ETV Bharat / state

গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল - PROCESSIONS BAN IN GUWAHATI

গুৱাহাটী মহানগৰীত যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে মহানগৰ আৰক্ষীৰ এই বিশেষ নিৰ্দেশনা ৷

Guwahati Police issued an order that restricted Processions or protests in city
গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 2:08 PM IST

গুৱাহাটী : এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখা নাযাব কোনো শিক্ষানুষ্ঠানৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা নাইবা কোনো ৰাজনৈতিক অ-ৰাজনৈতিক দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী বা সমদল । কিয়নো গুৱাহাটী মহানগৰীত নিষিদ্ধ কৰা হৈছে সমদল-শোভাযাত্ৰা । এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ।

গুৱাহাটী মহানগৰীত যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে । সেয়ে মহানগৰীত সুচল যাতায়াতত বাধাৰ সৃষ্টি কৰা যিকোনো সমদলত নিষেধাজ্ঞা আৰোপ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কার্যালয়ে । সোমবাৰে গুৱাহাটীৰ উপ-আৰক্ষী আযুক্ত (প্ৰশাসন) ইমদাদ আলী স্বাক্ষৰিত এক জাননীযোগে মহানগৰত সকলোধৰণৰ সমদলত নিষেধাজ্ঞা আৰোপ কৰা হয় ।

Guwahati Police issued an order that restricted Processions or protests in city
গুৱাহাটীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল (ETV Bharat)

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । যাতায়াতৰ সুবিধা হোৱাকৈ তাৎক্ষণিকভাৱে এই নিৰ্দেশ কার্যকৰী কৰা হৈছে । এই নিষেধাজ্ঞা ভংগ কৰিলে সংশ্লিষ্ট পক্ষক ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ অধীনত শাস্তিযোগ্য হিচাপে বিবেচিত কৰা হ'ব বুলি জাননীখনত উল্লেখ আছে ।

উল্লেখযোগ্য যে দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত আৰক্ষীয়ে বাধা আৰোপ কৰিছিল । শোভাযাত্ৰাত বাধা দিয়াত কটনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । ক্ষুব্ধ কটনিয়ানসকলে আৰক্ষীৰ সৈতে বাকযুদ্ধতো লিপ্ত হৈছিল । পৰৱৰ্তী সময়ত কটনৰ চৌহদৰ ভিতৰতে শোভাযাত্ৰা কৰিছিল ।

শোভাযাত্ৰাত আৰক্ষীয়ে বাধা দিয়া ঘটনাক সামাজিক মাধ্যমত বিভিন্নজনে ধিক্কাৰ দিছিল । ইয়াৰ পিছতেই গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে মহানগৰীত সকলোধৰণৰ সমদলত বাধা দিয়াৰ জাননীয়ে বিশেষ তাৎপর্য বহন কৰিছে ।

লগতে পঢ়ক : কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাক কিয় বাধা আৰক্ষীৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.