ETV Bharat / bharat

আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ - Haryana Assembly elections 2024 - HARYANA ASSEMBLY ELECTIONS 2024

Haryana Elections 2024 : শনিবাৰে অনুষ্ঠিত হৈছে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন । মুঠ 90 খন আসনৰ বাবে নিৰ্বাচনী 'দঙ্গল' এটা পৰ্যায়ত অনুষ্ঠিত হৈছে ।

Haryana Elections 2024
আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ (ETV Bharat Graphics)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 10:53 AM IST

নিউজ ডেস্ক, ৫ অক্টোবৰ : হাৰিয়ানা বিধানসভাৰ 90 খন আসনৰ বাবে শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ । লোকসভা নিৰ্বাচনৰ পিচত দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাত ৰাজনৈতিক দলবোৰৰ মাজত তীব্ৰ 'দঙ্গল' হ'ব । বিজেপি, কংগ্ৰেছকে ধৰি সকলো দলে বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । হাৰিয়ানাত যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হয়, কিন্তু আন মুখ্য আঞ্চলিক দলবোৰৰো গুৰুত্ব কম নহয় ।

90 খন আসনত 1,031 গৰাকী প্ৰাৰ্থী

হাৰিয়ানাৰ 22 খন জিলাৰ মুঠ 90 খন বিধানসভা আসনৰ বাবে মুঠ 1,747 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । ইয়াৰে ভিতৰত 1,151 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হোৱাৰ বিপৰীতে 394 খন নাকচ হয় । আনহাতে, 202 গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰে । ইয়াৰ পিচত বৰ্তমান হাৰিয়ানাৰ 'দঙ্গল'ত বৰ্তমান মুঠ 1,031 গৰাকী প্ৰাৰ্থী আছে । ইয়াৰে ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা 930 গৰাকীৰ বিপৰীতে মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে 101 গৰাকী । আনহাতে, এই নিৰ্বাচনী যুঁজত 538 গৰাকী কোটিপতি প্ৰাৰ্থীৰ উপৰি 133 গৰাকী অপৰাধমূলক গোচৰৰ সন্মুখীন হোৱা প্ৰাৰ্থীও আছে ।

কোন সমষ্টিত সৰ্বাধিক আৰু কোন সমষ্টিত সৰ্বনিম্ন প্ৰাৰ্থী ?

হাৰিয়ানাত সৰ্বাধিক ২১ গৰাকী প্ৰাৰ্থীয়ে হিছাৰ বিধানসভা আসনখনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে । আনহাতে, সৰ্বনিম্ন 5 গৰাকী প্ৰাৰ্থী আছে কলানৱালী আৰু নাংগল চৌধুৰী আসনখনত ।

মুঠ ভোটদাতাৰ সংখ্যা কিমান ?

হাৰিয়ানাত সৰ্বমুঠ 20,629 টা ভোটকেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে, এই নিৰ্বাচনত হাৰিয়ানাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,03,54,350 গৰাকী । ইয়াৰে ভিতৰত 1,077,5,957 গৰাকী পুৰুষ আৰু 95,77,926 গৰাকী মহিলাৰ বিপৰীতে 467 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

হাৰিয়ানাত জাতিগত সমীকৰণ কি ?

তথ্য অনুসৰি, হাৰিয়ানাৰ জাট সমাজ হৈছে সংখ্যাগৰিষ্ঠ । এই সম্প্ৰদায়ৰ ভোটাৰৰ সংখ্যা 22.2% । আনহাতে, অনুসূচিত জাতিৰ 21%, পাঞ্জাবী 8%, ব্ৰাহ্মণ 7.5%, বৈশ্য 5.14%, জাট শিখ 4%, মিঅ' আৰু মুছলমান 3.8%, ৰাজপুত 3.4%, গুৰ্জাৰ 3.35%, বিষ্ণোই 0.7% আৰু অন্যান্য 15.91% ভোটাৰ ।

মুখ্য প্ৰাৰ্থী কোন কোন

হাৰিয়ানা নিৰ্বাচনৰ মুখ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী । তেওঁ লাডৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে, কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাৰ্থী ভূপিন্দৰ সিং হুডাই গড়ী চাম্পলা-কিলোইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । হাৰিয়ানাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা জে জে পি নেতা দুষ্মন্ত চৌতালাই উচানা কলানৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । ৰাজ্যসভাৰ সাংসদ কিৰণ চৌধুৰীৰ কন্যা শ্ৰুতি চৌধুৰীয়ে তোছামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

ইয়াৰ উপৰি আই এন এল ডিৰ সাধাৰণ সম্পাদক অভয় সিং চৌতালাই এলেনাবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । পেৰিছ অলিম্পিকত পদক জয়ৰ পৰা বঞ্চিত হোৱা বিনেশ ফোগাটে কংগ্ৰেছৰ টিকটত জুলানাৰ পৰা নিৰ্বাচনী খেলপথাৰত অৱতীৰ্ণ হৈছে । ইফালে আম আদমি পাৰ্টীয়ে জুলানাৰ মল্লযোদ্ধা কবিতা দালালক টিকট প্ৰদান কৰিছে আৰু তেওঁ বিনেশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

আনহাতে, হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত সিং চৌতালাই বিজেপিৰ টিকট প্ৰত্যাখ্যান কৰি ৰানিয়া সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে । হাৰিয়ানাৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল ভিজে আম্বালা কেণ্টৰ পৰা, কুৰুক্ষেত্ৰৰ সাংসদ নবীন জিন্দালৰ মাতৃ তথা দেশৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে হিছাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াৰ উপৰি হাৰিয়ানা কংগ্ৰেছৰ মুৰব্বী চৌধুৰী উদয়ভানে হোদালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

লগতে পঢ়ক :ভাৰতীয় সেনাৰ ৬২ সংখ্যক ৱালং দিৱসৰ প্ৰস্তুতি - 62nd Walong Day
লগতে পঢ়ক :বিতৰ্কৰ মাজতে চৰকাৰী বাসগৃহ খালী কেজৰিৱালৰ - Arvind Kejriwal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.