বিশেষ প্ৰতিবেদন, 6 ছেপ্টেম্বৰ :ব্যস্তপূৰ্ণ এটা দিন । নতুন দিল্লীৰ তদানীন্তন চৰকাৰী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইণ্ডিয়ান এয়াৰলাইনছৰ কাউণ্টাৰ । তেতিয়া টি1, টি2 আৰু টি3 নাছিল । মানুহবোৰৰ খং উঠিছিল । ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান IC 814 অপহৰণৰ পিচত বন্দীসকলৰ আত্মীয়সকল খঙত উতলি উঠিছিল ।
তেওঁলোকে সুধিছিল- কাঠমাণ্ডুৰ পৰা নতুন দিল্লীলৈ অহা বিমানখন কিয় ইমান বিলম্ব হৈছে ? বহুতে হয়তো জানিছিল যে বাতৰিটো ইতিমধ্যে টিভি চেনেলবোৰৰ পৰ্দাত ডাঙৰ ডাঙৰ আখৰেৰে জিলিকি আছে । কিন্তু তেওঁলোকে প্ৰকৃত প্ৰশ্নটো সোধা নাছিল । তাৰ পিচত মোৰ কাউণ্টাৰত প্ৰৱেশৰ পাল ।
মই সুধিছিলো, "অনুগ্ৰহ কৰি মোক কওকচোন IC 814 বিমানখন অপহৰণ কৰা হৈছে নেকি ?" কিন্তু মই এক গভীৰ নীৰৱতাৰ সৈতে সহবাস কৰিবলগা হৈছিল । পঁচিশ বছৰ... এক দীঘলীয়া সময় । ডিচেম্বৰ 24, 1999 । সেই ঘটনাটোৰ চিত্ৰায়নে এতিয়া স্মৃতিবোৰ এক অ' টি টি প্লেটফৰ্মত সজীৱ কৰি আছে ।
1999 চনৰ 24 ডিচেম্বৰ, শীতৰ এক সেমেকা সন্ধ্যা । দিল্লীৰ লাজপতনগৰৰ কৃষ্ণা মাৰ্কেট এলেকাত এটা 'বৰসতি' । মই প্ৰস্তুত কৰি থকা এখন তথ্যচিত্ৰৰ চিত্ৰনাট্যৰ কাম কৰি আছিলো । তাৰ মাজতে মই ইতিমধ্যে বিমানবন্দৰলৈ যাবলৈ সাজু হৈছিলো । মোৰ পিতৃ প্ৰয়াত ড৹ কল্যাণ চন্দ্ৰ ভূঞা সেই অভিশপ্ত IC 814 খনত আছিল ।
কাঠমাণ্ডু চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়াই তেওঁ শীতকালত দিল্লীলৈ অহাটো এক বাৰ্ষিক পৰম্পৰা আছিল । আৰু তাৰ পিচত দায়িত্বত যোগদান কৰিবলৈ কাঠমাণ্ডুলৈ উভতি যোৱাৰ পূৰ্বে অসমত থকা আমাৰ ঘৰলৈ গৈছিল । কিন্তু সেই নিৰ্দিষ্ট বৰদিনৰ প্ৰাকক্ষণটো বিশেষ আছিল ।
যিয়েই নহওক, তেওঁ বৰদিনৰ পিছদিনা মোৰ কনিষ্ঠ ভাতৃৰ জন্মদিন উদযাপন কৰিবলৈ দিল্লীলৈ আহি আছিল । অ' কেৱল এটায়ে নহয়, দুটা জন্মদিন । কাৰণ মোৰ যমজ ভাতৃ আছে । জ্যেষ্ঠজন অসমত থকাৰ বিপৰীতে কনিষ্ঠজন মোৰ লগত দিল্লীত আছিল । মা ইতিমধ্যে দিল্লীত আমাৰ লগত আছিল । পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এই জন্মদিন উদযাপনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলো ।
পুনৰ উভতি গৈছো 1999 চনৰ 24 ডিচেম্বৰৰ সন্ধিয়ালৈ । সেই সময়ত ভাৰতত ইণ্টাৰনেট তেনেই পানী কেঁচুৱা আছিল । মই ইণ্ডিয়ান এয়াৰলাইনছক IC 814 বিমানখনৰ শেহতীয়া স্থিতিৰ বিষয়ে ফোন কৰিছিলোঁ । মোক কোৱা হৈছিল যে বিমানখনৰ অৱতৰণত বিলম্ব হৈছে ।
তাৰ পিচত প্ৰথম কলটো আহিল । মোৰ মামাই যোৰহাটৰ পৰা মোক সুধিছিল যে ভিনদেৱে দিল্লীত অৱতৰণ কৰিছেনে নাই । মই তেওঁক কৈছিলোঁ যে বিমানখন অৱতৰণত পলম হৈছে । তেওঁ মোৰ দেউতাৰ এজন ভাল বন্ধুও আছিল ।
তাৰ পিচত তেওঁৰ দ্বিতীয়টো কল আহিল । কিন্তু সেয়া আছিল এক দুৰ্ভাগ্যজনক কল । "মই ভাবো ভিনদেউৰ বিমানখন অপহৰণ কৰা হৈছে ।" ফোনৰ সিটো মূৰৰ পৰা মামাই মোক জনাইছিল । "টিভি চোৱা ।" মামাৰ আদেশত মই একেকোবে কাম কৰি থকাৰ পৰা উঠি টিভিৰ সন্মুখত বহিলো । হয়তো, টিভিত চলি আছে IC 814 বিমানৰ স্থিতিৰ ক'ভাৰেজ । তাৰ পিচত আৰু কোনো কথা নাই, চিধাই বিমানবন্দৰলৈ দৌৰ ।
পুনৰ কৈছো, 25 বছৰ এক দীঘলীয়া সময় । সেই সপ্তাহজোৰা অগ্নিপৰীক্ষাৰ সময়ৰ দৈনিক ঘটনাবোৰ এটাৰ পিচত এটাকৈ মনত পেলোৱাটো ঠথেষ্ট কঠিন । কিন্তু... বিমানবন্দৰৰ পৰা উভতি অহাৰ পিচত মই পুনৰ টিভি সন্মুখত বহিলো । অৱশ্যে সমগ্ৰ ঘটনাক্ৰম আমি মাৰ পৰা কৌশলেৰে লুকুৱাই ৰাখিছিলোঁ । কাৰণ তেওঁ এই কথা জানিব পাৰিলে হতবাক হ'লহেঁতেন, ৰক্তচাপ বাঢ়ি গ'লহেঁতেন । কিন্তু আৰু কিমান দিন... অৱশেষত আমি তেওঁৰ ওচৰত সাঁথৰটো ভাঙিবলগা হৈছিল । কিয়নো তেওঁ সমগ্ৰ ঘটনা টিভিত হয়তো কেনেবাকৈ চাব পাৰিলেহেঁতেন ।
তাহানিৰ দিনবোৰত লাজপতনগৰ অসমীয়া ল'ৰাৰে ভৰি আছিল । তেওঁলোক আছিল হয় শিক্ষাৰ্থী, নহ'লে যুৱ কৰ্মচাৰী । কিন্তু পিছদিনা জন্মদিন উদযাপনৰ পৰিকল্পনা কৰি থকা যুৱকসকলে যেতিয়া ঘটনাটোৰ বিষয়ে জানিব পাৰিলে– তেওঁলোক হুৰমুৰকৈ দৌৰি আহিছিল । মুহূৰ্ততে কৃষ্ণবজাৰত থকা মোৰ সৰু 'বৰসতি' মানুহেৰে ভৰি পৰিছিল ।
কেৱল যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ বন্ধুসকলেই আহিছিল সেইটো নহয়, আমাৰ বিল্ডিঙৰ বাসিন্দাসকল, মালিক আৰু চুবুৰীয়াৰে আমাৰ ঘৰ ভৰি পৰিছিল । সকলোৱে আমাৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰিছিল । ইফালে আমাৰ এজন বন্ধুৱে সম্পূৰ্ণ টেনচনমুক্তভাৱে পাকঘৰৰ গেছ ষ্ট'ভত এটা পেনত 20 টা কণী উতলাবলৈ আৰম্ভ কৰিছিল ।
মই কি কৰি আছে বুলি তেওঁক সোধাত কৈছিল, "চিন্তা নকৰিব অৰুণিমদা, আপুনি কেৱল টিভিৰ ঘটনাবোৰ চাই যাওক ।" এই স্মৃতি মোৰ মনত সদায় সজীৱ হৈ থাকিব । বৰদিনৰ পূৰ্ব সন্ধ্যা । টিভি চলি আছে । বিমানখন অমৃতসৰত অৱতৰণ কৰা দেখাইছিল । মোৰ আশেপাশে থকা মানুহবোৰে অতি উৎসাহেৰে আলোচনা কৰি আছিল যে এইটোৱে উচিত সময় বিমানখনৰ টায়াৰত গুলী কৰাৰ আৰু বিমানখন তাতে ৰখাই দিয়াৰ সুযোগ আছিল । কিন্তু সেইটো হোৱা নাছিল ।
বিমানখনে পুনৰ উৰামাৰে । পৰৱৰ্তী ষ্টপেজটো হৈছে লাহোৰ । হয়তো নিশালৈকে তাত অৱতৰণ কৰিব । আমাৰ সকলোৰে চকু চলচলিয়া হৈ আছিল । তথাপিও টিভিৰ পৰ্দাত ফ্লাইটখনৰ ট্ৰেক অনুসৰণ কৰি থাকিলোঁ । কিন্তু এয়া কি, বিমানখন ক'লৈ গৈ আছে ? ডুবাই !
আমাৰ চকু লাগিব ধৰিছিল । টোপনিয়ে আমাক হেঁচা মাৰি ধৰিছিল । 25 ডিচেম্বৰৰ পুৱা । বৰদিনৰ দিন । মোৰ দুই ভাতৃৰ জন্মদিন । টিভিটো অন কৰিলোঁ । বিমানখন ক'ত আছে ? কান্দাহাৰ, আফগানিস্তান ! অৰ্থাৎ মোৰ পিতৃ আৰু IC 814 বিমানৰ সকলো যাত্ৰী তালিবানী অঞ্চলত আছে । সেইটোৱেই মোৰ প্ৰথম চিন্তা আছিল, যিয়ে মোৰ মনত আঘাত কৰিছিল ।
25 বছৰ অতি দীঘলীয়া সময় । সেই সপ্তাহজোৰা অগ্নিপৰীক্ষাৰ সময়ৰ দৈনন্দিন ঘটনাক্ৰম মনত পেলোৱাটো কঠিন । অৱশ্যে মোক প্ৰথমতে অপহৰণৰ বিষয়ে জনোৱা মামা আহি মোৰ ঘৰত উপস্থিত হৈছিল । তেনেদৰে মোৰ দেউতাৰ কনিষ্ঠ ভাতৃয়েও গুৱাহাটীৰ পৰা উৰা মাৰিছিল ।
মোৰ এইটোও মনত আছে যে প্ৰথিতযশা সাংবাদিক আৰু তদানীন্তন অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্ৰী অৰুণ শ্ব'ৰীয়ে এক সংবাদমেল আহ্বান কৰিছিল । মই তালৈ গৈছিলো, অৱশ্যে সাংবাদিক হিচাপে নহয় । ইয়াৰ বিপৰীতে IC 814 বিমানৰ বিষয়ে শেহতীয়া স্থিতিৰ বিষয়ে তেওঁ কি ক'ব বিচাৰিছিল সেয়া জানিবলৈ এজন আগ্ৰহী ব্যক্তি হিচাপে মই তালৈ গৈছিলো । অৱশ্যে তাত যিটো ঘটিছিল, সেইটোৱে মোক হতবাক কৰি তুলিছিল । যাত্ৰীসকলৰ কি হ'ব তাৰ উত্তৰ বিচাৰি তাত আত্মীয়সকল খঙত টিঙিৰি-তুলা হৈ পৰিছিল ।
তাত কি ঘটিছিল আৰু তাৰ পিচত কি ঘটিছিল ? সংবাদ মাধ্যমৰ ভূমিকা কি আছিল ?
ইয়াত মই South Asia Terrorism Portal-ত শ্ব'ৰীয়ে লিখা প্ৰবন্ধৰ পৰা উদ্ধৃতি দিছো : "যেতিয়া অপহৃত ভাৰতীয় বিমান IC 814 আফগানিস্তানৰ কান্দাহাৰত আছিল, তেতিয়া সংবাদ মাধ্যমবোৰে যথেষ্ট প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু তাত যাত্ৰীসকলৰ আত্মীয়সকলৰ আৰ্তনাদ আৰু আকুলতাৰে ভৰি পৰিছিল ।
মই ব্যক্তিগতভাৱে লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ক'ব পাৰো যে সংবাদ মাধ্যমৰ এই সক্ৰিয়তাই মুখ্য সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল । এইটো এটা মুখ্য কাৰক আছিল যাৰ বাবে তেওঁলোকক এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰিছিল যে অপহৰণকাৰীসকলৰ দাবী মানি লোৱাৰ বাহিৰে আন উপায় নাই । সেয়া হৈছে অপহৰণকাৰীসকলে দাবী কৰা পাকিস্তানী সন্ত্ৰাসবাদীসকলক মুকলি কৰি দিয়াৰ বাহিৰে আন কোনো বিকল্প নাই ।
আনহাতে, সন্ত্ৰাসবাদীসকলক মুকলি কৰি দিয়াৰ লগে লগে সেই একেবোৰ বাতৰিকাকততে 'সন্ত্ৰাসবাদৰ ওচৰত নিকৃষ্ট আত্মসমৰ্পণ' সম্পৰ্কে প্ৰচাৰ চলাই আছিল । তেওঁলোকে ইজৰাইলৰ উদাহৰণ দাঙি ধৰি ভাৰত চৰকাৰৰ মূৰ্খতাৰ তুলনা কৰি আছিল । তেওঁলোকে সেইখন চৰকাৰকে সমালোচনাৰে তুলাধুনা দি আছিল, যিখন চৰকাৰ তেওঁলোকৰ কাষত থিয় দিছিল । নিজৰ স্বপ্ৰণোদিত ক'ভাৰেজৰ দ্বাৰা আমেৰিকাৰ নীতিৰ উদাহৰণ দি চৰকাৰৰ ওপৰত চাপ প্ৰয়োগ কৰি আছিল– ‘‘সন্ত্ৰাসবাদীৰ সৈতে কোনো আলোচনা নহয় ।’’
সেই অস্থিৰতাপূৰ্ণ সপ্তাহটোৰ মাজতে অতি ভাগৰুৱা হৈ এদিন সন্ধিয়া মই ঘৰলৈ উভতি আহিছিলো । ইতিমধ্যে মোৰ সৈতে 'বৰসতি'ত থাকিব লোৱা মোৰ ভাতৃ আৰু বন্ধুবৰ্গই মোক আগুৰি ধৰি কৈছিল, "অৰুণিম দা, আমি প্ৰতিবাদত অংশ লৈছিলো ।"