ETV Bharat / state

কংগ্ৰেছৰ এজনো লোক মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয়: মন্ত্ৰী যোগেন মহন - Minister Jogen Mohan

No Congressman is suitable for the CM Post: মুখ্যমন্ত্ৰী হিচাপে ভূপেন বৰা আৰু গৌৰৱ গগৈক লৈ বিৰ্তক আৰম্ভ হোৱাত প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

No Congressman is suitable for the CM Post
মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত কোন: জনালে মন্ত্ৰী যোগেন মহন (Etv Bharat Assam)

ডিব্ৰুগড়, ৬ অক্টোবৰ: লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ দৰে এটা সমষ্টিত জয়লাভ কৰা পাছতেই কংগ্ৰেছ দলৰ আত্মবিশ্বাস বাঢ়িল । ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰা লক্ষ্যৰে দলীয় সাংগঠনিক কাম আৰম্ভ কৰিছে কংগ্ৰেছ দলে । তেনে সময়ত শেহতীযাকৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত এতিয়া চলিছে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক । ২০২৬ ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শাসনলৈ আহিলে কোন হ'ব কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী তাক লৈ ব্যাপক চৰ্চা চলিছে ।

কেইটামান দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব বুলি দলৰ ভিতৰত একাংশই চৰ্চা কৰা পাছতেই পুনৰ একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কংগ্ৰেছ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ হ'ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছে । কংগ্ৰেছৰ ভিতৰচ’ৰাত চৰকাৰ হ'লে মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চৰ্চা চলা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ইয়াৰ পিছতে আজি মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে "কংগ্ৰেছে ইজনে সিজনৰ নাম লৈ থাকোতেই নিৰ্বাচন পাবহি, কংগ্ৰেছৰ এজনো লোক মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয় ।"

মন্ত্ৰী যোগেন মহন (ETV Bharat Assam)

কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীৰ বিতৰ্কক লৈ কি কয় মন্ত্ৰী যোগেন মহনে:

কংগ্ৰেছ দলে ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া কৰি থাকোতেই নিৰ্বাচন পাবহি । তেওঁলোকে নাম সলনি কৰিছে বুলি কৈছে কিন্তু নাম সলনি কৰিলেও ৰাইজে গ্ৰহণ নকৰে । কংগ্ৰেছৰ প্ৰতি ৰাইজৰ যি ঘৃণা আছে তাক মচিব নোৱাৰে । এইখন বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত ৰাইজ যথেষ্ট সজাগ সচেতন হৈছে । সকলো শ্ৰেণীৰ ৰাইজক লৈ চৰকাৰ চলিছে । সেয়ে বিজেপি চৰকাৰৰ লগত ৰাইজ থাকিব । কংগ্ৰেছৰ এজনো লোক মুখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয় ।

উল্লেখ্য যে, অসমৰ প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন হিচাপে শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে সংযোজন হ'ল চৰাইদেউ জিলাৰ মাহমৰা সম-জিলা । সেই অনুসৰি আনুষ্ঠানিকভাৱে মৰাণত সম-জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলাৰ আয়ুক্ত ড° নেহা যাদৱ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ড° অনিল শইকীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট লোকৰ লগতে স্থানীয় লোক ।

লগতে পঢ়ক: খং উঠিছিল জুবিন গাৰ্গৰ, খঙৰ কাৰণ ক'লে মন্ত্ৰী মহনে - Jogen Mohan on Zubeen Garg

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.