নিউজ ডেস্ক, ২৯ জুন :মেঘালয়ত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে । যাক লৈ উদ্বিগ্ন ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান ইদাশিশা নংৰাং । শুকুৰবাৰে মেঘালয় আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত এই বিষয়টোত আলোচনা কৰা হয় ।
বৈঠকৰ পিচত সাংবাদিকৰ সন্মুখত নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান নংৰাঙে কয় যে এই বৈঠকৰ মুখ্য উদ্দেশ্য আছিল ৰাজ্যখনত বাঢ়ি অহা মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিষয়ে আলোচনা কৰা যি উদ্বেগৰ বিষয় হৈ পৰিছে । তেওঁ উল্লেখ কৰা মতে ২০২৩ চনত ৬৫ শতাংশ গোচৰত অভিযোগনামা দাখিল কৰা হৈছিল । বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ মুঠ অপৰাধৰ ৩২ শতাংশ ।
বৈঠকত আৰক্ষীয়ে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয় । লগতে, চাইবাৰ অপৰাধ বৃদ্ধিৰ প্ৰশ্নত নংৰাঙে কয় যে বৈঠকত এই বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে আৰক্ষীয়ে চাইবাৰ অপৰাধৰ ওপৰত নজৰ ৰাখিছে ।