ETV Bharat / bharat

জম্মু-কাশ্মীৰত পুনৰ সেনাৰ এনকাউণ্টাৰ;২ সন্ত্ৰাসবাদী নিহত - Kupwara encounter - KUPWARA ENCOUNTER

Operation Gugaldhar: অনুপ্ৰৱেশৰ চেষ্টা চলোৱা সন্ত্ৰাসবাদীক লক্ষ্য কৰি সেনাৰ গুলীচালনা । ২ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা প্ৰকাশ সেনাৰ ।

Operation Gugaldhar
জম্মু-কাশ্মীৰত পুনৰ সেনাৰ এনকাউণ্টাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 2:30 PM IST

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : শেহতীয়াকৈ জম্মু-কাশ্মীৰ অঞ্চলত বিধানসভা নিৰ্বাচন সমাপ্ত হৈছে । নিৰ্বাচনৰ পূৰ্বে আৰু ভোটগ্ৰহণৰ সময়ত অঞ্চলটোত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত কেইবাটাও সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ অপচেষ্টা বিফল কৰাৰ উদ্দেশ্যে নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলাইছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ । অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীক লক্ষ্য কৰি সেনাই গুলীচালনা কৰে । এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে । সেনাই সন্ত্ৰাসবাদীকেইটাৰ পৰা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

কুপৱাৰাত এনকাউণ্টাৰ

এগৰাকী সেনা বিষয়াই জনোৱা মতে গুগলধৰ অঞ্চলত শুকুৰবাৰে সন্দেহজনক গতিবিধি লক্ষ্য কৰিছিল । সন্ত্ৰাসবাদীৰ এটা দলে পাকিস্তানৰ দিশৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ প্ৰচেষ্টা চলাই আছিল । তাৰ পিছতে অঞ্চলটোত গুলীচালনা আৰম্ভ হয় ।

শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছে এক্সত লিখিছে, "চলিত অপাৰেশ্যন গুগলধৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে দুই সন্ত্ৰাসবাদী । যথেষ্ট পৰিমাণৰ মাৰণাস্ত্ৰও উদ্ধাৰ কৰা হৈছে । অঞ্চলটোত অনুসন্ধানৰ সমান্তৰালকৈ অভিযান চলি আছে ।"

ইয়াৰ পূৰ্বে শুকুৰবাৰে উত্তৰ কাশ্মীৰ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজতো গুলীবৰ্ষণ হোৱাৰ কথা জানিব পৰা গৈছিল । চিনাৰ কৰ্পছে এক্সৰ এটা পোষ্টত লিখিছিল,"২০২৪ চনৰ ৪ অক্টোবৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টাৰ বিষয়ে চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কুপৱাৰাৰ গুগলধৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল । সতৰ্ক সেনাই সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে আৰু প্ৰত্যাহ্বান জনায় । যাৰ ফলত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয় । অপাৰেচন চলি আছে ।"

লগতে পঢ়ক :ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ: নিহত ৩০ মাওবাদী - Abujhmad encounter

ছত্তীশগড়ত ৩১ টা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ - Chhattisgarh Naxal encounter

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.