নিউজ ডেস্ক, 6 অক্টোবৰ: অসমত স্ত্ৰী শিক্ষাৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা ৰূপায়ণ কৰা হৈছে অসম চৰকাৰৰ অভিলাষী ‘‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ।’’ ৰাজ্যৰ ১০ লাখ ছাত্ৰীক তিনি বছৰত সামৰি লোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিখনৰ দেওবাৰে ৰাজ্যজুৰি শুভাৰম্ভণি কৰা হয় । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আঁচনিখনৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি নিযুত মইনা আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ।
খানাপাৰাত আয়োজন কৰা অনুষ্ঠানত কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয় । আনহাতে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত সভা অনুষ্ঠিত কৰি ছাত্ৰীসকলক আঁচনিখনৰ অধীনৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয় । এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰীসকলে প্ৰতিমাহে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন ।
#NijutMoina aims to cover 10 lakh girl students with an outlay of ₹1,500cr. In the first year, over 1.6 lakh girls will get ₹240cr.
— Himanta Biswa Sarma (@himantabiswa) October 6, 2024
Rules are simple
✅️Regular classes, good results & discipline
🚫Not daughter of Minister/MLA/MP
🚫No Marriage till PG
3/4 pic.twitter.com/q4JNIn2H0e
নিযুত মইনা আঁচনিৰ অধীনত কিমান ধন পাব ছাত্ৰীসকলে-
এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব । আনহাতে স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ । জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহে ছাত্ৰীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব । প্ৰথম বছৰত ৰাজ্যজুৰি ১,৫৯,০৯৩ গৰাকী ছাত্ৰীক প্ৰদান কৰা হ'ব আঁচনিৰ ধন । চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত ২৪০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব ।
Eradicating Child Marriage by 2026
— Himanta Biswa Sarma (@himantabiswa) October 6, 2024
On Navratri our war against child marriage has entered into a decisive phase as we began disbursing monthly financial assistance under #NijutMoina.
On 11th of every month, Assam’s daughters will receive a fixed payments to be in college.
🧵 pic.twitter.com/t6CfVwMwFN
আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ বক্তব্য-
ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীৰ ৩০ শতাংশই পৰৱৰ্তী দ্বিতীয় বৰ্ষত নামভৰ্তি নকৰে । ইয়াৰ ডাঙৰ কাৰণ হৈছে আৰ্থিক অৱস্থা । তদুপৰি পিতৃ-মাতৃক সকাহ দিয়াৰ উদ্দেশ্যে কামত জড়িত হোৱাৰ উপৰি বহু ছাত্ৰী বিবাহ হোৱাৰ বাবে পঢ়াৰ পৰা আঁতৰি যায় । আমাৰ চৰকাৰৰ লক্ষ্য হৈছে ছাত্ৰীসকলে শিক্ষা সম্পূৰ্ণ কৰা আৰু কমেও ডিগ্ৰী সম্পূৰ্ণ নকৰালৈকে বিয়াত যাতে বহিব লগা নহয় । আমাৰ চৰকাৰে প্ৰথমতে ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰিছিল । ফলত নামভৰ্তি বৃদ্ধি পাইছে । বিনামূলীয়া নামভৰ্তি এবছৰ বন্ধ কৰি দিলে ৪০-৫০ হাজাৰ ছাত্ৰীয়ে পঢ়া বন্ধ কৰি দিব । বহুতে আমাক টকাৰ অপব্যয় কৰা বুলি সমালোচনা কৰে । আমি মানুহৰ কষ্ট-বেদনা উপলব্ধি কৰি আঁচনি গ্ৰহণ কৰো । ইয়াত হিতাধিকাৰীৰ কথা নাথাকে । আমাক মানুহৰ দুখ-বেদনা বুজি পোৱা চৰকাৰ লাগে ।’’
Overwhelming evidence of our past efforts has pointed us in today’s direction. Studies have demonstrated how Assam’s crack down on child marriage has arrested maternal and infant mortality rates. With #NijutMoina, this social evil will get a final nail in the coffin.
— Himanta Biswa Sarma (@himantabiswa) October 6, 2024
4/4 pic.twitter.com/nnW8LTEoW8
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘আমাক কেৱল শিক্ষা লাগে । আমি যিবোৰ কৰিছো সেয়া পৱিত্ৰ মনেৰে কৰিছো । কংগ্ৰেছে কোৱাৰ দৰে আমি হিতাধিকাৰী সৃষ্টি কৰা নাই । আমি ভৱিষ্যতে অসমখনক আগবঢ়াই নিয়াৰ বাবে মানৱ সম্পদ সৃষ্টি কৰিছো ।’’
নিযুত মইনা আঁচনিৰ ধন পাবলৈ হ’ব ছাত্ৰীসকলৰ যোগ্যতা কেনে হ’ব লাগিব ?
এই আঁচনিৰ ধন লাভৰ ক্ষেত্ৰত কেইটমান চৰ্ত নিৰ্ধাৰণ কৰা হৈছে ৷ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাইলৈ শিক্ষানুষ্ঠানৰ অধ্যক্ষসকলে ছাত্ৰীসকলক বেংক ড্ৰাফট দিব । এইবাৰ বেংক ড্ৰাফট দিয়া হৈছে । অহা মাহৰ পৰা মাহৰ ১১ তাৰিখে ১১ বজাত বেংক একাউণ্টত নিৰ্দিষ্ট ধনৰাশি সোমাব । প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষত নামভৰ্তি কৰিলে এই ধনৰাশি লাভ কৰি থাকিব । উত্তীৰ্ণ নহ'লে নাইবা নামভৰ্তি নকৰিলে এই সুবিধা নাপাব । এই আঁচনি কোনো ধৰণৰ অভিযোগ নথকা ছাত্ৰীয়েহে লাভ কৰিব । নিয়মানুবৰ্তিতা বৰ্তাই ৰখা, পৰীক্ষাত পাছ কৰা আৰু উপস্থিতি নিয়মীয়া থকা ছাত্ৰীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিব । বছৰৰ দহ মাহ আঁচনিৰ ধন লাভ কৰিব আৰু গৰম বন্ধৰ বাবে দুমাহ লাভ নকৰিব ।’’
‘‘আনহাতে ডিগ্ৰী পঢ়ি থকা অৱস্থাত বিয়া হোৱা ছাত্ৰীয়ে এই আঁচনি লাভ নকৰিব । স্নাতকোত্তৰ পৰ্যায়ত বিয়া অৱশ্যে হ'লে আঁচনিখনৰ সুবিধা লাভ কৰিব । আমি বিচাৰো যে ডিগ্ৰীলৈকে যাতে কোনেও বিয়াত নবহে । ভেঞ্চাৰ আৰু ছেল্ফ ফাইনেঞ্চত অধ্যয়ন কৰি থকাসকলক এই আঁচনিত সামৰি লোৱা নাই যদিও তেওঁলোকক সামৰি লোৱাৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰা হৈছে । এইক্ষেত্ৰত শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰা হ'ব । আজিৰ এই অনুষ্ঠানত কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁৱ জিলাৰ ২৪,৪৮৪ গৰকী ছাত্ৰী আহিছে । সকলোকে এইবাৰ প্ৰথম কিস্তি বেংক ড্ৰাফট যোগে দিয়া হৈছে । কলেজত কাইলৈ বাকী সকলোৱে বেংক ড্ৰাফট লাভ কৰিব । কোনোবাই বেংক ড্ৰাফটৰ বিনিময়ত চাহ খাবলৈ কিবা বিচাৰিলে মোক জনাব । লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।’’ মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷
ছাত্ৰসকলৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ল’ৰাসকলে মোক কৈ থাকে আমাৰ কি হ'ব । ইতিমধ্যে ল'ৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসমৰ যোগেদি ২ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে । আনহাতে ল'ৰাৰ বাবে অহা বাজেটত কিবা অনাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে ৷’’
অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অভিলাষী এই আঁচনিখনৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ শৈক্ষিক দিনৰ স্মৃতি ৰোমন্থন কৰে । শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, ‘‘দুৰ্গা পূজাৰ পাচতে উচ্চতৰ মাধ্যমিক পৰ্যায়ত অতিৰিক্তভাৱে অনলাইন ক্লাছৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ বাবে পাঁচটা টেলি এডুকেশন ষ্টুডিঅ' কৰা হৈছে ।’’ এই অনুষ্ঠানটোত মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ বিজুলী কলিতা মেধি, মুখ্য সচিব ৰবি কোটা, বিধায়ক অতুল বৰা, ভৱেশ কলিতা, দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়াৰ উপৰিও চৰকাৰী ভালেসংখ্যক বিষয়া উপস্থিত আছিল ৷
ডিমা হাছাও জিলাতো ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ চেক বিতৰণ
ডিমা হাছাও জিলাতো উচ্চ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । এই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যৰ শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস । নিযুত মইনা আঁচনিৰ অধীনত ডিমা হাছাও জিলাত 1226 গৰাকী ছাত্ৰীক চেক বিতৰণ কৰে ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ।
কলিয়াবৰত নিযুত মইনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ
কলিয়াবৰত এই আঁচনিৰ চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ লয় কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ মহিলা শিক্ষাৰ ক্ষেত্ৰত ই এক যুগান্তকাৰী পদক্ষেপ । ই হিতাধিকাৰীৰ আঁচনি নহয়, ই মানৱ সম্পদ গঢ়াৰ বাবে বিনিয়োগ । যি অসমৰ মহিলা শিক্ষাক এক উৎকৃষ্ট পৰ্যায়লৈ লৈ যাব আৰু ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত উল্লেখনীয় সাহায্য প্ৰদান কৰিব । ছাত্ৰীসকলে যাতে এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব পৰাকৈ নিজকে প্ৰকৃত ছাত্ৰী ৰূপে নিজকে গঢ়ি তোলে তাৰ বাবে আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই । অশিক্ষণীয় আচৰণৰ বাবে যাতে ছাত্ৰীসকলে আঁচনিৰ অনুদান লাভ কৰাৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলো ছাত্ৰীয়ে শিক্ষা সামৰণি পৰালৈকে এই আঁচনিৰ সুবিধা লাভৰ বাবে প্ৰয়াস চলাবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
জোনাইতো ছাত্ৰীয়ে লাভ কৰিলে নিযুত মইনা আঁচনিৰ ধন
জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক ভূৱন পেগুৱে । “ছাত্ৰী সৱলীকৰণৰ দিশে আৰু এখোজ” লক্ষ্যৰে আৰম্ভ কৰা এই ‘নিযুত মইনা আঁচনি’ৰ জৰিয়তে জোনাইৰ বিভিন্ন বাবে মহাবিদ্যালৰ মুঠ ১৫৬৬ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হয় আৰ্থিক অনুদানৰ চেক । এই নিযুত মইনা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচীত বিধায়কৰ লগতে জোনাই সমজিলা আয়ুক্ত, জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, স্থানীয় নেতা নৰেশ কুম্বাঙৰ উপৰিও কেবাজনো বিষয়-ববীয়া আৰু বিদ্যালয়- মহাবিদ্যালয়ৰ অধ্যক্ষ-শিক্ষক উপস্থিত থাকে ৷
বৰপেটা জিলাতো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ
বৰপেটা জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ দহখন শিক্ষানুষ্ঠানত চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় । আঁচনিখনৰ অধীনত বৰপেটা জিলাৰ ৮৫ খন শিক্ষানুষ্ঠানৰ ৮,৯৭৪ গৰাকী ছাত্ৰীক বাচনি কৰা হৈছে । বৰপেটা জিলাত পাঁচটা বিধানসভা সমষ্টি আছে আৰু সেইকেইটা হ’ল বৰপেটা, চেঙা, মন্দিয়া, সৰুক্ষেত্ৰী আৰু ভবানীপুৰ- সৰভোগ । প্ৰতিটো সমষ্টিৰ দুখনকৈ শিক্ষানুষ্ঠানত আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হয় । বৰপেটা বিধানসভা সমষ্টিৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত ৯৭৪ গৰাকী ছাত্ৰীৰ মাজত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হয় । এই অনুষ্ঠানত বৰপেটা জিলাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাৰ লগতে অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
হোজাইত সৰ্বমুঠ ৩২৫৭ গৰাকী ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনি শুভাৰম্ভ কৰা সমান্তৰালকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে লামডিং সমষ্টিৰ বামুনগাঁৱৰ সদভাৱনা ভৱনত শুভাৰম্ভ কৰা হয় নিযুত মইনা আঁচনি । আঁচনিৰ অধীনত লামডিং সমষ্টিত ১৩৯৩ গৰাকী ছাত্ৰীক সামৰি লোৱাৰ লগতে আৰু হোজাই জিলাত সৰ্বমুঠ ৩২৫৭ গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান লাভ কৰিব ৷ অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, সদৌ অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধক্ষ্য তথা অনুষ্ঠানৰ মুখ্য অতিথি ৰাজবীৰ সিং, লামডিং সমজিলাৰ আয়ুক্ত জয় শংকৰ শৰ্মা, জিলাখনৰ কেইবাজনো অতিৰিক্ত আয়ুক্ত, চৰকাৰী কৰ্মচাৰী আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰীসকল উপস্থিত থাকে ।
ছাত্ৰীসকলক উচ্চশিক্ষা গ্ৰহণ কৰি সমাজ শক্তিশালী কৰাৰ আহ্বান মন্ত্ৰী ইউ জি ব্ৰহ্মৰ
বাক্সা জিলাৰ মুছলপুৰত ২২৮৫ গৰাকী ছাত্ৰী নিযুত মইনা আঁচনিৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ৷ সকলো ছাত্ৰীকে উচ্চশিক্ষা গ্ৰহণ কৰি সমাজখন শক্তিশালী কৰাৰ আহ্বান মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ৷ বাল্যবিবাহ ৰোধ কৰি নাৰী শিক্ষাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ উল্লেখ্য যে নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত হৈ চেক গ্ৰহণ কৰিবলৈ অহা ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ অনুস্থানত বিধায়ক ভূপেন বড়ো , বিটিচি এম চি এল এ মন্টু বড়ো , বাক্সাৰ জিলা আয়ুক্ত গৌতম দাস, অতিৰিক্ত আয়ুক্ত, সমজিলা আয়ুক্তকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।
গোলাঘাট জিলাৰ মুঠ ৫৫৬১ গৰাকী ছাত্ৰীলৈ নিযুত মইনা আঁচনিৰ চেক প্ৰদান
সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ পাঁচোটা সমষ্টিত দেওবাৰে নিযুত মইনা আঁচনিৰ চেক প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই উপলক্ষে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ । গোলাঘাট সমষ্টিৰ ১৬৭৯ গৰাকী ছাত্ৰীলৈ নিযুত মইনা আঁচনিৰ চেক প্ৰদান কৰা হয় । এই চেক প্ৰদান অনুষ্ঠান উপস্থিত থাকি মন্ত্ৰী অজন্তা নেওগে কয়, ‘‘আজি আমি সকলোৱে আনন্দিত হৈছো কাৰণ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছত নাৰী শিক্ষা সৱলীকৰণৰ কাৰণে নিযুত মইনা আঁচনি গ্ৰহণ কৰিছে আৰু এই আচঁনিৰ জৰিয়তে স্ত্ৰী শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিব ৷ ইয়াৰ উপৰিও বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিব ৷
বোকাখাত, খুমটাই, দেৰগাঁও আৰু সৰুপথাৰ সমষ্টিতো ছাত্ৰীসকলৰ মাজত এই নিযুত মইনা আঁচনিৰ চেক প্ৰদান কৰা হয় । বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চত নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কৃষি মন্ত্ৰী অতুল বৰাই ১০৩৮ গৰাকী ছাত্ৰীৰ মাজত চেক বিতৰণ কৰে ৷ ঠিক তেনেদৰে দেৰগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ৯৮৫ গৰাকী ছাত্ৰীৰ মাজত চেক বিতৰণৰ বাবে বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে । খুমটাই সমষ্টিৰ জয়া গগৈ মহাবিদ্যালয়তো ৮৬৬ গৰাকী ছাত্ৰীৰ মাজত চেক বিতৰণৰ কৰে বিধায়ক মৃণাল শইকীয়াই ।
লগতে পঢ়ক: মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি : দেওবাৰৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন - Nijut Moina scheme
৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan