অসম

assam

ETV Bharat / bharat

বন্দুক লৈ টনা-আঁজোৰা ভাতৃ-ভগ্নীৰ: হঠাৎ চলিল গুলী... - KIDS PLAYING WITH GUN

Child dies due to bullet fired : ধেমালিয়েই কাল হ’ল এটি কিশোৰৰ ৷ গুলীভৰ্তি ৰাইফলৰ সৈতে খেলি থকা অৱস্থাত মৃত্যু হয় এটি নাবালকৰ ৷ ১২ বছৰীয়া নিহত নাবালকটি সপ্তম শ্ৰেণীৰ ছাত্ৰ শিৱ বুলি চিনাক্ত কৰা হৈছে ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 1:56 PM IST

Child dies due to bullet fired while playing
লোডেড ৰাইফলৰ গুলীত নিহত ১২ বছৰীয়া শিৱ (ETV Bharat)

নেশ্যনেল ডেস্ক, ৮ জুলাই :উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক অঘটন ৷ জানিব পৰা মতে, লক্ষ্ণৌৰ কৃষ্ণনগৰ থানা এলেকাত দেওবাৰে বিয়লি একেলগে খেলি আছিল কেবাটাও শিশুৱে ৷ অজ্ঞাতবশতঃ শিশুকেইটাই খেলি থাকোতে ঘৰত ৰখা এটা গুলীভৰ্তি ৰাইফল ব্যৱহাৰ কৰিছিল ৷

খেলি থাকোতেই এটি শিশুৱে আন এটি শিশুলৈ লক্ষ্য কৰি ৰাইফলটো টোঁৱাই, ট্ৰিগাৰত আঙুলি লগায় ৷ ফলত ৰাইফলৰ গুলীয়ে গুৰুতৰভাৱে আঘাত কৰে এটি শিশুক । লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় । পৰৱৰ্তী পৰ্যায়ত আহত শিশুটিত লক্ষ্ণৌ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ১২ বছৰীয়া নাবালকটিৰ ।

তথ্য অনুসৰি, লক্ষ্ণৌৰ কৃষ্ণ নগৰ থানাৰ অন্তৰ্গত প্ৰেম নগৰৰ স্থানীয় বাসিন্দা বলবীৰ সিং পঞ্জাবত বি এছ এফৰ হাবিলদাৰ হিচাপে কৰ্মৰত । তেওঁৰ পৰিয়াল লক্ষ্ণৌত থাকে । বলবীৰৰ পৰিয়ালত পত্নীসহ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছিল । কিছুদিন পূৰ্বে বলবীৰ সিঙৰ ভায়েক সঞ্জয় পুত্ৰ দিব্যৰ সৈতে তেওঁৰ ঘৰলৈ আহিছিল । সঞ্জয়ে নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে, গতিকে ৰাইফলটোও লগত লৈ আহিছিল ।

দেওবাৰে বিয়লি পৰত গোটেই ল’ৰা-ছোৱালীকেইটা ঘৰত অকলে আছিল আৰু ৰাইফলটো কোঠাতে ৰখা তেওঁলোকে প্ৰত্যক্ষ কৰিছিল । দুয়োটা ল’ৰা-ছোৱালীয়ে ৰাইফলটোক লৈ টনা-আজোৰা কৰি আছিল ৷ তেনেতে হঠাৎ ৰাইফলৰ গুলী চলে আৰু সেই গুলীটো শিৱৰ পেটত লাগে ।

ফলত লগে লগে শিৱ মাটিত ঢলি পৰে ৷ ঘৰত সেই সময়ত উপস্থিত থকা শিৱৰ ভনীয়েকে ভয়ত বিতত হৈ চিঞৰ-বাখৰ কৰিবলৈ ধৰে ৷ পৰৱৰ্তী পৰ্যায়ত চুবুৰীয়াৰ সহযোগত আহত শিশুটিক লোকবন্ধু চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু স্বাস্থ্যৰ অৱস্থা বিষম দেখি লোকবন্ধু চিকিৎসালয়ৰ চিকিৎসকে কিং জৰ্জ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ কিন্তু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে শিৱক মৃত ঘোষণা বুলি কৰে ।

ইফালে এই তথ্য লাভ কৰাৰ পিচতে এচিপি কৃষ্ণ নগৰ বিনয় কুমাৰ দ্বিবেদীকে ধৰি স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উক্ত স্থান পৰিদৰ্শন কৰে । লগতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে । জানিব পৰা মতে, মৃত শিৱ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল ৷

লগতে পঢ়ক :26 দিনৰ পাচত চীনৰ পৰা পালেহি মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ, শোকাহত পৰিয়াল - INDIAN MERCHANT NAVY OFFICER DEATH

ABOUT THE AUTHOR

...view details