নেশ্যনেল ডেস্ক, ২১ মাৰ্চ :সমাগত ৰঙৰ উৎসৱ ফাকুৱা বা হোলী ৷ আকৌ এবাৰ আবিৰৰ ৰঙত ৰঙীন হৈ পৰিব দেশ তথা ৰাজ্য ৷ ফাগুণ মাহৰ পূৰ্ণিমাত বিশেষকৈ হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা এই দিনটোক পৌৰাণিক আখ্যানত ‘‘কাম দহনৰ দিন’’ বুলি গণ্য কৰা হয় ।
ইফালে আগন্তুক ফাকুৱাৰ বাবে ৰাজস্থানৰ জয়পুৰত পৰম্পৰাগত ইতিমধ্যে আৰম্ভ হৈছে ‘গুলাল গ’টা’ৰ (Gulaal Gota) প্ৰস্তুতৰ কাম ৷ গুলাল গ’টা হৈছে লেকৰ পৰা তৈয়াৰী সুক্ষ্ম বল ৷ যিটো বল শুকান ফাকুৰ ৰঙেৰে ভৰপূৰ হৈ থাকে ৷ এই বলবোৰ সুৰক্ষিতভাৱে ছীল কৰা হয় ৷ সাধাৰণতে ফাকুৱাৰ সময়ত এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ গা লৈ মাৰিবলৈ এই বল ব্যৱহাৰ কৰা হয় ।
প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি চলি অহা এই অনন্য শিল্পই ৰাজস্থানৰ জয়পুৰত অঞ্চলত সাংস্কৃতিক তন্ত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । জয়পুৰৰ শিল্পী আৱাজ মহম্মদে উল্লেখ কৰা অনুসৰি, "গুলাল গ’টা ৫-৬ গ্ৰামকৈ ওজন হয় ৷ ইয়াক প্ৰাকৃতিক লেকৰ (Lac) খোলাৰে তৈয়াৰ কৰা হয় ৷ য’ত প্ৰাকৃতিক ৰং ভৰাই দিয়া হয় ৷ তাৰ পাচত আৰাৰোটৰে (ararot) ইয়াৰ মুখ বন্ধ কৰি দিয়া হয় ৷ যাৰ ফলত গ’টাৰ মুঠ ওজন ২১-২২ গ্ৰাম হয় ।"
তেওঁ কয় যে পৰম্পৰাগতভাৱে ৰাজপৰিয়ালৰ বাবে নিৰ্মিত এই শিল্পকলা সাত প্ৰজন্মৰ আগৰ পৰাই আজি পৰ্যন্ত প্ৰতি বছৰে প্ৰথমটো গুলাল গ’টা বৃন্দাবনলৈ প্ৰেৰণ কৰা হয় । এই শিল্পৰ তাৎপৰ্য ৰাজস্থানতে সীমবদ্ধ হৈ থকা নাই ৷ কৌৰৱ-পাণ্ডৱৰ যুগৰ পৰাই ভাৰতৰ ইতিহাসত গভীৰভাৱে শিপাই আছে এই গুলাল গ’টা ।