নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ:অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ গুৱা শ্বহীদস্থলীত ফাঁচি দিয়াৰ সম্ভাৱনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে দিয়া বক্তব্যৰ সন্দৰ্ভত তেওঁ কয়, "ভগৱানে তেওঁক দীৰ্ঘায়ু কৰক । দেশক তেওঁৰ প্ৰয়োজন । তেওঁক কিয় ফাঁচি দিয়া হ’ব ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি কেৱল বিচাৰো আপুনি অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াওক । আমি বিচাৰো যে কনিষ্টবল নিযুক্তিৰ শাৰীৰিক পৰীক্ষাৰ সময়ত প্ৰাণ হেৰুওৱা যুৱকৰ পৰিয়ালৰ এজন ব্যক্তিক চাকৰিত নিযুক্তি দিয়ক । সেই পৰিয়াললৈ ৫০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰক । এইখিনি কোৱাৰ পিছত তেওঁ কেনেকৈ ফাঁচিৰ কথা ক’ব পাৰে ?"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয়, "শেহতীয়াকৈ হেমন্ত ছোৰেণে নিযুক্তি পৰীক্ষাৰ দৌৰত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলে ষ্টেৰইড লৈছিল বুলি কৈছিল । ক’ভিড ভেকচিনৰ বাবেও যুৱসকলৰ মৃত্যু হৈছে । যদি ভেকচিনেই মৃত্যুৰ কাৰণ হয় তেন্তে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে নিজেই ভেকচিন গ্ৰহণ কৰিছে । আপোনাৰ শৰীৰত কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি ? তাৰ মানে আপুনি ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলক আন কোনো ক’ভিড ভেকচিন দিছিল ?"