অসম

assam

ডোডাত এনকাউণ্টাৰত শ্বহীদ কেপ্তেইন, দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক - Army Captain Killed

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 3:28 PM IST

Jammu Kashmir encounter in Doda: জম্মু অঞ্চলৰ ডোডা জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত শ্বহীদ কেপ্তেইন ৷ চাৰিজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ সেনা বিষয়াৰ । ই টিভি ভাৰতৰ সাংবাদিক মহম্মদ আশ্ৰফ গনিৰ প্ৰতিবেদন ।

Army Captain Killed
ডোডাত এনকাউণ্টাৰত শ্বহীদ কেপ্তেইন (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট: জম্মু-কাশ্মীৰৰ ডোডা জিলাত বুধবাৰে সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখিৰ সময়ত ভাৰতীয় সেনাৰ ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ এজন কেপ্তেইন শ্বহীদ হয় বুলি প্ৰতিৰক্ষা বিষয়াৰ উদ্ধৃতি দি এ এন আয়ে প্ৰকাশ কৰিছে । জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ শিৱগড় ধৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয় । অভিযানৰ সময়ত তালাচী দলৰ নেতৃত্ব দি থকা সময়তে আহত হয় নিহত জোৱানজন । তেওঁক লগে লগে সামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ (ETV Bharat)

সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত এটা পোষ্ট কৰি কয়, "জিলাখনত চলি থকা অভিযানৰ সময়ত আহত হৈ ৪৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ কেপ্তেইন দীপক সিঙে মৃত্যুবৰণ কৰে । হোৱাইট নাইট কৰ্পছৰ সকলো ৰেংকৰ বিষয়াই আহত হৈ শ্বহীদ হোৱা ব্ৰেভহাৰ্ট কেপ্তেইন দীপক সিঙৰ পৰম ত্যাগক প্ৰণাম জনাইছে । হোৱাইট নাইট কৰ্পে গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।"

নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ (ETV Bharat)

ইফালে সংঘৰ্ষৰ সময়ত সন্ত্ৰাসবাদীকেইটাই অস্ত্ৰ-শস্ত্ৰ আৰু বেগ এৰি সেই স্থানৰ পৰা পলায়ন কৰে । এই এনকাউণ্টাৰ আৰম্ভ হোৱাৰ পিছতে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে । সন্ত্ৰাসবাদীয়ে এৰি থৈ যোৱা অস্ত্ৰ-শস্ত্ৰ আৰু কাপোৰ সেই স্থানৰ পৰা উদ্ধাৰ হৈছে । সেনা-আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি এনকাউণ্টাৰ ছাইটৰ পৰা আমেৰিকাত নিৰ্মিত এটা এম ৪ কাৰ্বাইন আৰু তিনিটা বেগ উদ্ধাৰ কৰা হৈছে ।

পি টি আইৰ বাতৰি অনুসৰি, সেই স্থানৰ পৰা তেজেৰে ৰাঙলী চাৰিটা বেগ উদ্ধাৰ হোৱাৰ ফলত বিষয়াসকলে বিশ্বাস কৰে যে চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে । ঘন অৰণ্যৰ মাজত বৰ্তমানো নিৰাপত্তাৰক্ষীৰ কৰ্ডন এণ্ড চাৰ্চ (CASO) অভিযান অব্যাহত আছে । মঙলবাৰে গভীৰ নিশা নিৰাপত্তাৰক্ষীৰ যুটীয়া দলটোৱে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল । এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনী আগবাঢ়ি গৈ থকাৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ লগে লগে এনকাউণ্টাৰ আৰম্ভ হয় ।

জম্মুস্থিত সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছৰ এগৰাকী মুখপাত্ৰই কয়, "সন্ত্ৰাসবাদীৰে যোগাযোগ স্থাপন কৰা হৈছে আৰু তেওঁলোকক নিষ্ক্ৰিয় কৰাৰ বাবে অভিযান চলি আছে । তেওঁ লগতে কয়, নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পাটনিটোপৰ সমীপৰ আকাৰ বনাঞ্চলত সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান আৰম্ভ কৰা হয় ৷"

উল্লেখ্য যে, এই উগ্ৰপন্থী বিৰোধী অভিযানক অপাৰেচন আছাৰ নামেৰে নামাকৰণ কৰা হৈছে । শনিবাৰৰ পিছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এইটো চতুৰ্থটো অভিযান । শনিবাৰৰ পৰা জম্মু-কাশ্মীৰৰ অনন্তনাগ, কিষ্টৱাৰ আৰু উধামপুৰ জিলাত নিৰাপত্তাৰক্ষীয়ে তিনিটা গোটৰ সন্ত্ৰাসবাদীৰে সংঘৰ্ষত লিপ্ত হৈছে ৷

ইয়াৰ পূৰ্বে জি অ’ চি চি আই এফ (ৰোমিঅ’) আৰু জি অ’ চি এছ অৱ স্পেডছ বিভাগৰ সৈতে হোৱাইট নাইট কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙে (জি অ’ চি) নিয়ন্ত্ৰণ ৰেখা আৰু অৰ্ন্তদেশৰ কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰে । সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে বিষয়াসকলে অঞ্চলটোৰ অন্যান্য নিৰাপত্তা সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয় আৰু সহযোগিতাৰে কাম কৰি শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে সেনাৰ অভিযানৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাস সম্পৰ্কীয় কাণ্ডৰ ওপৰত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনায় ৷ বিষয়াসকলৰ মতে, প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামনে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, অজিত ডোভাল, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, সামৰিক অভিযানৰ সঞ্চালক প্ৰধান-লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু নিৰাপত্তা সম্পৰ্কীয় সংস্থাসমূহৰ মুৰব্বীসকল উপস্থিত থাকে । নতুন দিল্লীৰ চাউথ ব্লকত অনুষ্ঠিত হয় এই বৈঠক ।

ইফালে স্বাধীনতা দিৱসৰ পূৰ্বে সমগ্ৰ জম্মু-কাশ্মীৰৰ নিৰাপত্তা বাহিনীক জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে হাই এলাৰ্টত ৰখা হৈছে । ইয়াৰ পূৰ্বে ১০ আগষ্টত অনন্তনাগৰ কোকেৰনাগত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুজন জোৱান আৰু এজন নাগৰিক নিহত হৈছিল । ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযানৰ সময়ত প্ৰাণ আহুতি দিয়ে হাবিলদাৰ দীপক কুমাৰ যাদৱ আৰু লেন্স নায়ক প্ৰবীণ শৰ্মাই ।

লগতে পঢ়ক:সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ গুলীয়াগুলীত শ্বহীদ 2 জোৱান, সাধাৰণ নাগৰিকসহ আহত 6 গৰাকী - Anantnag encounter

ABOUT THE AUTHOR

...view details