প্ৰয়াগৰাজ: বুধবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা, যমুনা আৰু অদৃশ্য সৰস্বতী সংগমত পবিত্ৰ ডুব লয় । ডিঙিত ৰুদ্ৰাক্ষৰ মালা আৰু হাতত তামৰ পাত্ৰ লৈ প্ৰধানমন্ত্ৰীয়ে বৈদিক মন্ত্ৰৰ জপৰ মাজত মা গংগাৰ ওচৰত প্ৰাৰ্থনা কৰি সূৰ্য দেৱতাক অৰ্ঘ আগবঢ়াই গংগামাতাক বস্ত্ৰ (চূৰ্ণী) অৰ্পণ কৰি গাখীৰ আগবঢ়ায় । নৰেন্দ্ৰ মোদীয়ে প্ৰতিবাৰ ডুব যোৱাৰ পিছত ৰুদ্ৰাক্ষ মালা ব্যৱহাৰ কৰি মন্ত্ৰ উচ্চাৰণ কৰে ।
সংগমত স্নান কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, "আজি প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ সংগমত স্নান কৰি প্ৰাৰ্থনা কৰাৰ মহান সৌভাগ্য পালোঁ । মা গংগাৰ আশীৰ্বাদ লাভ কৰি মনটোৱে অপৰিসীম শান্তি আৰু সন্তুষ্টি লাভ কৰিছো । তেওঁৰ ওচৰত সমগ্ৰ দেশবাসীৰ সুখ, সমৃদ্ধি, স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰো ।"
प्रयागराज के दिव्य-भव्य महाकुंभ में आस्था, भक्ति और अध्यात्म का संगम हर किसी को अभिभूत कर रहा है। पावन-पुण्य कुंभ में स्नान की कुछ तस्वीरें…. pic.twitter.com/BMf9NBsfzl
— Narendra Modi (@narendramodi) February 5, 2025
হাতত ৰুদ্ৰাক্ষ আৰু মূৰত হিমাচলী টুপী: ক’লা কূৰ্তা আৰু বিজেপিৰ প্ৰতীক তথা হিমাচলী টুপী পিন্ধি প্ৰধানমন্ত্ৰী মোদীয়ে বৈদিক মন্ত্ৰ আৰু শ্লোকৰ মাজত ত্ৰিবেণী সংগমত চাউল, প্ৰসাদ, ফুল, ফল-মূল আৰু ৰঙা চূৰ্ণী আগবঢ়ায় । ইয়াৰ পিছত তেওঁ সংগমস্থলীত তিনিওখন পবিত্ৰ নদীৰ আৰতিও কৰে । সংগমস্থলীত উপস্থিত পুৰোহিতে তেওঁক ফোট দি অভিনন্দন জনায় । পূজাৰ অন্তত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে নাওখনত উঠি পুনৰ হেলিপেড অভিমুখে ৰাওনা হয় ।
অমৃত স্নানৰ দিন বাদ দি কিয় ৫ ফেব্ৰুৱাৰীত গা ধুলে মোদীয়ে: হিন্দু পঞ্জিকা অনুসৰি এই সময়ত গুপ্ত নৱৰাত্ৰি চলি আছে । বুধবাৰেও ভীষ্মাষ্টমী আছিল । গুপ্ত নৱৰাত্ৰিৰ দিনা দেৱী পূজা কৰা হয়, ভীষ্মাষ্টমীৰ দিনা ভক্তসকলে পূৰ্বপুৰুষৰ বাবে তৰ্পণ আৰু শ্ৰাদ্ধও কৰে । সেইবাবেই এই দিনটোক বিশেষ বুলি গণ্য কৰা হয় । এই দিনটো তপস্যা, ধ্যান আৰু সাধনাৰ বাবে বিশেষ অনুকূল । এই দিনটোত তপস্যা, ধ্যান আৰু স্নান কৰাসকলৰ সকলো কামনা পূৰণ হয় । এই দিনটো আধ্যাত্মিক বৃদ্ধি আৰু আত্মশুদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ ।
Here are highlights from a very divine visit to Prayagraj. pic.twitter.com/ecz1Yrl4Oy
— Narendra Modi (@narendramodi) February 5, 2025
মহাকুম্ভৰ ব্যৱস্থাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰিলে মুখ্যমন্ত্ৰী যোগীয়ে: প্ৰধানমন্ত্ৰী মোদী পুৱা ১০ বজাত বিশেষ বিমান এম আই-১৭ৰে প্ৰয়াগৰাজ বিমানবন্দৰত উপস্থিত হয় । প্ৰয়াগৰাজ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁক আদৰণি আৰু অভিনন্দন জনায় । ইয়াৰ পৰাই প্ৰধানমন্ত্ৰী অৰাইল ঘাটত উপস্থিত হয় আৰু ঘাটৰ পৰাই এখন বিশেষ নাওত উঠি ত্ৰিবেণী ভ্ৰমণ কৰে । সংগমস্থলীত স্নান কৰা লাখ লাখ ভক্তৰ ফালে চাই তেওঁ হাত জোকাৰি অভিবাদন আৰু আদৰণি জনায় । এই সময়ছোৱাত নাওখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো তেওঁৰ সৈতে উপস্থিত আছিল । যোগী আদিত্যনাথেও মহাকুম্ভৰ বাবে কৰা ব্যৱস্থাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে ।
ভক্তৰ স্নানৰ কোনো পৰিবৰ্তন নহ’ল, পথৰো কোনো পৰিবৰ্তন কৰা নহ’ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ত্ৰিবেণী সংগমত উপস্থিত হয়, সেই সময়ত ভক্তসকলে সংগমত স্নান কৰি আছিল । আনকি প্ৰধানমন্ত্ৰীয়ে সংগমত স্নান কৰাৰ সময়তো কোনো ধৰণৰ পৰিবৰ্তন কৰা হোৱা নাছিল । সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে নিজেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিল যে আমাৰ সংগম স্নানৰ সময়ত ভক্তসকলে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে । মহানগৰীৰ যান-বাহন ব্যৱস্থা সাধাৰণ ভাৱেই চলিব লাগে ।
লগতে পঢ়ক: ত্ৰিবেণী সংগমত ডুব মাৰি আজি পাপ খণ্ডাব প্ৰধানমন্ত্ৰীয়ে - MAHA KUMBH MELA 2025