অসম

assam

ETV Bharat / bharat

ৰঙা ঠোঁট-কিচকিচীয়া ক'লা পাখিৰ হাঁহ, হালধীয়া ভাটৌ চাব খোজে নেকি ? - BLACK SWANS PAIR YELLOW PARROT

কোনো ভাস্কৰ্য শিল্পীয়ে গঢ়া এখন ঠেং দাঙি পানী যুৱলিৰ কাষত ঠিয় হৈ থকা দৃষ্টিনন্দন হাঁহৰ মূৰ্তি হয়তো বহুতে দেখিছে ৷ পিছে বাস্তৱত দেখিছেনে ?

ANIMALS IN KANPUR ZOO
ৰঙা ঠোঁট-কিচকিচিয়া ক'লা পাখিৰ হাঁহ, হালধীয়া ভাটৌ চাব খোজে নেকি ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 11:23 AM IST

Updated : Dec 6, 2024, 11:29 AM IST

কানপুৰ: ভাটৌ চৰাই আপুনি নিশ্চয় দেখিছে ৷ সেউজীয়া পাখি, ডিঙিত মণিধাৰ, ৰঙা ঠোঁটেৰে এই মৰম লগা চৰাইবিধ নেদেখা মানুহ হয়তো নোলাব ! মানুহৰ সংগত থাকিলেতো ভাটৌ আৰু প্ৰিয় হৈ পৰে ৷ আনকি মানুহৰ দৰে কথা ক'বলৈও শিকি পেলায় ৷ পিছে হালধীয়া ৰঙৰ ভাটৌ দেখিছেনে ? যাৰ পাখি সম্পূৰ্ণ হালধীয়া ৷

বহু ঠাইত হালধীয়া বৰণৰ ভাটৌ পোৱা যায় যদিও ভাৰতত খুব কমেইহে দেখা যায় এইবিধ চৰাই ৷ ভাটৌৰ কথা বাৰু থাকক ৷ কিচকিচীয়া ক'লা ৰঙৰ হাঁহ হয়তো বহুতে দেখিছে ৷ অসমৰ গাঁৱে-ভূঞে চৰি থকা পাটীহাঁহবিলাকৰ মাজতো কেতিয়াবা ক'লা বৰণৰ হাঁহ চকুত পৰে ৷

ভাস্কৰ্য শিল্পীয়ে গঢ়া এখন ঠেং দাঙি পানী যুৱলিৰ কাষত ঠিয় হৈ থকা দৃষ্টিনন্দন হাঁহৰ মূৰ্তি নহয় এয়া, বাস্তৱ (ETV Bharat)

কোনো ভাস্কৰ্য শিল্পীয়ে গঢ়া এখন ঠেং দাঙি পানী যুৱলিৰ কাষত ঠিয় হৈ থকা দৃষ্টিনন্দন হাঁহৰ মূৰ্তি হয়তো বহুতে দেখিছে ৷ পিছে বাস্তৱত দেখিছেনে ? যদি দেখা নাই তেন্তে এই শীততে হালধীয়া ভাটৌ আৰু এই ক'লা হাঁহ চাবলৈ যাব পাৰে উত্তৰ প্ৰদেশৰ কানপুৰ চিৰিয়াখানালৈ ৷ কিয়নো এই দুবিধ বিৰল প্ৰজাতিৰ হাঁহ আৰু ভাটৌ চৰাইকে ধৰি মুঠ 24 বিধ নতুন প্ৰজাতিৰ জীৱ-জন্তুৰ বাবে নতুন ঘৰ হ'বলৈ গৈ আছে কানপুৰ চিৰিয়াখানা ৷

হালধীয়া ভাটৌ (ETV Bharat)

এই আটাইকেইবিধ জীৱ-জন্তু কানপুৰলৈ নিয়া হ'ব অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ পৰা ৷ ইতিমধ্যে চেণ্ট্ৰেল জু অথ'ৰিটীয়ে এই 24 বিধ জীৱ-জন্তু বিশাখাপট্টনমৰ পৰা কানপুৰলৈ নিয়াৰ ক্ষেত্ৰত যাৱতীয় অনুমতি প্ৰদাল কৰিছে ৷ কানপুৰ চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড শীত পৰা পূৰ্বেই এই জীৱ-জন্তুসমূহ বিশাখাপট্টনমৰ পৰা কানপুৰলৈ নিয়া হ'ব ৷

লগতে পঢ়ক:চিৰিয়াখানাৰ পৰিয়ালটো ডাঙৰ হ’ল, নতুনকৈ কোন কোন আহিল ?

Last Updated : Dec 6, 2024, 11:29 AM IST

ABOUT THE AUTHOR

...view details