অসম

assam

ETV Bharat / bharat

গাধৰ পিঠিত উঠি মনোনয়ন দিবলৈ গ'ল প্ৰাৰ্থী - lok sabha election 2024 - LOK SABHA ELECTION 2024

Nomination Filed Sitting on Donkey : সাতটা পৰ্যায়ত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ বিহাৰত দুটা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে । তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে'ত । আনহাতে, বাকী পৰ্যায়কেইটাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যায় অনুযায়ী চলি আছে । তাৰ মাজতে গোপালগঞ্জত এক অদ্ভুত দৃশ্য দেখা গৈছে । এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত কৰা এক আজৱ কাৰ্য এতিয়া আলোচনাৰ বিষয় হৈ পৰে । প্ৰাৰ্থীগৰাকীয়ে এটা গাধৰ ওপৰত উঠি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ।

Nomination Filed Sitting on Donkey
বিহাৰত গাধৰ পিঠিত উঠি মনোনয়ন দিবলৈ গ'ল প্ৰাৰ্থী (ETV Bharat Bihar)

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:11 PM IST

নিউজ ডেস্ক, ৪ মে' :নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে হাড়ভঙা পৰিশ্ৰম কৰি নিৰ্বাচনত জয়ৰ বাবে প্ৰচাৰ চলোৱা দেখা যায় । আনহাতে, ভোটাৰক আকৃষ্ট কৰিবলৈ বিভিন্ন নেতাই বিভিন্ন পন্থা অৱলম্বন কৰাও দেখা যায় । তাৰে মাজত আকৌ কোনো নেতাই এনে কিবা এটা কৰে যাৰ দ্বাৰা তেওঁ চৰ্চাৰ কেন্দ্ৰত থাকে ।

আপুনি নিশ্চয় নিৰ্বাচনৰ সময়ত মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থীসকলক তেওঁলোকৰ সমৰ্থকৰ সৈতে ৰেলী উলিয়াই যোৱা দেখিছে । কিন্তু বিহাৰৰ গোপালগঞ্জত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত এক অদ্ভূত পন্থা অৱলম্বন কৰে । প্ৰাৰ্থীগৰাকীয়ে এটা গাধৰ পিঠিত উঠি মনোনয়ন দাখিল কৰিবলৈ যায় । সমষ্টিটোৰ লোকসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই গাধৰ পিঠিত উঠি ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় । আনহাতে, প্ৰাৰ্থীজনক গাধৰ পিঠিত উঠি যোৱা চাবলৈ মানুহৰ যথেষ্ট ভিৰ হয় । লগতে তেওঁৰ সৈতে মোবাইলত ফটো উঠিবলৈও হেতাওপৰা লগায় ।

বৰ্তমান লোকসভা নিৰ্বাচনৰ কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে । পৰৱৰ্তী পৰ্যায়ৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ২৯ এপ্ৰিলৰ পৰা চলি আছে । একে সময়তে নেতাসকলে তেওঁলোকৰ মনোনয়ন দাখিল কাৰ্য স্মৰণীয় কৰি তুলিবলৈ বিভিন্ন ধৰণৰ কৌশল গ্ৰহণ কৰি আছে । শুকুৰবাৰে গোপালগঞ্জৰ পৰাও এক অদ্ভুত দৃশ্য পোহৰলৈ আহে । নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গাধৰ পিঠিত উঠি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ।

আনহাতে, নিজৰ এই কাৰ্যৰ ব্যাখ্যা কৰি নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই কয় যে তেওঁ গাধৰ পিঠিত উঠি মনোনয়ন দাখিল কৰিবলৈ অহাৰ কাৰণ হৈছে সমষ্টিটোত কোনো নেতাই ৩০-৪০ বছৰত কোনো ধৰণৰ উন্নয়ন কৰা নাই । কিন্তু ইয়াৰ বিপৰীতে নিজৰ ঘৰৰহে বিকাশ কৰিছে । ৰাজনীতিবিদসকলে ভাবে যে মানুহবোৰ মূৰ্খ আৰু গাধ । সেয়েহে তেওঁ এটা গাধৰ সৈতে গৈছ, যাতে নেতাসকলে বুজি পায় যে ৰাইজ মূৰ্খও নহয় বা গাধও নহয়, জ্ঞানী ।

নিৰ্দলীয় প্ৰাৰ্থী সত্যেন্দ্ৰ বৈথাই মনোনয়ন দাখিল কৰিবলৈ এটা গাধৰ পিঠিত উঠি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা দেখি তেওঁৰ সৈতে চেলফি তুলিবলৈ মানুহে ভিৰ কৰে ।

লগতে পঢ়ক :কপালত নাছিল কোকৰাঝাৰ সেয়েহে নৱ শৰণীয়াই বাছি ল’লে বিহাৰ - Naba Sarania Contest From Bihar

লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰ সভাত নেহৰু-গান্ধী পৰিয়ালক তীব্ৰ আক্ৰমণ কংগনাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details