জম্মু:জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । শেহতীয়া দিনবোৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ দেখা গৈছে । তাৰ মাজতে কিষ্টৱাৰত দুগৰাকী গাঁওৰক্ষী বাহিনীৰ লোক (Village Defense Guard) সন্ত্ৰাসবাদীৰ হাতত নিহত হয় । যাক লৈ জম্মু-কাশ্মীৰত উত্তেজনা বৃদ্ধি পাইছে । অঞ্চলটোৰ লোকসকলে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায় । নিহত দুই ভিডিজি ক্ৰমে নাজিৰ আহমদ আৰু কুলদীপ কুমাৰক শ্বহীদ বুলি সম্বোধন কৰি শ্ল'গান দিয়ে প্ৰতিবাদকাৰীসকলে ।
এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "দুই শ্বহীদ ভিডিজিৰ স্মৰণত কিষ্টৱাৰত চকা বন্ধ হ'ব । আমি কেৱল গৃহমন্ত্ৰীক দাবী জনাইছো যে অঞ্চলটোত সন্ত্ৰাসবাদক নিঃশেষ কৰিব লাগে । সুৰক্ষা বাহিনীক পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ দিব লাগে যাতে তেওঁলোকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে ।"
তেওঁ কয়, "আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছো যে ইমান দিন ধৰি ইনপুট থকা স্বত্বেও কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাছিল । যাৰ বাবে ভিডিজিসকল শ্বহীদ হ'বলগা হ'ল । গতিকে মই ক'ব বিচাৰো যে এই ইনপুটবোৰ থকা স্বত্বেও কিয় এনে হ'ল । ই প্ৰশাসনৰ বিফলতা ।" ইফালে ভিডিজিক হত্যাৰ পিছতে ৰাজৌৰী জিলাৰ নৌচেৰা অঞ্চলৰ ভিডিজিসকলো অধিক সতৰ্কতা অৱলম্বন কৰিছে ।
ভিডিজিসকলৰ দায়িত্ব