ETV Bharat / bharat

অনলাইন শ্বপিং হ'ল মৃত্যুৰ কাৰণ ! কিন্তু কিয় ? - Suicide For Online Shopping - SUICIDE FOR ONLINE SHOPPING

Suicide in Bettiah : অনলাইনযোগে বজাৰ কৰাটো এতিয়া সকলোৰে নিচা হৈ পৰিছে । কিন্তু অনলাইনত বজাৰ কৰাৰ বাবেই যদি কোনোবাই জীৱন ত্যাগ কৰিবলগা হয় ?

Suicide in Bettiah
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 2:24 PM IST

নিউজ ডেস্ক, ৫ অক্টোবৰ : বৰ্তমান সময়ত অনলাইন শ্বপিং নাগৰিকৰ জীৱনৰ যেন এক অবিচ্ছেদ্য অংগ হৈ পৰিছে । এই অনলাইন শ্বপিঙত যেনেদৰে সুবিধা আছে, তেনেদৰে অসুবিধাও নোহোৱা নহয় । আনহাতে, বহুতে আকৌ অনলাইনযোগে বজাৰ কৰিবলৈ গৈ প্ৰৱঞ্চিত হোৱাৰ উদাহৰণো আছে । কিন্তু এই ঘটনা ইয়াৰ সম্পূৰ্ণ বেলেগ । অনলাইনত শ্বপিং কৰিবলৈ গৈ জীৱন ত্যাগ কৰিবলগা হয় এগৰাকী যুৱতীয়ে ।

বিহাৰৰ বেতিয়া জিলাত সংঘটিত এক ঘটনাই এতিয়া সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে । অনলাইন শ্বপিঙক লৈ আৰম্ভ হোৱা এক বিবাদ এনে স্তৰত উপনীত হয় যে ইয়াৰ বাবেই এগৰাকী যুৱতীয়ে আত্মহত্যা কৰে । ঘটনাটো সংঘটিত হয় নৱালপুৰ আৰক্ষী থানাৰ অধীনৰ এক অঞ্চলত । প্ৰকৃততে অনলাইনত কাপোৰ ক্ৰয়ৰ বিষয়ক লৈ হ'বলগীয়া স্বামীৰ সৈতে হোৱা বিবাদৰ পৰিণতিতে যুৱতীগৰাকীয়ে আত্মহত্যা কৰে ।

আত্মীয়ৰ তথ্যৰ ভিত্তিত পোৱা খবৰ অনুযায়ী স্থানীয় নৱালপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বেতিয়া জি এম চিলৈ প্ৰেৰণ কৰে । আত্মহত্যা কৰা যুৱতীগৰাকীক দুধিয়াৱান গাঁৱৰ বাসিন্দা বিধা প্ৰসাদৰ কন্যা ২১ বছৰীয়া আমীষা কুমাৰী বুলি চিনাক্ত কৰা হৈছে ।

ঘটনা সন্দৰ্ভত আমীষাৰ খুৰাক প্ৰদীপ প্ৰসাদে কয়, "আমীষাৰ বিয়া শিকাৰপুৰ আৰক্ষী থানাৰ অধীনৰ হাৰদিয়া চ'কৰ বাসিন্দা জনক প্ৰসাদৰ পুত্ৰ নীতিশ কুমাৰৰ সৈতে ঠিক কৰা হৈছিল । দুয়োৰে বাগদান হৈছিল । বাগদানত ল'ৰাজনে ছোৱালীজনীক উপহাৰ হিচাপে মোবাইল এটা দিছিল । বাগদানৰ পিচৰে পৰা প্ৰতিদিনে দুয়োৰে মাজত বাৰ্তালাপ হৈছিল । দুয়োৰে বিবাহৰ তাৰিখ অহা বছৰ ৭ মাৰ্চত নিৰ্ধাৰণ কৰা হৈছিল ।"

তেওঁ লগতে কয়, "আমীষাই অনলাইনত ২৫০ টকাৰ কাপোৰ অৰ্ডাৰ কৰিছিল, যাৰ বাবে নীতিশৰ খং উঠিছিল । ইয়াৰ বাবেই তেওঁলোকৰ মাজত ফোনতে কাজিয়া হৈছিল । তেওঁক নজনোৱাকৈ কাপোৰৰ অৰ্ডাৰ দিয়াৰ বাবে ল'ৰাজনৰ খং উঠিছিল ।"

যুৱতীগৰাকীৰ খুৰাকে লগতে কয়, "তেওঁ (হ'বলগীয়া স্বামী) আমীষাক ফোনত কৈছিল যে তেওঁক নোসোধাকৈ কিয় কাপোৰটো অনলাইনত অৰ্ডাৰ কৰিছিল । বিষয়টো ইমানেই বাঢ়ি যায় যে ল'ৰাজনে ছোৱালীজনীক কয় যে 'মই তোমাক বিয়া নকৰাওঁ' । এতিয়াই যদি তেওঁ মোক নোসোধাকৈ যি বিচাৰে সেয়াই কৰি থাকে, তেন্তে পিছত কি হ'ব ? এই কথাতে আঘাত লাগি ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰে ।"

আনহাতে, সদৰ ডি এছ পি ৰজনীকান্ত প্ৰিয়দৰ্শীয়ে কয় যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিচত পৰিয়ালটোক গতাই দিয়া হৈছে ।

"এই ক্ষেত্ৰত আমীষাৰ পৰিয়ালৰ পৰা কোনো আবেদন লাভ কৰা হোৱা নাই । আবেদন লাভ কৰাৰ পিচত ল'ৰাজন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হ'ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ'ব । অৱশ্যে বিষয়টোৰ তদন্ত চলি আছে ।" নৱালপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম কুমাৰ ৰায়ে এনেদৰে কয় ।

লগতে পঢ়ক :ছত্তীশগড়ত ৩১ টা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ - Chhattisgarh Naxal encounter
লগতে পঢ়ক :পত্নী-সন্তানসহ ঘৰৰ ভিতৰতে গুলীয়াই হত্যা শিক্ষকক - Brutal murder

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.