নেশ্যনেল ডেস্ক, ১৭ আগষ্ট :সমগ্ৰ দেশ জোকাৰি যোৱা আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডৰ পাচতে উদয় হৈছে বহু প্ৰশ্ন ৷ বাট-পথ, বজাৰ, ৰাজহুৱা স্থান কিম্বা নিজৰ কৰ্মস্থলীতে কিমান সুৰক্ষিত আজিৰ মহিলা !
কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত জ্বলিছে দেশ তথা ৰাজ্য ৷ এই ঘটনাৰ উচিত ন্যায় বিচাৰি ভুক্তভোগীৰ পিতৃ-মাতৃয়ে চিবিআই (CBI)ক দিছে কেতবোৰ তথ্য ৷ ভুক্তভোগীৰ পিতৃ-মাতৃয়ে উল্লেখ কৰা অনুসৰি, চিকিৎসালয়খনৰ কেইবাজনো ইন্টাৰ্ণ আৰু চিকিৎসক এই অপৰাধৰ সৈতে জড়িত হ’ব পাৰে ।
লগতে পঢ়ক :আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক সোধা-পোছা চি বি আইৰ - RG Kar Rape Murder
‘‘কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ অধীনত গোচৰটোৰ তদন্ত কৰি থকা কেন্দ্ৰীয় সংস্থাটোক অভিভাৱকসকলে চৰকাৰী চিকিৎসালয়খনত নিজৰ কন্যাৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি সন্দেহ কৰা ব্যক্তিসকলৰ নামো প্ৰদান কৰিছে ।’’ এজন বিষয়াৰ উদ্ধৃতি দি PTI য়ে এই তথ্য প্ৰকাশ কৰিছে ৷
চিবিআই বিষয়াগৰাকীয়ে কয়, "অভিভাৱকসকলে আমাক জনাইছে যে তেওঁলোকৰ কন্যাক যৌন নিৰ্যাতন আৰু হত্যাৰ আঁৰত একাধিক ব্যক্তি জড়িত থকাৰ সন্দেহ আছে । তেওঁলোকে চিকিৎসালয়ত ভুক্তভোগীৰ সৈতে কাম কৰা কেইজনমান ইন্টাৰ্ণ আৰু চিকিৎসকৰ নাম দিছে ।’’
লগতে পঢ়ক :প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case
প্ৰাথমিক তদন্তৰ অংশ হিচাপে থকা কলকাতা আৰক্ষীয়ে এই অভিযুক্ত ব্যক্তি আৰু বিষয়াসকলক জেৰা কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে । বিষয়াগৰাকীয়ে লগতে কয়, ‘‘আমি কমেও ৩০ জন সন্দেহযুক্ত লোকক চিনাক্ত কৰি সোধ-পোছ আৰম্ভ কৰিছো ।’’
শুকুৰবাৰে CBI য়ে এগৰাকী হাউছ ষ্টাফ মেম্বাৰ আৰু দুগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক মাতি আনি সোধ-পোচ কৰে ৷ কিয়নো তেওঁলোকে উক্ত ঘটনাৰ নিশা ভুক্তভোগী চিকিৎসকগৰাকীৰ সৈতে কৰ্তব্যত আছিল । এই CBI য়ে চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষকো সোধ-পোছৰ বাবে ব্যৱস্থা কৰে ।
লগতে পঢ়ক :ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ২৪ ঘণ্টীয়া কৰ্মবিৰতি : বিভিন্ন সংস্থাৰো সমৰ্থন - RG Kar Medical College rape case
চিকিৎসকগৰাকীৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ দুদিন পিছতে পদত্যাগ কৰা ডাঃ ঘোষে তেওঁক আনে আক্ৰমণ কৰাৰ আশংকা প্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁৰ অধিবক্তাই কলিকতা উচ্চ ন্যায়ালয়ৰ পৰা সুৰক্ষা বিচাৰিছিল । তাৰ পাচতে আদালতে তেওঁক একক বিচাৰপীঠৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে ।
তদন্তৰ অংশ হিচাপে চিবিআই বিষয়াসকলে ধৃত অভিযুক্তক অপৰাধস্থলীলৈ পুনৰ লৈ যায়, যাতে অভিযুক্তই ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণ দিব পাৰে ৷ বিষয়াগৰাকীয়ে কয় যে তদন্তৰ খাতিৰত চিকিৎসালয়খনৰ চেমিনাৰ হলত থ্ৰীডি ট্ৰেকিংও (3D tracking) কৰা হৈছিল । যিহেতু যোৱা ৯ আগষ্টত আৰ জি কাৰ হাস্পতালৰ আলোচনা চক্ৰ কক্ষত স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । এই ঘটনা সংক্ৰান্তত পিছদিনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন নাগৰিক স্বেচ্ছাসেৱক । (এজেন্সীৰ ইনপুটৰ সৈতে)
লগতে পঢ়ক :চি বি আইৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে জনোৱাটো উচিত নহয়; কলকাতা ধৰ্ষণ-হত্যাৰ ভুক্তভোগীৰ পিতৃ - RG Kar Rape and Death Case