শ্ৰীনগৰ :জম্মু-কাশ্মীৰৰ গান্দেৰৱালৰ ভয়ংকৰ আক্ৰমণৰ আঁৰত থকা সন্দেহজনক সন্ত্ৰাসবাদী ইতিমধ্যে চিনাক্ত হৈছে । ২০ অক্টোবৰত সুৰংগৰ নিৰ্মাণস্থলীত হোৱা আক্ৰমণত মহম্মদ ৰমজান ভাট নামৰ সন্ত্ৰাসবাদীটো জড়িত আছিল । আৰক্ষী সূত্ৰই এই কথা প্ৰকাশ কৰিছে ।
২০ অক্টোবৰৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদী চিনাক্ত
জেড-মৰ্হ সুৰংগ নিৰ্মাণস্থলীৰ শ্ৰমিকসকলক লক্ষ্য কৰি লোৱা এই আক্ৰমণৰ দায়িত্ব ইতিমধ্যে লস্কৰ-ই-তৈবা (এলইটি)ৰ শাখা ৰেজিষ্টেন্স ফ্ৰণ্টে (টিআৰএফ) স্বীকাৰ কৰিছিল । এগৰাকী আৰক্ষী বিষয়াৰ মতে কুলগামৰ থোকাৰপোৰাৰ বাসিন্দা ভাট ২০২৩ চনৰ পৰা সন্ধানহীন হৈ আছিল । সেই সময়ছোৱাত তেওঁ টিআৰএফত যোগদান কৰিছিল আৰু প্ৰশিক্ষণ লৈছিল ।
বিষয়াগৰাকী কয়, "ভাটক আক্ৰমণস্থলীৰ চিচিটিভি ফুটেজত দেখা গৈছিল । যিটোৱে তেওঁৰ আক্ৰমণত জড়িত থকাৰ অধিক প্ৰমাণ দেখুৱায় ।" ঘটনাটোৰ পিছতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এনআইএ আৰু নিৰাপত্তা বাহিনীৰ সহযোগত ভাটক বিচাৰি বৃহৎ তালাচী অভিযান আৰম্ভ কৰে ।