অসম

assam

ETV Bharat / bharat

ছেবিৰ অধ্যক্ষৰ পদত্যাগৰ দাবী; কংগ্ৰেছে দেশজুৰি কৰিব প্ৰতিবাদ - Hindenburg Adani Row - HINDENBURG ADANI ROW

Hindenburg Adani Row: হিণ্ডেনবাৰ্গৰ শেহতীয়া প্ৰতিবেদনে দাবী কৰিছে যে আদানি গ্ৰুপৰ সৈতে ছেবিৰ অধ্যক্ষৰ বিত্তীয় সম্পৰ্ক আছে । ইয়াৰ পিচতে কংগ্ৰেছ দলে ছেবিৰ অধ্যক্ষৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে । দেশজুৰি দলটোৱে তীব্ৰ প্ৰতিবাদৰ ঘোষণা কৰিছে ।

Hindenburg Adani Row
ছেবিৰ অধ্যক্ষৰ পদত্যাগৰ দাবী;কংগ্ৰেছে দেশজুৰি কৰিব প্ৰতিবাদ (ANI)

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 1:16 PM IST

নেশ্যনেল ডেস্ক, ২২ আগষ্ট:শেহতীয়াকৈ আদানি গ্ৰুপত ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধাৱল বুচৰ সম্পৰ্কক লৈ হিণ্ডেনবাৰ্গে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল । যাক লৈ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । একেটা বিষয়ক লৈ এতিয়া কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব । দলটোৱে ছেবিৰ অধ্যক্ষৰ পদত্যাগ আৰু আদানি গ্ৰুপৰ বিষয়টোৰ যুটীয়া সংসদীয় সমিতিৰ তদন্ত দাবী কৰিছে । এই দাবীৰে দলৰ নেতা আৰু কৰ্মীসকলে যন্তৰ মন্তৰত প্ৰতিবাদৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

যুটীয়া সংসদীয় কমিতিৰ তদন্তৰ দাবী

বুধবাৰে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে সংবাদমেলত বিষয়টোৰ নিৰপেক্ষ তদন্তৰ বাবে জেপিচি গঠনৰ দাবী জনায় । কংগ্ৰেছ দলে বুধবাৰে সমগ্ৰ দেশতে এনে ধৰণৰ দাবী উত্থাপন কৰি একাধিক সংবাদমেল সম্বোধন কৰিছে । সংবাদ মেলৰ জৰিয়তে বিষয়টোৰ যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয় যাৰ অৰ্থনীতিৰ বাবে ব্যাপক প্ৰভাৱ আছে ।

গুজৰাট কংগ্ৰেছৰ ন্যায় যাত্ৰা

কংগ্ৰেছৰ গুজৰাট গোটে বৃহস্পতিবাৰে আহমেদাবাদত 'ন্যায় যাত্ৰা'ৰ অন্তিম পৰ্যায়ত মাধৱী পুৰী বুচৰ পদত্যাগৰ দাবী উত্থাপন কৰিব । ৯ আগষ্টত মৰবিৰ পৰা আৰম্ভ কৰা ৩৫০ কিলোমিটাৰৰ ন্যায় যাত্ৰা বৃহস্পতিবাৰে আহমেদাবাদত প্ৰৱেশ কৰিব । ৰাজ্যিক কংগ্ৰেছৰ সভাপতি শক্তিসিংহ গোহিলে কোৱা মতে সমাপ্তিৰ পূৰ্বে ন্যায় যাত্ৰাৰ দলটো মুখ্য কাৰ্যালয় 'ৰাজীৱ ভৱন'ৰ পৰা বিখ্যাত সবৰমতী আশ্ৰমলৈ যাব ।

বুধবাৰে দলৰ এগৰাকী নেতাই কয়,"২২ আগষ্টত ন্যায় যাত্ৰা আহমেদাবাদত উপস্থিত হ'ব । যাত্ৰাৰ জৰিয়তে আমি হিণ্ডেনবাৰ্গ ৰিছাৰ্চে ছেবিৰ অধ্যক্ষ বুচৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু পদত্যাগ কৰিবলৈ অনিচ্ছুক হোৱাৰ বিষয়টোও উত্থাপন কৰিম ।"

আদানি-হিণ্ডেনবাৰ্গ বিবাদ

উল্লেখ্য যে হিণ্ডেনবাৰ্গ ৰিছাৰ্চে বজাৰ নিয়ন্ত্ৰক ছেবিৰ অধ্যক্ষ মাধৱী বুচৰ বিৰুদ্ধে এক নতুন অভিযোগ উত্থাপন কৰাৰ পিচতে বিৰোধী দলটোৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে ।

ইফালে ছেবিৰ অধ্যক্ষ বুচ আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ ভিত্তিহীন বুলি দাবী কৰিছে আৰু দৃঢ়তাৰে কৈছে যে তেওঁলোকৰ বিত্তীয় পৰিস্থিতি এখন মুকলি কিতাপৰ দৰে । আদানি গ্ৰুপে হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ শেহতীয়া অভিযোগসমূহক নিৰ্বাচিত ৰাজহুৱা তথ্যৰ বিদ্বেষপূৰ্ণ আৰু প্ৰৱঞ্চনামূলক বুলি অভিহিত কৰি কয় যে ছেবিৰ অধ্যক্ষ বা তেওঁৰ স্বামীৰ সৈতে ইয়াৰ কোনো বাণিজ্যিক সম্পৰ্ক নাই ।

লগতে পঢ়ক :হিণ্ডেনবাৰ্গ-আদানি তদন্তত ছুপ্ৰিম কোৰ্টত ছেবিৰ নতুন আবেদন: মাধৱী পুৰী বুচৰ বিৰুদ্ধে অভিযোগ উল্লেখ - Hindenburg Research

ABOUT THE AUTHOR

...view details