমো কৰিছিল ৷ যেতিয়া বিয়াৰ উপযুক্ত হৈছিল, তেতিয়া কংসই দৈৱকীক বাসুদেৱৰ সৈত বিয়া পাতি দিছিল । দৈৱকীৰ বিয়াৰ দিনা আটাইতকৈ বেছি সুখী হোৱা লোকজনেই আছিল কংস ৷

যেতিয়া দৈৱকীৰ বিদায়ৰ সময় আহিল, তেতিয়াই এক আকাশবাণী শুনা গ’ল ৷ সেই আকাশবাণীত কোৱা হৈছিল যে - দৈৱকী-বাসুদেৱৰ অষ্টম পুত্ৰ হ’ব কংসৰ মৃত্যুৰ কাৰণ । এই আকাশবাণী শুনাৰ পিছত কংসই নৱবিবাহিত দম্পতিটোক বন্দী কৰি ৰাখে ।

তাৰ পাচত কাৰাগাৰতে ক্ৰমান্বয়ে দৈৱকী-বাসুদেৱৰ সাতটা সন্তানক হত্যা কৰে কংসই ৷ অৱশেষত কাৰ্তিক শুক্ল পক্ষৰ দশম দিনা কংসক দৈৱকী-বাসুদেৱৰ অষ্টম পুত্ৰই হত্যা কৰিব বুলি হোৱা আকাশবাণী সত্য বুলি প্ৰমাণিত হয় ৷ দেৱকী-বাসুদেৱৰ অষ্টম পুত্ৰ ভগৱান শ্ৰীকৃষ্ণই বধ কৰিলে মোমায়েক কংসক ।

লগতে পঢ়ক :জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ আৰাধনা কৰাৰ সময়ত পৰিধান কৰক এই ৰঙৰ বস্ত্ৰ: জানি লওক মহত্ব - Janmashtami 2024

  • ভাৰতৰ ১০ টা প্ৰধান স্থান, য'ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বহু বিদেশী পৰ্যটক ভক্তৰ সমাগম হয় -
  1. উত্তৰ প্ৰদেশৰ মথুৰা
  2. বৃন্দাবন (উত্তৰ প্ৰদেশ)
  3. গোকুল (উত্তৰ প্ৰদেশ)
  4. পুনে (মহাৰাষ্ট্ৰ)
  5. নাথদ্বাৰা (ৰাজস্থান)
  6. দ্বাৰকা (গুজৰাট)
  7. উডুপি (কৰ্ণাটক),
  8. কুম্বকৌণম (তামিলনাডু)
  9. গুৰুভায়ূৰ (কেৰালা)
  10. পুৰী (ওড়িশ্যা)

লগতে পঢ়ক :বেংগালুৰুৰ নামঘৰত কৃষ্ণৰ জন্মাষ্টমী পালন প্ৰৱাসী অসমীয়াৰ - Krishna Janmashtami 2024

ABOUT THE AUTHOR

...view details