অসম

assam

ETV Bharat / bharat

ইণ্ডিয়া ব্লকত এতিয়াও আছে একতা, দিল্লীৰ ৰেলীয়ে কৰিলে স্পষ্ট - INDIA bloc rally - INDIA BLOC RALLY

INDIA bloc rally: লোকসভা নিৰ্বাচনৰ আসন-বটোৱাৰাক লৈ বিৰোধী মিত্ৰজোঁটৰ মাজত কিছু মতানৈক্য দেখা গৈছিল । কিন্তু দিল্লীত দেওবাৰে যিধৰণে বিৰোধী দলবোৰে একতাৰ শ্ল'গান দিলে তাৰ দ্বাৰা এটা কথা স্পষ্ট যে তেওঁলোকৰ মাজত এতিয়াও একতা আছে আৰু বিজেপিক পৰাজিত কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ ।

INDIA bloc rally
ইণ্ডিয়া ব্লকত এতিয়াও আছে একতা

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 10:38 AM IST

নেশ্যনেল ডেস্ক, ১ এপ্ৰিল :দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী 'ইণ্ডিয়া' ব্লকে একতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । বিৰোধী ঐক্য প্ৰদৰ্শন কৰি ইণ্ডিয়া ব্লকৰ নেতাসকলে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যায়ৰ আশ্ৰয় লৈ আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ প্ৰয়াস কৰিছে । সেয়ে বিৰোধীয়ে ভোটাৰসকলক দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ।

দেওবাৰে দিল্লীত আয়োজিত লোকতন্ত্ৰ বচাও ৰেলীৰ জৰিয়তে বিৰোধী নেতাসকলে কেইবাটাও বিষয় উত্থাপন কৰে । দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএমৰ নেতা হেমন্ত চোৰেনক গ্ৰেপ্তাৰ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ দৰে কেইবাটাও বিষয় লৈ বিৰোধী নেতাসকলে প্ৰধানমন্ত্ৰী আৰু শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰেলীত ভাষণ প্ৰদান কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ সকলো ফালৰ পৰা চেষ্টা কৰি আছে । দুগৰাকী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা, কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰা, দুজন নিৰ্বাচন আয়ুক্তৰ নিযুক্তি আৰু ন্যায়পালিকাক হেঁচা দিয়াৰ প্ৰয়াসে ইয়াৰ শক্তিশালী সূচক বুলি তেওঁ উল্লেখ কৰে ।

ৰাহুল গান্ধীৰ মতে ক্ৰিকেটত যেনেদৰে মেচ ফিক্সিং কৰি খেলখনত জয়ী হ'ব পাৰি তেনেদৰে প্ৰধানমন্ত্ৰীয়ে দেশৰ কেইজনমান পুঁজিপতিৰ সৈতে লোকসভা নিৰ্বাচনত মেচ ফিক্সিং কৰিব বিচাৰিছে । ৰাহুল গান্ধীৰ মতে মেচ ফিক্সিং নকৰালৈ বিজেপিয়ে ১৮০ খন আসনো অতিক্ৰম কৰিব নোৱাৰে । ৰাইজক উদ্দেশ্যি তেওঁ কয় যে জনসাধাৰণ নিজৰ ভোটৰ জৰিয়তে সংবিধান ৰক্ষা কৰিব পাৰে ।

একেদৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও কয় যে কংগ্ৰেছে পাঞ্জাবত আপৰ সৈতে যুঁজ দিছে কিন্তু সকলোৱে সংবিধান ৰক্ষাৰ স্বাৰ্থত একত্ৰিত হৈছে । টিএমচিৰ ডেৰেক অ'ব্ৰায়েনেও কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি কয় যে টিএমচি ইণ্ডিয়া ব্লকৰ সৈতে আছিল, আছো আৰু ইয়াৰ অংশ হৈ থাকিব ।

বিহাৰত কংগ্ৰেছৰ মিত্ৰদল আৰজেডিৰ তেজস্বী যাদৱ আৰু উত্তৰ প্ৰদেশত এছপিৰ অখিলেশ যাদৱেও একে ধৰণৰ মতামত প্ৰকাশ কৰে । তেওঁলোকে বিজেপিৰ ৪০০ খন আসনৰ দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে সমগ্ৰ দেশতে তীব্ৰ বিজেপি বিৰোধী ঢৌ আছে ।

তেজস্বী যাদৱে দুগৰাকী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাকলৈ বিজেপিক প্ৰশ্ন কৰে । কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰা সন্দৰ্ভতো বিজেপিক প্ৰশ্ন কৰিলে । তেওঁ কাৰাগাৰলৈ যাবলৈ ভয় নকৰে বুলিও দাবী কৰে । দেশৰ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি যাব বুলিও যাদৱে উল্লেখ কৰে । অখিলেশ যাদৱৰ মতে এইবাৰ বিজেপি কেৱল উত্তৰ প্ৰদেশতে নহয়, সমগ্ৰ দেশতে পৰাজিত হ'ব ।

মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ দুই সহযোগী দল এনচিপিৰ এছপি গোটৰ মুৰব্বী শৰদ পাৱাৰ আৰু শিৱসেনাৰ ইউবিটি নেতা উদ্ধৱ ঠাকৰেয়েও ভোটাৰসকলক বিজেপিক পৰাজিত কৰিবলৈ আৰু দেশত লোকতন্ত্ৰ বচাবলৈ আহ্বান জনায় । চিপিআই-এমৰ সীতাৰাম য়েচুৰীয়ে ১৯৭৪ চনৰ জেপি আন্দোলনৰ কথা স্মৰণ কৰে আৰু চিপিআই-এমএলৰ দীপংকৰ ভট্টাচাৰ্যইও বিজেপিৰ ক্ষমতাকেন্দ্ৰীকৰণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ।

একেদৰে ডিএমকেৰ তিৰুচি শিৱাই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ বাৰ্তা পঢ়ি শুনালে যিয়ে বিৰোধী গোটটোক আন্তৰিকতাৰে সমৰ্থন কৰিছে । বিজেপিৰ প্ৰাক্তন সহযোগী পিডিপি ৰ মুৰব্বী মেহবুবা মুফতীয়েও বিজেপিক দুৰ্নীতিগ্ৰস্ত চৰকাৰ আখ্যা দিয়ে । উল্লেখ্য যে পাটনাৰ ৩ মাৰ্চৰ ৰেলী আৰু মুম্বাইৰ ১৭ মাৰ্চৰ ৰেলীৰ পিচত দিল্লীৰ এই ৰেলীটো বিৰোধী গোটৰ তৃতীয় শক্তি প্ৰদৰ্শন আছিল ।

ইণ্ডিয়া ব্লকত শেহতীয়াকৈ আসন ভাগ-বটোৱাৰাক লৈ কিছুমান সমস্যাই দেখা দিছিল যদিও দেওবাৰৰ ৰেলীটোত নেতাসকলৰ ইতিবাচক মন্তব্য দেখা গৈছে আৰু ই বিৰোধীক পুনৰ একত্ৰিত কৰাৰো ইংগিত দিছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীয়ে মেচ ফিক্সিং কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ - INDIA Bloc Mega Rally

ABOUT THE AUTHOR

...view details