অসম

assam

ETV Bharat / bharat

পশ্চিম এছিয়াত শান্তি নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত আৰু ইউ এ ই - INDIA MIDDLE EAST EUROPE CORRIDOR

নতুন দিল্লীত উপস্থিত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ান ।

PM Modi UAE deputy PM meeting
পশ্চিম এছিয়াত শান্তি নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত আৰু ইউ এ ই (ANI)

By ANI

Published : Dec 13, 2024, 8:32 AM IST

নতুন দিল্লী :ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিডৰ (আইএমইইচি) এক 'ঐতিহাসিক পদক্ষেপ' হিচাপে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঞ্চলিক সংযোগ আৰু সমৃদ্ধিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয় । বৃহস্পতিবাৰে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ প্ৰতিও তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদী আৰু ইউএইৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ ছেপ্টেম্বৰত আবু ধাবিৰ ৰাজকুমাৰ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণকে ধৰি সঘনাই হোৱা উচ্চ পৰ্যায়ৰ ভ্ৰমণ আৰু আদান-প্ৰদানত সন্তুষ্টি ব্যক্ত কৰে । যি দ্বিপাক্ষিক সম্পৰ্কত এক প্ৰজন্মগত ধাৰাবাহিকতা চিহ্নিত কৰে বুলি কোৱা হৈছে । বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই প্ৰযুক্তি, শক্তি আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত সামগ্ৰিক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ইউএইৰ বৈদেশিক মন্ত্ৰী জায়েদ আল নাহিয়ানে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ইউএইৰ দৃষ্টিভংগী উল্লেখ কৰে আৰু প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত দীৰ্ঘম্যাদী শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ সমৰ্থনৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ।

পশ্চিম এছিয়া আৰু বিস্তৃত অঞ্চলৰ শান্তি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে ইউএইৰ বৃহৎ আৰু সক্ৰিয় ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইউএইৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে । পিছত এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পশ্চিম এছিয়া আৰু বিস্তৃত অঞ্চলত শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ দিশত কাম কৰিবলৈ দুয়োখন ৰাষ্ট্ৰই প্ৰতিশ্ৰুতিবদ্ধ ।

তেওঁ লিখিছে, "ইউএইৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী এইচএইচ এ.বি জায়েদক অভ্যৰ্থনা জনাই সুখী হৈছো । ভাৰত-ইউএই ব্যাপক কৌশলগত অংশীদাৰিত্বই অভূতপূৰ্ব স্থান লাভ কৰিবলৈ সাজু হৈছে । আমি পশ্চিম এছিয়া আৰু বিস্তৃত অঞ্চলত শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"

লক্ষণীয়ভাৱে ইউএইৰ উপ-প্ৰধানমন্ত্ৰী নাহিয়ান বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হৈ চতুৰ্থ কৌশলগত আলোচনা আৰু পঞ্চদশ ভাৰত-ইউএই যুটীয়া আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :আছাদ শাসনৰ উৎখাতৰ পিছত ভাৰতৰ ৭৫ জন নাগৰিকক ছিৰিয়াৰ পৰা স্থানান্তৰ - SYRIA UNREST

ABOUT THE AUTHOR

...view details