নগাঁও: সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ৰূহীহাটৰ সাংসদ আক্ৰমণত জড়িত অভিযুক্ত কেতিয়া পৰিব আৰক্ষীৰ জালত ? বিভিন্নজনৰ মুখে মুখে এতিয়া এটাই প্ৰশ্ন । অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব নে নগাঁও আৰক্ষী ?
নগাঁৱৰ ৰূপহীহাটৰ নতুন বজাৰত সাংসদ ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনক ৰাজহুৱা সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰাৰ লগতে দিন দুপৰতে সাংসদ ৰকিবুল হুছেইনক জনচক্ষুৰ সন্মুখতে এটা দুৰ্বৃত্তৰ দলে কৰা আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্য একপ্ৰকাৰ জোকাৰি যোৱাৰ দুটা দিন অতিক্ৰম কৰাৰ পাছতো এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে আৰক্ষীৰ জালত পৰা নাই এজনো অভিযুক্ত ।
যাক লৈ সোমবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি সাংসদৰ লগতে সাংসদ ৰকিবুল হুছেইনৰ দেহৰক্ষী অসম আৰক্ষীৰ জোৱানকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা আটাইকেইজন অভিযুক্তক কৰায়ত্ত কৰি সুস্থ সমাজ ব্যৱস্থা সুদৃঢ় কৰিবলৈ দাবী উত্থাপন কৰে ইউনাইটেড পিপল'চ ফৰাম নামৰ এটা অৰাজনৈতিক সংগঠনে ৷
ৰাজপথত এগৰাকী সাংসদক কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে । খাকী পোচাকত থকা অসম আৰক্ষীৰ জোৱানকো প্ৰহাৰ কৰাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো আৰক্ষীৰ দুৰ্বলতা বুলিও মন্তব্য কৰে ইউনাইটেড পিপল'চ ফ'ৰামৰ নেতৃবৰ্গই ।
দিনৰ পোহৰতে এগৰাকী সাংসদৰ লগতে খাকী পোছাকত থকা দেহৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ত নকৰিলে ভৱিষ্যতে এনে অভিযুক্তক উৎসাহিত কৰিব বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই ।
ইপিনে ৰূপহীহাটত বৃহস্পতিবাৰে সাংসদৰ লগতে দেহৰক্ষীক কৰা আক্ৰমণৰ দিনাই ৰকিবুল হুছেইনৰ দেহৰক্ষী জিতুমনি বৰাই ৰূপহীহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে 67/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 189(1)/189(2)/190/126(2)/121(2)/117(2)/132 BNS ধাৰাৰ অধীনত গোচৰ কৰি অভিযুক্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বুলি নগাঁও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।
আনহাতে, ঘটনা সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে শুক্ৰবাৰে নগাঁও সদৰ আৰক্ষী থানাত ২২ জন লোকক অভিযুক্ত কৰি দাখিল কৰা আন এক এজাহাৰৰ ভিত্তিতো নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি অভিযান আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে । ৰকিবুল হুছেইনে দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে 147/25 নম্বৰত গোচৰ ৰুজু কৰা বুলিও জানিব পৰা গৈছে ।
ঘটনাত জড়িত কেইবাজনো অভিযুক্তক ইতিমধ্যেই নগাঁও আৰক্ষীয়ে চিনাক্ত কৰি অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলিও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । অতি শীঘ্ৰেই অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলিও জনাইছে আৰক্ষীৰ এটা সূত্ৰই ।
স্মৰ্তব্য, ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনৰ লগতে দেহৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে শনিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হয় প্ৰতিবাদী কাৰ্যসূচী ।