ETV Bharat / entertainment

এইবাৰ ৰণবীৰ এলাহবাদিয়া-সময় ৰাইনালৈ মুম্বাই আৰক্ষীৰ চমন - SAMAY RANVEER COMMENT CONTROVERSY

ইণ্ডিয়াজ গট লেটেণ্ট অনুষ্ঠানটোত কৰা অভব্য আচৰণৰ পিছত ৰণবীৰ এলাহবাদিয়া বাৰুকৈয়ে আইনী সমস্যাৰ সন্মুখীন হৈছে ।

Mumbai Police Summons Ranveer Allahbadia Samay Raina for vulgar Comment on India's Got Latent
ৰণবীৰ এলাহবাদিয়া (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : Feb 11, 2025, 2:14 PM IST

হায়দৰাবাদ : ইণ্ডিয়াজ গট লেটেণ্ট অনুষ্ঠানটোত অশালীন মন্তব্য সন্দৰ্ভত বাঢ়ি অহা সমালোচনাৰ পিছত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া আৰু কৌতুক অভিনেতা সময় ৰাইনাক মুম্বাই আৰক্ষীয়ে মঙলবাৰে চমন জাৰি কৰে । ইউটিউব শ্ব’ত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান, গুৱাহাটীত গোচৰ পঞ্জীয়ন, ভাৰতীয় পাৰিবাৰিক মূল্যবোধৰ ওপৰত হোৱা আক্ৰমণক লৈ জনসাধাৰণৰ ব্যাপক ক্ষোভৰ পিছত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । যদিওবা ৰণবীৰে ক্ষমা বিচাৰিছে, বিতৰ্কটো এতিয়াও শেষ হোৱা নাই ।

মুম্বাই আৰক্ষীয়ে দুয়োৰে পৰা সহযোগিতা বিচাৰি এই সন্দৰ্ভত উত্তৰ বিচাৰিছে । ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী আৰক্ষীয়ে ইণ্ডিয়াজ গট লেটেণ্ট শীৰ্ষক এটা শ্ব’ত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত বিশিষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিছে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যম X ত উল্লেখ কৰে, "আজি গুৱাহাটী আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট' শীৰ্ষক এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত কৰাৰ বাবে কেইজনমান ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ তেওঁলোক ক্ৰমে আশীষ চঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা ৷"

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টুইটটোত লগতে কয়, "গুৱাহাটী অপৰাধ শাখাই Cyber PS case no 03/2025 under sections - 79/95/294/296 of BNS 2023 read with Sec 67 of IT Act, 2000, read with Section 4/7 of Cinematograph Act 1952 read with Section 4/6 of ⁠Indecent Representation of Women (Prohibition) Act, 1986 ৰ অধীনত এই গোচৰ ৰুজু কৰে ৷"

ইফালে, ভাৰতীয় ইনফ্লুৱেঞ্চাৰ এছ’চিয়েশ্যনৰ সম্পাদক নীলকান্ত বক্সীয়ে ৰিয়েলিটী কমেডী শ্ব’টোত ইউটিউবাৰ আৰু প’ডকাষ্টাৰ ৰণবীৰ এলাহবাদিয়াই কৰা মন্তব্যক ‘ঘৃণনীয়ভাৱে অশ্লীল’ আৰু ‘যিকোনো ধৰণৰ শালীনতাৰ বাহিৰত’ বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে ।

Xৰ এটা পোষ্টত নীলকান্ত বক্সীয়ে কৈছে যে তেওঁ এই মন্তব্যবোৰ শুনি বিচলিত আৰু এলাহবাদিয়াই 'তেওঁৰ প্ৰকৃত ৰং দেখুৱাইছে' । "এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, @BeerBicepsGuy এ বাক স্বাধীনতাৰ সুযোগ লৈ ছ'চিয়েল মিডিয়াত জনপ্ৰিয় এটা কমেডী শ্ব'ত তেওঁৰ ঘৃণনীয় অশালীন মন্তব্যৰ দ্বাৰা তেওঁৰ প্ৰকৃত ৰং দেখুৱাইছে । এইটো শালীনতাৰ বাহিৰত । ভাৰতীয় ইনফ্লুৱেঞ্চাৰ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক হিচাপে মই বিচলিত আৰু তেওঁৰ মন্তব্যক তীব্ৰ গৰিহণা দিছো," বক্সীয়ে কয় ।

ইণ্ডিয়াজ গট লেটেণ্ট শ্ব’ৰ ইউটিউব খণ্ডৰ সময়ত এলাহবাদিয়াই কৰা এই ‘আপত্তিজনক’ মন্তব্যৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে । এই ক্ষোভৰ পিছতে সোমবাৰে এলাহবাদিয়াই তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল আৰু এই মন্তব্যক ‘অনুপযুক্ত’ আৰু ‘সংবেদনহীন’ বুলি অভিহিত কৰিছিল । এলাহবাদিয়াই নিজৰ X একাউণ্টত এক মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰি শ্ব’টোত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে । তেওঁ লিখিছে, "ইণ্ডিয়া'জ গট লেটেণ্টত মই কোৱা কথাখিনি মই ক'ব নালাগিছিল । মই দুঃখিত ।"

লগতে পঢ়ক : মুখ চম্ভালিব নোৱৰাৰ ফল ! দেশৰ ৫ জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.