অসম

assam

ETV Bharat / bharat

মৰণোত্তৰভাৱে ভাৰতৰত্নৰে সন্মানেৰে সন্মানিত জননেতা কৰ্পুৰী ঠাকুৰ

Karpoori Thakur Bharat Ratna : ভাৰত চৰকাৰে ভাৰতৰত্নৰে সন্মানিত কৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা কৰ্পুৰী ঠাকুৰক । কাইলৈ ​​কৰ্পুৰী ঠাকুৰৰ জন্ম বাৰ্ষিকী । জন্ম বাৰ্ষিকীৰ পূৰ্বে মৰণোত্তৰভাৱে ভাৰত চৰকাৰে তেওঁক ভাৰতৰত্ন বঁটাৰে সম্বৰ্ধনা জনাইছে ।

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 10:00 PM IST

Karpoori Thakur Bharat Ratna
ভাৰতৰত্নৰে সন্মানেৰে সন্মানিত কাৰ্পুৰী ঠাকুৰক

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী :ভাৰত চৰকাৰে ভাৰতৰত্নৰে সন্মানিত কৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা কৰ্পুৰী ঠাকুৰক । কাইলৈ (বুধবাৰ) ​​কৰ্পুৰী ঠাকুৰৰ জন্ম বাৰ্ষিকী । জন্ম বাৰ্ষিকীৰ পূৰ্বে তেওঁক ভাৰত চৰকাৰে ভাৰতৰত্ন বঁটাৰে সন্মানিত কৰিছে । ১৯২৪ চনত বিহাৰৰ সমস্তীপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল কৰ্পুৰী ঠাকুৰে ।

১৯৮৮ চনত পাটনাত ৬৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয় । তেওঁ পিছপৰা মানুহক অধিকাৰ দিয়াৰ পোষকতা কৰি আহিছিল । তেওঁ দুবাৰকৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ লগতে পিছপৰা শ্ৰেণীক সংৰক্ষণ প্ৰদানৰ বাবেও কাম কৰিছিল ।

মঙলবাৰে ৰাষ্ট্ৰপতিৰ সম্পাদকে এক সংবাদ মাধ্যমত কয়, "শ্ৰদ্ধাৰ কৰ্পুৰী ঠাকুৰক (মৰণোত্তৰভাৱে) ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে আনন্দিত হৈছে ৰাষ্ট্ৰপতি"।

তথ্য অনুসৰি, জন নায়ক নামেৰে জনপ্ৰিয় কৰ্পুৰী ঠাকুৰে ১৯৭০ চনৰ ২২ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ ২ জুনলৈকে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অৱদান আগবঢ়াই তেওঁ কেইবামাহো কাৰাগাৰত কটাবলগীয়া হৈছিল । তেওঁ পিছপৰা শ্ৰেণী আৰু দৰিদ্ৰ জনসাধাৰণৰ উত্থানৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল ।

১৯৫২ চনত তাজপুৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী হিচাপে বিহাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল । তেওঁ বিহাৰৰ শিক্ষামন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ পিচত তেওঁ বিহাৰৰ প্ৰথমজন অকংগ্ৰেছী সমাজবাদী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ৷ চাৰি দশকৰো অধিক সময় বিহাৰৰ ৰাজনীতিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

মুখ্যমন্ত্রী নীতিশ কুমাৰ, প্রাক্তন মুখ্যমন্ত্রী লালু প্রসাদ যাদৱ, প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রয়াত ৰামবিলাস পাছোৱানকে ধৰি বিহাৰৰ একাংশ বিশিষ্ট নেতাৰ গুৰু হিচাপে তেওঁ মুখ্য ভূমিকা পালন কৰিছিল ৷ সমাজবাদী নেতা হিচাপে তেওঁৰ জীৱন বিভিন্ন পৰ্যায়ত বিস্তৃত আছিল যদিও ৰাম মনোহৰ লোহিয়াৰ মৃত্যুৰ পিচতহে তেওঁ আটাইতকৈ প্ৰভাৱশালী নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বঁটাটোৱে তেওঁৰ উল্লেখযোগ্য অৱদানক সন্মান জনোৱাই নহয়, অধিক ন্যায়পৰায়ণ আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ তেওঁৰ অভিযান অব্যাহত ৰাখিবলৈও আমাক অনুপ্ৰাণিত কৰে ।

X টুইটাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘ভাৰত চৰকাৰে সামাজিক ন্যায়ৰ পথ প্ৰদৰ্শক মহান জননেতা কৰ্পুৰী ঠাকুৰ জীক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ সিদ্ধান্ত লোৱাত মই অতিশয় আনন্দিত হৈছো । জন্ম শতবাৰ্ষিকী উপলক্ষে এই সিদ্ধান্তই দেশবাসীক গৌৰৱান্বিত কৰিব । পিছপৰা আৰু বঞ্চিতসকলৰ উত্থানৰ বাবে কাৰ্পুৰী জীৰ অদম্য দায়বদ্ধতা আৰু দূৰদৰ্শী নেতৃত্বই ভাৰতৰ আৰ্থ-ৰাজনৈতিক দৃশ্যপটত এক অমলিন চিন ৰাখিছে । এই ভাৰতৰত্ন কেৱল তেওঁৰ অতুলনীয় অৱদানৰ বিনম্ৰ স্বীকৃতি নহয়, ই সমাজত সমন্বয় আৰু অধিক প্ৰসাৰিত কৰিব’’ ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু, নিৰ্বাচনৰ পিচতে হ’ব গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details